NEWS

আজি নিৰ্ণয় হ’ব অসমৰ ভাগ্য, ১৯৫১ হ’ব নে ১৯৭১ হ’ব ভিত্তিবৰ্ষ? ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ে দিব ৰায়

১৯৭১ নে ১৯৫১? উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক পীঠে আজি প্ৰদান কৰিব বৃহৎ ৰায়। নাগৰিকত্ব আইনৰ দফা ৬(ক)ৰ বৈধতা সন্দৰ্ভত চূড়ান্ত ৰায় দিব উচ্চতম ন্যায়ালয়ে। দেশৰ মুখ্য ন্যায়াধীশ ডি ওয়াই চন্দ্ৰছূড়ৰ নেতৃত্ব গঠিত এই ৫ জনীয়াপীঠ। বিচাৰপীঠত আছে ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, জে বি পাৰ্ডিৱালা আৰু মনোজ মিশ্ৰা। নাগৰিকত্ব আইনৰ দফা ৬(ক) সন্দৰ্ভত প্ৰধান গোচৰীয় পক্ষ হৈছে অসম সন্মিলিত মহাসংঘ। জবাবদিহি পক্ষ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, বিদেশ মন্ত্ৰণালয়, নিৰ্বাচন আয়োগ, ভাৰতৰ মহাপঞ্জীয়ক। উল্লেখ্য যে এই গোচৰৰ শুনানিকালত আছুকো কৰা হৈছিল জবাবদিহি পক্ষ। হস্তক্ষেপ আৱেদনকাৰী আছিল আমছু, জমিয়ত, শৰণাৰ্থী সুৰক্ষা সমিতি ইত্যাদিও। অসম সন্মিলিত মহাসংঘই ১৯৭১ৰ ভিত্তিবৰ্ষক অসাংবিধানিক আখ্যা দি প্ৰত্যাহাৰ কৰাটো বিচাৰে। অসম চুক্তিৰ আধাৰত অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হৈছিল ১৯৭১ চনৰ ২৪ মাৰ্চ। ভিত্তিবৰ্ষক বৈধতা প্ৰদান কৰিবলৈ নাগৰিকত্ব আইনত সংযোজন হৈছিল দফা ৬(ক)। উল্লেখ্য যে নাগৰিকত্ব আইনৰ দফা ৬(ক) কেৱলত অসমত প্ৰযোজ্য হয়। ভাৰতৰ আন প্ৰান্তত বিদেশীৰ ভিত্তিবৰ্ষ ১৯ জুলাই ১৯৪৮ চন। ১৯৫১ চনত স্বাধীন ভাৰতৰ প্ৰথমটো লোকপিয়ল অনুষ্ঠিত হোৱাৰ কাৰণে তথ্যৰ খাতিৰত এই চনটোক ভিত্তিবৰ্ষ বুলি গণ্য কৰা হয়। ১৯৭১ চন কিয় ভিত্তিবৰ্ষ ? অসম চুক্তি অনুসৰি অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১চনৰ ২৫ মাৰ্চ। ভিত্তিবৰ্ষক বৈধতা প্ৰদান কৰিবলৈ নাগৰিকত্ব আইনত সংযোজন কৰা হৈছে দফা ৬(ক)। ১৯৭১ চনৰ ২৫ মাৰ্চত পাকিস্তানৰ ৰাষ্ট্ৰপতি য়াহায়া খানে পূব পাকিস্তানত নিৰ্দেশ দিছিল সামৰিক অভিযানৰ আৰু Operation Searchlight নামৰ এই অভিযানৰ যোগেদি পূব পাকিস্তানৰ লোকৰ ওপৰত চলোৱা হৈছিল অকথ্য নিৰ্যাতন। পূব পাকিস্তানৰ স্বাধীনতা সংগ্ৰামক মষিমূৰ কৰিবলৈ চলিছিল অভিযান। সেনাৰ নিৰ্যাতন ফলত অসমলৈ পূব পাকিস্তানৰ পৰা সোঁত বৈছিল লোকৰ। সেইসকলক অসমৰ পৰা বাহিৰ কৰাৰ উদ্দেশ্যে আছুয়ে মানি লৈছিল ১৯৭১ চন। অসম চুক্তি অনুসৰি ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চ লৈকে অসমত অনুপ্ৰৱেশ কৰা পূব পাকিস্তানীক চৰ্তসাপেক্ষে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছে। নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ৰায় পূৰ্বে প্ৰাসংগিক হৈছে কেইবাটাও প্ৰশ্ন। ১) ১৯৭১ চন প্ৰত্যাহাৰ হ’লে পেলনীয়া কাগজ হ’ব নেকি অসম চুক্তি? ২) ১৯৫১ চন ভিত্তিবৰ্ষ হ’লে প্ৰয়োজন নহ’ব নেকি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ?