NEWS

ধুবুৰীত আজমল পৰাজয়ৰ পোতক তুলিব চামগুৰিত, চামগুৰিত AIUDFয়ে দিব প্ৰাৰ্থী

ৰাজ্যত অনুষ্ঠিত হ’ব লগা ৫ সমষ্টিৰ উপ-নিৰ্বাচনত চামগুৰি সমষ্টিত প্ৰাৰ্থী দিব AIUDFয়ে৷ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ বিৰুদ্ধে প্ৰাৰ্থী দিব AIUDFয়ে ৷ বুধবাৰে AIUDFৰ অনুষ্ঠিত হোৱা নিৰ্বাচন কেন্দ্ৰিক জৰুৰী বৈঠকত এই সিদ্ধান্ত AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ভেঁটি তচনচ কৰিছিল সাংসদ ৰকিবুল হুছেইনে ৷ ধুবুৰী সমষ্টিত বিশাল ভোটৰ ব্যৱধানত আজমলৰ বিৰুদ্ধে জয় হৈছিল সাংসদ ৰকিবুল হুছেইন ৷ আৰু পঢ়ক: কেনেকৈ গুলীবিদ্ধ হ’ল ৰাহুল হাজৰিকা? তদন্তৰ মাজতে পলোৱাৰ চেষ্টা কৰোতে গুলী চলোৱাৰ দাবী আৰক্ষীৰ, বিপৰীতে সোণাৰিৰ এখন হাবিত ধৰি বান্ধি আৰক্ষীয়ে গুলী চলোৱাৰ অভিযোগ ৰাহুলৰ পিছে, ৰকিবুল হুছেইনৰ এই বিজয় সহজে মানি লোৱা নাই আজমল বাহিনীয়ে ৷ ধুবুৰীত AIUDFয়ে ৰকিবুল হুছেইনক ৰোধিব নোৱাৰিলে চামগুৰি উপ-নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰাৰ লক্ষ্য AIUDFৰ ৷ সেয়ে ৰকিবুলৰ পুত্ৰৰ বিৰুদ্ধে বদৰুদ্দিন আজমলে চলাব নিৰ্বাচনী প্ৰচাৰ ৷ আৰু পঢ়ক: ONGCৰ বিষয়াক অপহৰণৰ পৰিকল্পনা নিষিদ্ধ ঘোষিত সংগঠনৰ, অপহৰণৰ চক্ৰান্ত ব্যৰ্থ কৰি শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২ লিংকমেনক, এতিয়াও পলাতক মূল অভিযুক্ত যিকোনো প্ৰকাৰে ৰকিবুল হুছেইনক সমষ্টিটোত শলঠেকত পেলোৱাৰ লক্ষ্য AIUDFৰ ৷ পিছে, কোন হ’ব সমষ্টিটোত AIUDFৰ প্ৰাৰ্থী ৷ বিজেপি, কংগ্ৰেছ ইতিমধ্যে উচ্চাৰিত হৈছে দীপপ্লুৰঞ্জন, তানজিলৰ নাম ৷ তাৰপিছত এতিয়া কোন হ’ব AIUDFৰ প্ৰাৰ্থী? জানিব পৰা মতে সমষ্টিটোত AIUDF প্ৰস্তুত কৰিছে তিনি জনীয়া প্ৰাৰ্থী তালিকা ৷ প্ৰস্তুত কৰা তালিকা ভিক্তিত দুই এদিনতে প্ৰাৰ্থী নাম ঘোষণা কৰাৰ সিদ্ধান্ত বদৰুদ্দিন আজমলৰ ৷ উল্লেখ্যে যে ৫ সমষ্টিত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত দলটোয়ে মাথোন এটা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব যদিওৱা বাকী সমষ্টিসমূহত জনতাক বিৱেক ভোটৰ আহ্বান আজমলৰ ৷ সেয়ে এতিয়া আজমলৰ দূৰ্গত ৰকিবুলে ভেঁটি স্থাপন কৰাৰ পিছত ৰকীবুলৰ দূৰ্গত আজমল বাহিনীয়ে কেনে প্ৰভাৱ পেলায় সেয়া হ’ব লক্ষণীয় ৷ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.