NEWS

Jayanta Malla Baruah : ‘বহি:ৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া হেণ্ডেল’, সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিস্ফোৰক অভিযোগ

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি কয় যে এয়া অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি। সামজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে তথ্যসহকাৰে কিদৰে কংগ্ৰেছে বিদেশী হস্তক্ষেপেৰে ভাৰতীয় নিৰ্বাচনৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে সেই বিষয়ে উল্লেখ কৰি কয় যে এতিয়া সকলো পৰিষ্কাৰকৈ ওলাই পৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে অসম প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ ওপৰত বিদেশী গোষ্ঠীৰ প্ৰভাৱ থকাটো কোনো আচৰিত কথা নহয়, য’ত অনুৰাগীসকলৰ ভিতৰত বাংলাদেশীসকল অন্যতম। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সামাজিক মাধ্যমৰ পেজসমূহ আমেৰিকা আৰু ন’ৰৱেৰ সংস্থাসমূহৰ দ্বাৰা পৰিচালিত হয় বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছে। তেওঁ কয়, ‘আজি যিসকলে ভাৰতীয় সংবিধান ৰক্ষা কৰাৰ শপত লৈছে, তেওঁলোকেই নিজৰ ডিজিটেল মাধ্যম বিদেশী এজেণ্টৰ হাতত দিয়া কথাটো খুবেই উদ্বেগজনক।’ কংগ্ৰেছৰ এই কাৰ্য অসম আৰু দেশৰ বাবে এক বৃহৎ ভাবুকি বুলি মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যিসকল ব্যক্তিয়ে ভাৰতীয় সংবিধানৰ শপত লৈ সাংসদ হৈছে বা বিভিন্ন চৰকাৰী পদবীত আছে তেওঁলোকে ভাৰতীয় ভোটাৰক প্ৰভাৱিত কৰিবৰ বাবে বহিঃৰাষ্ট্ৰৰ শক্তি ব্যৱহাৰ কৰিছে। এয়া অত্যন্ত এক চিন্তনীয় বিষয়। প্ৰাপ্ত তথ্য মতে, সাংসদ গৌৰৱ গগৈৰ ফেন ক্লাবৰ বেছিভাগ সদস্যই বাংলাদেশৰ মিঞা৷ মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা স্ক্ৰীণশ্বটত এই কথা নিশ্চিত হৈছে৷ সেই অনুসৰি গৌৰৱ গগৈৰ ফেন ক্লাবটো আটাইতকৈ বেছি বাংলাদেশৰ পৰা নিয়ন্ত্ৰণ হয় বুলি চৰ্চা চলা পৰিলক্ষিত হৈছে। আনহাতে, মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফেচবুক পেজৰ স্ক্ৰীণশ্ব’ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেওঁৰ পেজটো যে ন’ৰৱেৰ পৰা পৰিচালিত হয় তাৰ প্ৰমাণো দাঙি ধৰিছে৷ সমগ্ৰ বিষয়টোত দেশৰ সুৰক্ষাৰ কথা জড়িত হৈ আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.