NEWS

Kati Bihu: আজি কাতি বিহু, ব্যস্ত প্ৰতিজন চহা অসমীয়া, ঘৰে-ঘৰে তুলসীৰ তলত জ্বলিব চাকি, চৌদিশ উজলিব আকাশ বন্তিৰ পোহৰৰে, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন অসমীয়াৰ

“শৰতৰ সন্ধিয়া আজি অতি বিতোপন কৰ যোৰে সেৱা জনাওঁ তুলসী তলত” আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ। তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰাৰ লগতে কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিব। আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা শস্যশ্যামলা হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰে চহা কৃষকে। কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ-দুৱাৰ, আলি-পদূলি আদি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰে। লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ–দুৱাৰ, চোতাল-পদূলি পৰিস্কাৰ হৈ থাকিলেহে লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে। আৰু পঢ়ক: কাতি বিহুৰ দিনাই ধন লাভ কৰিব এই ৪ ৰাশিৰ জাতক-জাতিকাই! বৃদ্ধি হ’ব পাৰে দৰমহা! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ১৭ অক্টোবৰৰ ৰাশিফল চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰুই তাৰ গুৰিত চাকি জ্বলোৱাৰ উপৰি মাহ–প্ৰসাদ আগবঢ়ায়। তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ–ছাগলীৰ গঁৰালৰ সন্মুখতো মাটিৰ চাকি জ্বলোৱা হয়। গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি ঔটেঙাৰ বাকলিও ব্যৱহাৰ কৰে। কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী আমাৰ আপোনা, কঙালী আমাৰ বাপতিসাহোন। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.