NEWS

সলনি হ’ল বিশ্বজয়ী টীম ইণ্ডিয়াৰ জাৰ্ছী!

বিশ্বজয়ৰ পিছত বৃহস্পতিবাৰে পুৱা আপোন ভূমিত উপস্থিত হ’ল ভাৰতীয় ক্ৰিকেট দল। ভাৰতীয় সময় অনুসৰি বুধবাৰে দুপৰীয়া বাৰ্বাডোজৰ পৰা বিমানত উঠে টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰসকল। বৃহস্পতিবাৰে পুৱা তেওঁলোক স্বদেশত উপস্থিত হয়। বিমানবন্দৰৰ বাহিৰত টি-২০ বিশ্বকাপ ট্ৰফী আৰু ৰোহিত শৰ্মা বাহিনীক চাবলৈ ভিৰ কৰিছিল অনুৰাগীসকলে। ঢাক-ঢোল, ফুলৰ মালাৰে স্বাগতম জনোৱা হয় টীম ইণ্ডিয়াৰ তাৰকাসকলক। আজি গোটেই দিনটো মেগা চেলিব্ৰেচন। ২৯ জুনত ৰুদ্ধশ্বাস ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপ জিকিছিল টীম ইণ্ডিয়াই। তাৰ পিছত ঘূৰ্ণীবতাহ বেৰিলৰ বাবে প্ৰায় ৪ দিন বাৰ্বাডোজতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল দলটো। অৱশেষত বৃহস্পতিবাৰে পুৱা ভাৰতৰ মাটি স্পৰ্শ কৰিলে বিশ্ব চেম্পিয়ন দলটোৰ বিমান। দিল্লীত অৱতৰণৰ পূৰ্বৰে পৰা বিমানতে চেলিব্ৰেচন আৰম্ভ হয় ভাৰতীয় দলৰ। যি ভিডিঅ’ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। বিমানৰ ভিতৰতে বিশ্বকাপ ট্ৰফী লৈ ক্ৰিকেটাৰসকলৰ উচ্ছাস দেখা গৈছে সেই ভিডিঅ’ত। ৰোহিত শৰ্মা, বিৰাট কোহলী, জছপ্ৰীত বুমৰাহৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজ, শিৱম ডুবে কোনেৱে বাদ পৰা নাই চেলিব্ৰেচনৰ পৰা। তাৰ পিছতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱাৰ পূৰ্বে ৰোহিত বাহিনীৰ জাৰ্ছী সলনি হ’ল। সেই জাৰ্ছীত লিখা আচে - চেম্পিয়ন। কিন্তু যি জাৰ্ছী পিন্ধি ভাৰতীয় দলে বিশ্বকাপ খেলিছিল, তাৰ সৈতে ইয়াৰ বৰ বেছি পাৰ্থক্য নাই। প্ৰায় একেই দেখাত। সেই জাৰ্ছীৰ বাওঁফালে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ লগ’ৰ ওপৰত তৰাৰ সংখ্যা বৃদ্ধি পাইছে। দুটা তৰা দেখা গৈছে এতিয়া। ভাৰতে দুখন টি-২০ বিশ্বকাপ জিকিছে এইপৰ্যন্ত। তাৰে প্ৰতীক দুটা তৰা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.