NEWS

Sivasagar Encounter : কেনেকৈ গুলীবিদ্ধ হ’ল ৰাহুল হাজৰিকা? তদন্তৰ মাজতে পলোৱাৰ চেষ্টা কৰোতে গুলী চলোৱাৰ দাবী আৰক্ষীৰ, বিপৰীতে সোণাৰিৰ এখন হাবিত ধৰি বান্ধি আৰক্ষীয়ে গুলী চলোৱাৰ অভিযোগ ৰাহুলৰ

শোৱাপাটীৰ পৰা তুলি নিয়া ৰাহুল হাজৰিকাৰ এনকাউণ্টাৰ। নাজিৰাৰ বকতা নেমুগুৰি থানালৈ নিয়াৰ বাটত পলোৱাৰ চেষ্টা কৰোতে প্ৰাক্তন আলফা ৰাহুল হাজৰিকাক গুলীওৱাৰ দাবী শিৱসাগৰ আৰক্ষীৰ। কিন্তু এই দাবী অস্বীকাৰ কৰি গুলীবিদ্ধ ৰাহুল হাজৰিকাই আৰক্ষীৰ বিৰুদ্ধে আনিলে ভয়ংকৰ অভিযোগ। মৰাণৰ খটখটিৰ ঘৰৰ পৰা নিশা আঢ়ৈ বজাত তুলি নিয়া আৰক্ষীয়ে এডোখৰ হাবিৰ মাজত পলোৱাৰ নিৰ্দেশ দিয়াৰ অভিযোগ ৰাহুলৰ। সেই নিৰ্দেশ নমনাত আৰক্ষীয়ে ধৰি বান্ধি গুলীয়াই ঘূণীয়া কৰাৰ অভিযোগ ৰাহুল হাজৰিকাৰ। আনকি গুলীবিদ্ধ হোৱাৰ খবৰ পৰিয়ালৰ লোকক নিদি গোপনে চিকিৎসায়লত ভৰ্তি কৰাৰ অভিযোগ ৰাহুল হাজৰিকাৰ। ৰাহুল হাজৰিকা কোন? একালত আলফা স্বাধীনৰ সৈতে জড়িত আছিল মৰাণৰ খটখটীৰ ৰাহুল হাজৰিকা। দুবছৰ আলফা স্বাধীনত থকাৰ পাছত আত্মসমৰ্ফন কৰিছিল ৰাহুলে। আত্মসমৰ্পণৰ পাছত চৰকাৰে দিয়া ধনেৰে সাধাৰণ ব্যৱসায় বাণিজ্য কৰি পত্নী আৰু দুবছৰীয়া সন্তানক পোহপাল দিছিল ৰাহুল হাজৰিকাই। প্ৰায় ৪ বছৰ পূৰ্বে আত্মসমৰ্পণ কৰা ৰাহুল হাজৰিকা বুধবাৰে পুৱতি নিশা এনকাউণ্টাৰৰ বলি হ’ল শিৱসাগৰ আৰক্ষীৰ হাতত। আলফা স্বাধীনত থাকোতে কোনো হানি বিঘিনি নোহোৱা ৰাহুলক আত্মসমৰ্পণ কৰাৰ পাছত আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাত ক্ষোভ উজাৰিলে মাতৃয়ে। গুলীয়াই আহত কৰা ৰাহুলক বাটৰ কাষৰ নলাই পেলাই থোৱাৰো অভিযোগ পিতৃৰ। ক’ত, কেনেকৈ গুলীবিদ্ধ হ’ল ৰাহুল হাজৰিকা? বুধবাৰে পুৱতি নিশা আঢ়ৈ বজাত মৰাণৰ খটখটিৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাহুলক। গ্ৰেপ্তাৰৰ পাছত ONGCৰ বিষয়াক অপহৰণৰ গোচৰ ৰুজু হোৱা বকতা নেমুগুৰি থানালৈ নি থকাৰ বাটত পলোৱাৰ চেষ্টা কৰোতে ৰাহুলক গুলী চলোৱাৰহ দাবী শিৱসাগৰ আৰক্ষী অধীক্ষকৰ। বিপৰীতে সোণাৰিৰ এখন হাবিত শিৱসাগৰ আৰক্ষীয়ে ধৰি বান্ধি গুলী চলোৱাৰ অভিযোগ আনিলে খোদ ৰাহুল হাজৰিকাই। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকোতে ৰাহুল হাজৰিকাই শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে আনিলে চাঞ্চল্যকৰ অভিযোগ। সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হৈছে সোঁভৰিত গুলী লগা ৰাহুল হাজৰিকাৰ অস্ত্ৰোপচাৰ। বিপৰীতে মৰাণৰ খটখটিৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা ৰাহুল হাজৰিকা গুলীবিদ্ধ হোৱা ঘটনাক লৈ সম্পূৰ্ণ পৃথক এটা গোচৰ ৰুজু কৰাৰ ঘোষণা কৰিছে শিৱসাগৰৰ আৰক্ষী অধীক্ষকে। নাজিৰাৰ বকতা নেমুগুৰিত থকা ONGCৰ ৰিগৰ পৰা কেইবাগৰাকীও বিষয়াক অপহৰণৰ বৃথা চেষ্টাৰ সৈতে তাহিৰুল হুছেইন আৰু ঈৰশ্বাদ লতিফৰ লগতে ৰাহুল হাজৰিকা জড়িত থকাৰো দাবী কৰিছে শিৱসাগৰ আৰক্ষীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.