দেওবাৰে উন্মোচন কৰা হ’ল সাংবাদিক দিগন্ত ওজা সম্পাদিত ‘অসমপ্রাণ হৰেন্দ্ৰনাথ বৰুৱা সম্পাদকীয় আৰু অন্যান্য’ৰ প্ৰথমটো খণ্ড। গুৱাহাটীৰ বৰবাৰীস্থিত অভিষেক বেডিং ল’নত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ড° হীৰেন গোহাঁয়ে। হৰেন্দ্ৰনাথ বৰুৱা স্মৃতি ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন সম্পাদনা কৰিছে লেখক তথা জ্যেষ্ঠ সাংবাদিক দিগন্ত ওজাই ৷ গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে হৰেন্দ্ৰনাথ বৰুৱাৰ সম্পাদকীয় আৰু অন্যান্য লেখাৰ সংকলন। ৯০ বছৰৰো পূৰ্বে বাতৰি কাকতৰ সম্পাদনাৰ দায়িত্ব লৈ মাজত কিছুবছৰ এৰাধৰাভাৱে ১৯৭৬ চনলৈকে সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা হৰেন্দ্ৰনাথ বৰুৱাই ১৯৮৭ চনত মৃত্যুৰ আগলৈকে অসমৰ প্ৰতিটো সমস্যা সন্দৰ্ভত তীক্ষ্ণধী পর্যালোচনাৰে পথ-প্ৰদৰ্শকৰ ভূমিকা লৈছিল। গ্রুপিঙৰ কবলৰ পৰা অসমক ৰক্ষা কৰাত অগ্রণী ভূমিকা লোৱা এইগৰাকী ‘অসমপ্ৰাণ’ ব্যক্তিয়ে তাহানিতেই অনুপ্রৱেশৰ সমস্যা, জনজাতীয় সমস্যা, অসমৰ আৰ্থিক পৰিস্থিতি আদিক লৈ ভৱিষ্যবক্তাৰ দৰে মত প্ৰকাশ কৰিছিল। পোন প্ৰথমবাৰলৈ এইগৰাকী মহাপ্রাণৰ সমগ্ৰ ৰচনাৰ পৰা নিৰ্বাচন কৰি প্ৰকাশৰ বাবে সাজু কৰা হৈছে ‘অসমপ্রাণ হৰেন্দ্ৰনাথ বৰুৱা : সম্পাদকীয় আৰু অন্যান্য’ৰ প্ৰথমটো খণ্ড। মহানগৰীৰ বৰবাৰীস্থিত অভিষেক ৱেডিং লঞ্জত আয়োজিত গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানত ইতিহাসবিদ ড° ৰাজেন শইকীয়া, ড° লক্ষ্মীনাথ তামুলীৰ লগতে হৰেন্দ্ৰনাথ বৰুৱা স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক হৃষীকেশ গোস্বামী উপস্থিত থাকে৷ গ্ৰন্থখন উন্মোচন কৰি ড° গোহাঁয়ে হৰেন্দ্ৰনাথ বৰুৱাৰ ব্যক্তিত্ব আৰু অৱদান তথা ঐতিহাসিক প্ৰেক্ষাপটত সাংবাদিক হিচাপে বৰুৱাই লোৱা ভূমিকা সম্পৰ্কে বিস্তৃত আলোকপাত কৰে৷ উন্মোচনী অনুষ্ঠানটোত অসমৰ সাহিত্য আৰু সাংবাদিকতা ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.