NEWS

Kati Bihu: কাতি বিহুত আকাশ বন্তি জ্বলালে কি হয়? কাতি বিহু আৰু লোকবিশ্বাস

‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে।’’ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহু অসমৰ জাতীয় উৎসৱ। কাতি বিহু অসমীয়া মানুহৰ এক প্ৰাণৰ উৎসৱ। কাতি বিহুৰ সৈতে আমাৰ জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতি জঢ়িত হৈ থকাৰ লগতে কাতি বিহুত বিভিন্ন সম্পৰ্কীয় বিশ্বাস। ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে। বৃহস্পতিবাৰে ৰাজ্যজুৰি উদযাপন কৰা হ’ব কাতি বিহু। কাতি বিহু প্ৰধানকৈ কৃষিভিত্তিক লোক উৎসৱ। কাতি বিহুৰ দিনা সন্ধিয়া ধাননি পথাৰত খেতিয়ক সকলে পৰম্পৰাগত ভাবে ওখকৈ বাঁহৰ জোং পুতি ঔটেঙাৰ চকলাত চাকি জ্বলাই লগতে বহুতেই আকাশবন্তিও জ্বলাই। লোকবিশ্বাস অনুসৰি আকাশবন্তিৰ পোহৰত ঘৰখনৰ পূৰ্বপুৰুষৰ সকলৰ আত্মা সৰগলৈ যাত্ৰা কৰে আৰু সুখ শান্তিত আত্মাই দিন কটাই বুলি বিশ্বাস কৰা হয়। ইয়াৰ আন এটা বিজ্ঞানসন্মত কাৰণ হ’ল যে, এই সময়খিনিত খেতি পথাৰত বিভিন্ন পোক-পতংগ হয়। এই পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ আকাশবন্তি জ্বলোৱা হয়। যাতে আকাশবন্তিৰ পোহৰ দেখি পোকবোৰ ওপৰলৈ যায়। কাতি বিহুৰ দিনা পথাৰত বন্তি জ্বলোৱাৰ লগতে সকলো মানুহৰ ঘৰতে তুলসী গছ ৰুই তাৰ তলত চাকি বন্তি জ্বলাই। অসমীয়া মানুহে কাতি বিহু ভোগ আৰু আনন্দৰ পৰিৱৰ্তে সীমিত পৰিমাণত অনুষ্টুপীয়াকৈ পালন কৰি অহা দেখিবলৈ পোৱা যায়। জেঠ আহাৰ শাওন মাহ খেতিৰ বতৰ, মূৰৰ ঘাম মাটিত পেলাই হাৰভঙা পৰিশ্ৰমেৰে খেতিয়ক সকলে পথাৰত ভূঁই ৰুই অন্ত কৰে। তাৰ পাছত সকলো কৃষকৰে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা এদিন সোণ গুটিৰে ভঁৰাল ভৰিব। এনেদৰে আশাৰে বাট চাই থাকে খেতিয়ক সকলে। সেই বাবেই এইখিনি সময়ত খেতিয়ক সকলৰ ভঁৰাল উদং হৈ থাকে আৰু বিভিন্ন অভাৱ অনাতনৰ মাজত কৃষক সকল চলি থাকে। সেয়ে কাতি বিহু সাধাৰণ ভাবে পালন কৰা হয়। কাতি বিহু উপলক্ষে অসমীয়া প্ৰতিঘৰ মানুহৰ ঘৰ দুৱাৰ আলি পদূলি পৰিষ্কাৰ পৰিচ্ছন্ন কৰে আৰু ঘৰৰ চৌপাশ চাফ চিকুনাই সুন্দৰ কৰি ৰাখে। কাতি বিহুৰ দিনা সন্ধিয়া তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ঢেঁকীশাল, গোহালি, হাঁহ ছাগলীৰ গৰালৰ সন্মুখত মাটিৰ নাইবা ঔটেঙাৰ বাকলিত চাকি জ্বলোৱা হয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.