NEWS

ONGCৰ বিষয়াক অপহৰণৰ পৰিকল্পনা নিষিদ্ধ ঘোষিত সংগঠনৰ, অপহৰণৰ চক্ৰান্ত ব্যৰ্থ কৰি শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২ লিংকমেনক, এতিয়াও পলাতক মূল অভিযুক্ত

বকতাৰ এনকাউণ্টাৰত ফাদিল আলফা স্বাধীনৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। শিৱসাগৰ আৰক্ষীৰ তৎপৰতাত ব্যৰ্থ অপহৰণৰ পৰিকল্পনা। ৫ আৰু ৬ অক্টোবৰত বকতা নেমুগুৰিৰ ৰিগৰ পৰা ONGCৰ একাংশ বিষয়াক অপহৰণৰ পৰিকল্পনা ৰছিচিল আলফা স্বাধীনে। সন্ধিয়া ৬ বজাত শ্বিফ্ট সলনি হোৱাৰ সময়ত বিষয়া কেইজনক অপহৰণ কৰিবলৈ খাপ পিটি আছিল অপহৰণকাৰীৰ দল। কিন্তু গোপন সূত্ৰে খবৰ পোৱা শিৱসাগৰ আৰক্ষীৰ বাবেই ব্যৰ্থ হ’ল ONGCৰ বিষয়া অপহৰণৰ পৰিকল্পনা। আলফা স্বাধীনে ৰচা এই অপহৰণৰ পৰিকল্পনাৰ নেতৃত্বত আছিল ONGCৰে আন এগৰাকী বিষয়া তাহিৰ ওৰফে তাহিৰুল হুছেইন। শিৱসাগৰৰ বাবুপট্টিৰ তাহিৰে এই কামৰ বাবে লগত লৈছিল একেঠাইৰে শৈশৱৰ বন্ধু ঈৰশ্বাদ লতিফক। ONGC ৰ ব্যক্তিগত খণ্ডৰ ৰিগৰ প্ৰাক্তন কৰ্মচাৰী ঈৰশ্বাদ লতিফে দলত সুমুৱাই লৈছিল মৰাণৰ খটখটিৰ প্ৰাক্তন আলফা ৰাহুল হাজৰিকাক। শ্বিফ্ট শেষ হোৱাৰ পাছত বকতা নেমুগুৰিৰ ৰিগৰ পৰা ওলাই অহা বিষয়া কেইজনক ক’ৰ পৰা কেনকৈ অপহৰণ কৰিব লাগিব সেই পৰিকল্পনা চূড়ান্ত কৰি ৰাহুলক দায়িত্ব দিছিল তাহিৰুল হুছেইন আৰু ঈৰশ্বাদ লতিফে। আনকি অপহৰণৰ বাবে ৰাহুলক ব্যৱহাৰ কৰিবলৈ দিছিল তাহিৰুল হুছেইনৰ গাড়ী। আন এখন ইনভা গাড়ীও ভাড়ালৈ লৈছিল অপহৰণকাৰীৰ দলে।চোৰাংচোৱাৰ পৰা এই সকলো খবৰ পোৱাৰ পাছতে শিৱসাগৰ আৰক্ষীয়ে ব্যৰ্থ কৰি দিলে আলফা স্বাধীনৰ নিৰ্দেশত তাহিৰুল হুছেইন, ঈৰশ্বাদ লতিফ আৰু ৰাহুল হাজৰিকাৰই ৰছা পৰিকল্পনা। নিশ্চিত বিপদৰ পৰা ONGCৰ কেইবাজনো বিষয়াক ৰক্ষা কৰাৰ পাছত অপহৰণৰ আতিগুৰি বিচাৰি শিৱসাগৰ আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত। তদন্তকালতে ১৫ অক্টোবৰত শিৱসাগৰৰ বাবুপট্টিৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ঈৰশ্বাদ লতিফক। ঈৰশ্বাদ লতিফক জেৰা চলাওতেই এটা এটাকৈ পোহৰলৈ আহিল তাহিৰুল হুছেইন আৰু ৰাহুল হাজৰিকাৰ নাম। পাছে আৰক্ষীয়ে শিৱসাগৰৰ বাবুপট্টিৰ ঘৰ পোৱাৰ পূৰ্বেই পলায়ন কৰিলে তাহিৰুল হুছেইন। কিন্তু শিৱসাগৰ আৰক্ষীয়ে গোপনে চলোৱা অভিযানৰ কথা গম পোৱাৰ পূৰ্বেই জালত পৰিল প্ৰাক্তন আলফা ৰাহুল হাজৰিকা। বুধবাৰে পুৱতি নিশা ২ বজাত মৰাণ আৰক্ষীৰ সহযোগত খটখটিৰ পৰা ৰাহুল হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ পাছতে বকতাৰ নেমুগুৰিত এনকাউণ্টাৰৰ বলি হ’ল প্ৰাক্তন আলফা ৰাহুল হাজৰিকা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.