NEWS

Rajesh Rawani: এমাহত ইউটিউবৰ পৰা উৰ্পাজন ৫ লাখৰো অধিক, অথচ দিন-ৰাতি চলায় ট্ৰাক : কিন্তু কিয়?

এক মাহত ইউটিউবৰ পৰা উৰ্পাজন ৫ লাখৰো অধিক, অথচ দিন-ৰাতি চলায় ট্ৰাক। কিন্তু কিয়? ৰাজেশ ৰাৱানী, নেটিজেনৰ বাবে এটা চিনাকি নাম। খাদ্যৰসিকসকলৰ ফীডত প্ৰায়েই আহে ৰাজেশ ৰাৱানীৰ ভিডিঅ’। কেতিয়াবা যদি ট্ৰাকৰ বাহিৰত, আন কেতিয়াবা আকৌ ট্ৰাকৰ ভিতৰতেই খাদ্য বনায় ৰাৱানীয়ে। মাটন, চিকেন, মাছ, পনীৰৰ পৰা নানা শাক-পাচলি বনাই নেটিজেনক আকৃষ্ট কৰে। আজিৰ তাৰিখত ছ’চিয়েল মিডিয়াৰ যেন এক ছুপাৰষ্টাৰ ৰাজেশ ৰাৱানী। কিন্তু আজিপৰ্যন্ত সেই আগৰ দৰেই সহজ-সৰলভাৱে ট্ৰাক চলাই ৰাজেশ ৰাৱানীয়ে ভিডিঅ’ প্ৰস্তুত কৰি জীৱন-নিৰ্বাহ কৰি আছে। কিমান টকা ছ’চিয়েল মিডিয়াৰ পৰা লাভ কৰে ৰাৱানীয়ে? ২০২১ চনৰ ২২ এপ্ৰিল তাৰিখে ইউটিউবত আত্মপ্ৰকাশ কৰিছিল তেওঁ। প্ৰথমে কেইবাটাও ভিডিঅ’ত আশা কৰাধৰণে দৰ্শকৰ সমাদৰ পোৱা নাছিল। কিন্তু ক্ৰমশঃ ছ’চিয়েল মিডিয়াৰ ষ্টাৰলৈ ৰূপান্তৰিত হ’ল ৰাজেশ। আজিৰ তাৰিখত ৰাজেশ ৰাৱানীৰ ফেচবুকত প্ৰায় ২২ লাখ ফলৱাৰ্ছ আছে। শেহতীয়াকৈ দিয়া এটা পডকাষ্টৰ সাক্ষাৎকাৰ অনুসৰি ৰাজেশ ৰাৱানীয়ে মাহেকত ৫ লাখৰো অধিক টকা উৰ্পাজন কৰে। ইয়াৰ উপৰি ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰাও যথেষ্ট পৰিমাণৰ ধন আহৰণ কৰে। ভাৰ্চুৱেল পৃথিৱীলৈ অহাৰ পূৰ্বে জীৱন কেনে আছিল? ঝাৰখণ্ডৰ এটি দৰিদ্ৰ পৰিয়ালত জন্ম লাভ কৰিছিল তেওঁ। ৰাৱানীৰ পিতৃও এজন ট্ৰাকচালক আছিল। দুবেলা-দুসাঁজ খাবলৈও পৰিয়ালটোৱে চিন্তা কৰিবলগীয়া হৈছিল। মন থকা সত্ত্বেও শিক্ষাৰ ক্ষেত্ৰত বিশেষ আগবাঢ়িব নোৱাৰিলে তেওঁ। পিতৃৰ পদাংক অনুসৰণ কৰি পুত্ৰ ৰাৱানী ট্ৰাকৰ চালক হৈ পৰিল। পৰিয়ালৰ পৰা আঁতৰি নিজৰ আৰু আপোনজনৰ পেটৰ তাড়নাত দিন-ৰাতি একাকাৰ কৰি বস্তুভৰ্তি ট্ৰাকেৰে দেশৰ প্ৰতিটো প্ৰান্ত গাড়ীৰে ঘূৰি ফুৰিল। কিন্তু ছ’চিয়েল মিডিয়াই জীৱন সলনি কৰিলে। দৰিদ্ৰতাৰ লগত যুঁজি থকা পৰিয়ালটোলৈ যেন ছ’চিয়েল মিডিয়াই পোহৰ আনিলে। আজিৰ তাৰিখত এজন উচ্চপদস্থ বিষয়াৰ দৰেই ৰাৱানীৰ ঘৰ, গাড়ী সকলো আছে। তথাপি দিন-ৰাতি একাকাৰ কৰি ট্ৰাক চলায়? সহজ-সৰল মানুহজনে যেন শিপা পাহৰা নাই। শূন্যৰ পৰা আজিৰ অৱস্থালৈ উৰ্ধ্বগামী গ্ৰাফৰ পাছতো অনুৰূপ জীৱন-প্ৰণালী। ৰাৱানী হয়তো ঠিকেই বুজিছে দৰ্শকৰ সঁহাৰি। কষ্টৰে ট্ৰাকেৰে দেশ-বিদেশ ঘূৰি ভ্লগ বনোৱা মানুহজনক ভিউৱাৰ্ছে আদৰি লৈছিল। কিন্তু একেজন মানুহক অন্য ৰূপত দৰ্শকে আদৰি ল’ব নে নাই তাৰ কোনো নিশ্চয়তা নাই। অহংকাৰ বাবেই ইতিমধ্যে শূন্যৰ পৰা উৰ্ধ্বগামী হোৱা গ্ৰাফ পুনৰাই শূন্যলৈ বহু ছ’চিয়েল মিডিয়াষ্টাৰৰ আহিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.