৩) ১৯৫১চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হলে খিলঞ্জীয়া হৈ যাব নেকি সাংবিধানিক ভাৱে সুৰক্ষিত? ৪) ১৯৭১চন প্ৰত্যাহাৰ হ’লে NRCখন পেলনীয়া কাগজলৈ ৰূপান্তৰ হ’ব নেকি? ৫) ১৯৭১ প্ৰত্যাহাৰ হ’লে কা নিষ্প্ৰভ হৈ পৰিব নেকি? ৬) উচ্চতম ন্যায়ালয়ত নিৰ্ধাৰিত ভিত্তিবৰ্ষ ‘কা’ ওপৰত প্ৰযোজ্য হ’ব নে? ৭) ১৯৭১ চনক বাহাল ৰখাৰ কি যুক্তি থাকিব পাৰে? ৮) আছুয়ে কিয় বিচাৰিছিল ১৯৭১ লৈকে অবৈধ বিদেশীক নাগৰিক কৰিবলৈ? ৯) অসম চৰকাৰে কিয় উচ্চতম ন্যায়ালয়ত ১৯৭১ৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল? উচ্চতম ন্যায়ালয়ত এই গোচৰৰ দিনলিপি- ২০১২চনৰ নৱেম্বৰত অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰাম, আছামৰ উচ্চতম ন্যায়ালয়ত গোচৰ। অসমতো বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১চনৰ ২৫মাৰ্চৰ পৰিৱৰ্তে ১৯৫১চন বিচাৰি আৱেদন। অসম চুক্তি অনুসৰি অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১চনৰ ২৫মাৰ্চ কৰা হৈছিল। অসম চুক্তিক আইনী বৈধতা প্ৰদানৰ বাবে নাগৰিকত্ব আইন, ১৯৫৫ত ৬ক নং দফা সংযোজিত কৰা হয়। নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬ক নং দফা প্ৰত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰে অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰাম, আছামে। বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১চনৰ ২৫মাৰ্চৰ পৰিৱৰ্তে ১৯৫১চন হিচাপে লৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ আৰ্জি জনায় আৱেদনকাৰী অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰাম, আছামে। অসম পাব্লিক ৱৰ্কছৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি ২০১৩চনত তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিণ্টন ফলি নাৰিমনৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তথা NRC উন্নীতকৰণৰ নিৰ্দেশ জাৰি কৰে। তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিণ্টন ফলি নাৰিমনৰ বিচাৰপীঠে অসম পাব্লিক ৱৰ্কছৰ আৱেদনৰ সৈতে অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰাম, আছামৰ আৱেদনখনো সামৰি লৈছিল। অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰাম, আছামৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিণ্টন ফলি নাৰিমনৰ খণ্ড বিচাৰপীঠে ১৩টা প্ৰশ্ন উত্থাপন কৰি আৱেদনখন শুনানিৰ বাবে পাঁচজনীয়া সংবিধানপীঠলৈ প্ৰেৰণ কৰে। ১৯৭১চনৰ ২৫মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ ২০১৯চনৰ ৩১আগষ্টত NRCৰ চূড়ান্ত তালিকা প্ৰকাশ পায়। ২০২২চনৰ ২৪আগষ্টত উচ্চতম ন্যায়ালয়ৰ সংবিধানপীঠে ঘোষণা কৰে যে সমজাতীয় ২৫খন আৱেদনৰ শুনানি একেলগে গ্ৰহণ কৰা হ’ব। শেহতীয়াকৈ একেৰাহে ৪দিন ধৰি শুনানি গ্ৰহণ কৰাৰ পিছত ২০২৩চনৰ ১২ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ সংবিধানপীঠে গোচৰৰ ৰায়দান স্থগিত ৰাখিছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.