NEWS

Lakshmi Puja: আহোম যুগৰ ঐতিহাসিক পিয়লি ফুকন দৌলত পালন কৰা হৈছে লক্ষ্মী পূজা, এইবাৰ লক্ষ্মীপূজাত প্ৰদৰ্শন হ’ব ‘বিদূৰভাই’

ঐতিহাসিক পিয়লি ফুকন দৌলত লক্ষ্মী পূজা পালন আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰ গেলেকীৰ ঐতিহাসিক শ-শ বছৰ পুৰণি পিয়লি ফুকন দৌ’লৰ প্ৰাংগনত আজি পিয়লি ফুকন দ’ল উন্নয়ন কমিটী আৰু স্থানীয় ৰাইজৰ উদ্যোগত উদযাপন কৰা হৈছে লক্ষ্মী পূজা। পুৱাৰে পৰা এই ঐতিহাসিক পিয়লি ফুকন দৌলৰ প্ৰাংগনত অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ লক্ষ্মী দেৱীক আৰাধনাৰ বাবে যাৱতীয় প্ৰস্তুতি চলাই থকাৰ লগতে কাষতে অতি ইতিহাস প্ৰসিদ্ধ বিষ্ণু দৌলটিত পূজা-অৰ্চনা কৰা দেখিবলৈ পোৱা যায়। আজি ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা হিচাপে আজি দিনটোৰ মহত্ব অতি গুৰুত্বপূৰ্ণ। কেৱল অসমতে নহয় পশ্চিমবংগ, ওড়িশাতো এই পূজা অতি ধূমধামেৰে পালন কৰা হৈছে। আজি লক্ষ্মী পূজা। এই শুভ দিনটো ‘ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী’ লক্ষ্মীৰ পূজাৰ বাবে উৎসৰ্গিত কৰা হয়। আজিৰ দিনটোত ভক্তসকলে দেৱী লক্ষ্মীৰ ব্ৰত পালন কৰি উপবাসে থাকে আৰু নিশাটো দেৱী লক্ষ্মীৰ আৰাধনা কৰে। লোকবিশ্বাস মতে, লক্ষ্মীপূজাৰ দিনা দেৱী লক্ষ্মীয়ে তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি আশীৰ্বাদ প্ৰদান কৰে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু প্ৰদীপেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিঠাইৰ লগতে ভোগ ৰান্ধে। ধৰ্মীয় বিশ্বাস অনুসৰি, আজি নিশাটো দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয়। সেয়ে ভক্তসকলে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা অতি আনন্দেৰে কৰা দেখা যায়। ইতিহাসপ্ৰসিদ্ধ শিৱসাগৰ জিলাখনত বিভিন্ন ঠাইত আহোম যুগৰ কীৰ্তিচিহ্ন সমূহ বৰ্তমান সময়তো অক্ষত অৱস্থাত আছে তাৰ মাজতে গেলেকীত থকা পিয়লি ফুকন দৌ’ল অন্যতম। ইয়াত থকা বিষ্ণু দৌলটোৱে আহোমৰ শশ বছৰ পুৰণি ইতিহাসৰ সাক্ষী হৈ আজিও অক্ষত অৱস্থাত আছে। প্ৰতিদিনেই ইয়াত স্থানীয় ৰাইজে পূজা-অৰ্চনা কৰে যদিও আজি লক্ষ্মী পূজা হিচাপে এই বিষ্ণু দৌলটোক সুন্দৰকৈ সজায় পৰাই চাকি-বন্তি জ্বলাই ভগৱানক আৰাধনা কৰা পৰিলক্ষিত হয়। বিগত ৮টা বছৰ ধৰি এই পিয়লি ফুকন দৌলত পিয়লি ফুকন দৌল উন্নয়ন কমিটি আৰু স্থানীয় ৰাইজে লক্ষ্মী পূজা পালন কৰি আহিছে। লগতে এইবাৰ লক্ষ্মীপূজাত প্ৰদৰ্শন হ’ব ‘বিদূৰভাই’। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.