NEWS

Lakshmi Puja Today : আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা, বিশেষ দিনটোত কি ক’লে তেজপুৰৰ পুৰোহিত প্ৰীতম দেৱ শৰ্মাই?

ধনৰ দেৱী লক্ষ্মীক আৰাধনা কৰিবলৈ হিন্দু সমাজত লক্ষ্মী পূজাৰ আয়োজন কৰে । ধনৰ অধিষ্ঠাত্ৰী দেৱী দেৱী লক্ষ্মীক আৰাধনা কৰিবলৈ হিন্দু সমাজত লক্ষ্মী পূজাৰ আয়োজন কৰা হয়। ভাৰতৰ পূব প্ৰান্তত শাৰদীয় পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত মা লক্ষ্মীক পূজা কৰা হয়। তেজপুৰৰ বিশিষ্ট পুৰোহিত প্ৰীতম দেৱ শৰ্মাৰ মতে লক্ষ্মী পূজাৰ দিনটোত মা লক্ষ্মী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি ধন, সম্পত্তি, জ্ঞান, উন্নতি, সৌভাগ্য আদি প্ৰাপ্তিৰ বাবে আশীৰ্বাদ দিয়ে। হিন্দু ধৰ্মৰ গ্ৰন্থত বৰ্ণনা কৰা অনুসৰি, সমুদ্ৰ মন্থনত মা লক্ষ্মীৰ আবিৰ্ভাৱ হৈছিল। দেৱীৰ দক্ষিণে পাশ আৰু জপ মালা, বাঁওফালে অঙ্কুশ আৰু পদ্ম। অলংকাৰৰে ভূষিতা মা লক্ষ্মী পদ্মাসনত উপৱিষ্টা। এই লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মীক আদৰিবলৈ সকলোৱে নিজৰ ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি আলোকিত কৰি ৰাখে। এই পূজাত লক্ষ্মী চৰিত আৰু পাঁচালী পাঠ কৰাটো খুবেই আৱশ্যকীয়। ভাৰতৰ বিভিন্ন ঠাইত মা লক্ষ্মীক বিভিন্ন ধৰণে পূজা-অৰ্চনা কৰা হয়। কিছুমান ঠাইত মূৰ্তি প্ৰতিষ্ঠা কৰি মাক পূজা কৰা হয়।আনহাতে ঘৰত শৰাই দি অথবা থাপনা পাতি মাৰ উপাসনা কৰা হয়। যি ঘৰত পৰিষ্কাৰ অথবা পৰিচন্নতা থাকে, সেই ঘৰত লক্ষ্মী বাস কৰে বুলি কোৱা হয়। মান্যতা অনুসৰি মা লক্ষ্মী বোকাৰ পদুমৰ ওপৰত বহে বুলি এক জনশ্ৰুতি আছে। এয়া শক্তি আৰু আধ্যাত্মিক পৱিত্ৰতাৰ প্ৰতীক। আজিৰ এই দিনটোত দান-দক্ষিণা কৰিলে মা লক্ষ্মী প্ৰসন্ন হৈ সকলোকে আশীৰ্বাদ কৰিব। গতিকে আহক, আজি আমি সকলোৱে মিলি একেলগে দেৱী লক্ষ্মীক আৰাধনা কৰোঁ। আজি আমি মা লক্ষ্মীক প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ জীৱনৰ পৰা অভাৱ, শোক, অশান্তি-অমংগল আঁতৰি সকলোৰে জীৱন ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে ভৰি পৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.