NEWS

Bismoi: বিস্ময়ঃ কিছু নষ্টালজিয়া, কিছু অনুভৱ, পুনৰ কিতাপৰ বিপণিত উপলভ্য হ'ব আপোনাৰ প্ৰিয় 'বিস্ময়'

‘বিস্ময়’ৰ সৈতে এটা প্ৰজন্মৰ আবেগ জড়িত হৈ‌ আছে। এতিয়া ‌হাতত ম’বাইল নহ’লে ভাতকেইটা পেটলৈ নাযায় বহুতৰে, সেই সময়ত মাহেকীয়া ‘বিস্ময়’খন‌ পঢ়িবলে নাপালে প্ৰায় একেই অৱস্থা হৈছিল। অনুশাসন থকা ঘৰবোৰত ‘বিস্ময়’ নাছিল, কিন্তু বন্ধুৰ ঘৰৰ‌ পৰা‌ খুজি অনা ‘বিস্ময়’খন‌ পঢ়া কিতাপৰ মাজত ভৰাই লৈ একেটা বেলাতে পঢ়ি শেষ কৰি ঘূৰাই দি “অহা মাহৰখন দিবি কিন্তু” বুলি ‌অনুৰোধ বা দাবী কৰাৰ অভিজ্ঞতাও বহুতৰে আছে। সেইয়াই ‘বিস্ময়’। অকলশৰীয়া সময়ৰবোৰৰ সংগী ‘বিস্ময়’, উদাস সময়ৰ সংগী ‘বিস্ময়’, কল্পনাজগতত বিচৰণ কৰিবলৈ শিকোৱা ‘বিস্ময়’, এটা প্ৰজন্মৰ প্ৰেম ‘বিস্ময়’। সৰু চহৰ এখনৰ পৰা গুৱাহাটীলৈ আহি ‘বিস্ময়’ৰ কাৰ্যালয়ৰ সন্মুখত ‘বিস্ময়’ লিখা দেখি শিহৰিত হৈ উঠা‌ মনটো, লগতে আহিল ‘প্ৰিয় সখী’। ‘বিস্ময়’ পঢ়ি কি লাভ বুলি গালি পৰা‌‌ মাৰ হাতত ‘প্ৰিয় সখী’খন দেখি আনন্দিত হৈ উঠা আমিবোৰ। কি আছিল, কি নাছিল হিচাপ নিকাচ‌ কৰা সময়, আছিল কাৰ হাতত। লেখক-লেখিকাসকল আমাৰ বাবে আছিল তাৰকা, কিমান নতুন লেখক লেখিকা ৰ জন্ম দিছিল, তেওঁলোকৰ নাম বোৰ পঢ়ুৱৈৰ মুখে‌ মুখে‌ চৰ্চা। কি বিদ্যালয় ‌কি মহাবিদ্যালয়। অসমৰ চুকে‌ কোনে জনপ্ৰিয় হৈ পৰা লেখক লেখিকা, সাংবাদিক, অভিনেতা-অভিনেত্ৰীসকলক লগ পাবলৈ পঢ়ুৱৈসকলৰ এক সপোন হৈ পৰিছিল। সময়বোৰ বয়সৰ লগে লগে ব্যস্ত হৈ পৰিছিল। ‘বিস্ময়’, ‘প্ৰিয় সখী’ৰ কলেৱৰ ক্ৰমান্বয়ে সৰু হৈ গৈছিল। পঢ়ুৱৈৰ সংখ্যা কমি আহিছিল, আৰু এটা সময়ত বিভিন্ন কাৰণত প্ৰায় বন্ধ হৈ পৰিছিল। বজাৰত নতুন আলোচনী ওলাইছিল। পঢ়ুৱৈৰ অভাৱ হৈছিল বা পাঠকৰ ৰুচিবোধ সলনি হৈছিল বুলি কব পাৰি। এতিয়া আকৌ এবাৰ চৰ্চাত ‘বিস্ময়’। ‘বিস্ময়’ পঢ়ি ডাঙৰ হোৱা সকলেও ‌বিচাৰিছে‌ ভালকৈ প্ৰকাশ পাওক। মনোৰঞ্জনৰ সকলো সম্ভাৰ লৈ উন্নত ‌মানেৰে আকৌ কিতাপৰ বিপণিত জিলিকি উঠক বিস্ময়। আজিৰ‌ তাৰিখৰ ভাষাৰে কবলৈ হ’লে, সেই সময়ত TRP থকা‌ সকলো‌ স্তৰৰ সোৱাদ থকা এখন‌ আলোচনী আছিল ‘বিস্ময়’। সুখবৰ যে, এতিয়া পুনৰ আৰম্ভ হ’ব মাহেকীয়া আলোচনী ‘বিস্ময়’ আৰু ‘প্ৰিয় সখী’ৰ প্ৰকাশ। বিগত আঢ়ৈ বছৰ ধৰি বন্ধ হৈ আছিল আলোচনী দুখনৰ প্ৰকাশ। এই মাহৰ পৰা পুনৰ প্ৰতিমাহে প্ৰকাশ পাব আলোচনী দুখন। কিন্তু ‌এতিয়া পাঠক-সাহিত্যানুৰাগীৰ বাবে দুঃখৰ খবৰ যে ‘বিস্ময়’ৰ সম্পাদক শশী ফুকন বিগত এমাহ ধৰি শয্যাগত। ঘৰতে পৰি আঁঠুত দুখ পাইছিল শশী ফুকনে। অধিক ৰক্তক্ষৰণ হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ফুকনক। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক নিৰ্দেশ- তেওঁৰ চিকিৎসাৰ বাবে চৰকাৰে আগবঢ়াব আৰ্থিক সাহয্য। কিন্তু দায়িত্ব কেৱল চৰকাৰৰে নে? শুভাকাংক্ষী বা তেওঁৰ সমসাময়িক সাহিত্যিক-সাংবাদিকসকলেও যদি কিছু দায়িত্ব লয় নিশ্চয় খুব সোনকালেই ‌সুস্থ হৈ উভতি আহিব। এতিয়া ‌ তেওঁলোকৰ যুদ্ধখন শাৰীৰিক মানসিক আৰু আৰ্থিক। এইখন যুদ্ধ জয়ী হৈ আহিলে আকৌ হয়তো পাঠকে পঢ়িবলৈ পাব শশী ফুকনৰ সম্পাদকীয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.