NEWS

১৯৫১ নে ১৯৭১? কাইলৈ ভাগ্য নিৰ্ণয় হ’ব অসমৰ! অসম সন্মিলিত মহাসংঘৰ গোচৰৰ ৰায় দিব উচ্চতম ন্যায়ালয়ে

কাইলৈ ভাগ্য নিৰ্ণয় হ’ব অসমৰ। ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে কৰিব গুৰুত্বপূৰ্ণ ৰায়দান। নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰা সন্দৰ্ভত প্ৰদান কৰিব ৰায়দান। নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনক লৈ দিব ৰায়। 6A ধাৰাক প্ৰত্যাহ্বান জনাই অসম সন্মিলিত মহাসংঘই তৰিছিল গোচৰ। মহাসংঘৰ গোচৰৰ ৰায়দান প্ৰদান কৰিব মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব ৰায়দান। অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ হ’ব সেই সন্দৰ্ভত দিব ৰায়। অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰিছিল আবেদন। ২০২৩ চনৰ ১২ ডিচেম্বৰত ৫ জনীয়া বিচাৰপীঠে সংৰক্ষিত কৰি ৰাখিছিল ৰায়দান। আৰু বৃহস্পতিবাৰে ভিত্তিবৰ্ষৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান দিব উচ্চতম ন্যায়ালয়ে। আৰু পঢ়ক: কোন জিলাত কোনখন পূজা মণ্ডপে লাভ কৰিলে শ্ৰেষ্ঠত্বৰ সন্মান? চাওক শ্ৰেষ্ঠ পূজা মণ্ডপ প্ৰতিযোগিতাৰ ফলাফল উল্লেখ্য যে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে নিৰ্ধাৰিত ১৯৭১ চনৰ ২৪ মাৰ্চ তাৰিখৰ ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনাই দাখিল কৰা হৈছিল এই গোচৰ। ৰায়দান প্ৰদান কৰিব মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে আনহাতে বিচাৰপীঠত থাকিব ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, জে বি পাৰ্ডিৱালা আৰু মনোজ মিশ্ৰা। অসমৰ বাতৰি / খবৰ / অসম / ১৯৫১ নে ১৯৭১? কাইলৈ ভাগ্য নিৰ্ণয় হ’ব অসমৰ! অসম সন্মিলিত মহাসংঘৰ গোচৰৰ ৰায় দিব উচ্চতম ন্যায়ালয়ে ১৯৫১ নে ১৯৭১? কাইলৈ ভাগ্য নিৰ্ণয় হ’ব অসমৰ! অসম সন্মিলিত মহাসংঘৰ গোচৰৰ ৰায় দিব উচ্চতম ন্যায়ালয়ে ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে কৰিব গুৰুত্বপূৰ্ণ ৰায়দান। নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰা সন্দৰ্ভত প্ৰদান কৰিব ৰায়। 6A ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনক লৈ দিব ৰায়দায়। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : October 16, 2024, 11:07 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি কাইলৈ ভাগ্য নিৰ্ণয় হ’ব অসমৰ। ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে কৰিব গুৰুত্বপূৰ্ণ ৰায়দান। নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰা সন্দৰ্ভত প্ৰদান কৰিব ৰায়দান। নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনক লৈ দিব ৰায়। 6A ধাৰাক প্ৰত্যাহ্বান জনাই অসম সন্মিলিত মহাসংঘই তৰিছিল গোচৰ। মহাসংঘৰ গোচৰৰ ৰায়দান প্ৰদান কৰিব মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে। বিজ্ঞাপন বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব ৰায়দান। অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ হ’ব সেই সন্দৰ্ভত দিব ৰায়। অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰিছিল আবেদন। ২০২৩ চনৰ ১২ ডিচেম্বৰত ৫ জনীয়া বিচাৰপীঠে সংৰক্ষিত কৰি ৰাখিছিল ৰায়দান। আৰু বৃহস্পতিবাৰে ভিত্তিবৰ্ষৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান দিব উচ্চতম ন্যায়ালয়ে। আৰু পঢ়ক: কোন জিলাত কোনখন পূজা মণ্ডপে লাভ কৰিলে শ্ৰেষ্ঠত্বৰ সন্মান? চাওক শ্ৰেষ্ঠ পূজা মণ্ডপ প্ৰতিযোগিতাৰ ফলাফল বিজ্ঞাপন উল্লেখ্য যে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে নিৰ্ধাৰিত ১৯৭১ চনৰ ২৪ মাৰ্চ তাৰিখৰ ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনাই দাখিল কৰা হৈছিল এই গোচৰ। ৰায়দান প্ৰদান কৰিব মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে আনহাতে বিচাৰপীঠত থাকিব ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, জে বি পাৰ্ডিৱালা আৰু মনোজ মিশ্ৰা। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Supreme Court of India First Published : October 16, 2024, 9:44 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.