NEWS

Kati Bihu: ‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে’’, গোলাঘাটত কাতি বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি

কাতিৰ কঙালে উৰুঙা কৰিব নোৱাৰে, আইৰ হেঁপাহৰ জুহাল। সমাগত অসমীয়া বাপতি সাহোন কাতি বিহু। সজাঁল ধৰা ধাননিৰ শ্ৰীবৃদ্ধি কামনাৰে, সেউজীয়া পথাৰখনত কোনো অপায় অমংগল নোহোৱাকৈ সুকলমে ঘৰলৈ চপাই অনা মানসেৰে ধূপ দীপ নৈবেদ্যৰে আগবঢ়ায়। ঘৰে ঘৰে নাম-কীৰ্তনেৰে মুখৰিত হয় সমগ্ৰ চৌপাশ। চহা গ্ৰাম্য জীৱনত দেখা যায় কাতি বিহুৰ আচল মাদকতা। কাতি বিহু উপলক্ষে কৃষিজীৱি ৰাইজৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা। চহা কৃষকে ৰ’দ বৰষুণ কাটি কৰি ঘাম পেলায় চহ কৰা ধাননি পথাৰ খনলৈ গৈ সন্তুষ্টিৰ হাঁহি মৰা দেখা যায়। অসমৰ বিভিন্ন প্ৰান্তৰ কাতি বিহুৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি দেখা গৈছে তাৰো ব্যতিক্ৰম নহয় গোলাঘাটৰ এখন কৃষিজীৱি গাঁও। ৰাইদঙীয়া গাঁৱৰ কিছু দৃশ্য। যান্ত্ৰিকতাৰ পৃথিৱীৰ কোৱাল সোঁতত লুপ্ত পোৱা কিছু দৃশ্যাংশ। কিন্তু পৰিৱেশ যান্ত্ৰিকতাৰ হ’লেও মনবোৰে পৰিচয় দিয়ে কিদৰে শিপাৰ সৈতে জড়িত এইসকল লোক। এই গাঁৱৰ কেইবাগৰাকী মহিলা লগ হৈ কাতি বিহু আদৰাৰ এক ব্যস্ততা দেখা পোৱা গৈছে।গাওঁ চুবুৰীৰ কেইবাগৰাকীও মহিলা লগ হৈ হেঁপাহৰ কঙালীক আদৰাৰ মানসেৰে ঢেঁকীত খুন্দি গৈছে পিঠাগুড়ি। তাৰ সমান্তৰালকৈ আনগৰাকীয়েও জুহালত পুৰি গৈছে বিভিন্ন ধৰণৰ পিঠা। মুঠৰ ওপৰত বিভিন্ন সুবিধা অসুবিধাৰ মাজেৰে পৰম্পৰা ৰক্ষা কৰি অসমীয়া সমাজ জীৱনৰ আয়ুস ৰেখা বাপতিসাহোন বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে। অসমৰ বাতৰি / খবৰ / অসম / Kati Bihu: ‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে’’, গোলাঘাটত কাতি বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি Kati Bihu: ‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে’’, গোলাঘাটত কাতি বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি কাতিৰ কঙালে উৰুঙা কৰিব নোৱাৰে, আইৰ হেঁপাহৰ জুহাল। সমাগত অসমীয়া বাপতি সাহোন কাতি বিহু। সজাঁল ধৰা ধাননিৰ শ্ৰীবৃদ্ধি কামনাৰে, সেউজীয়া পথাৰখনত কোনো অপায় অমংগল নোহোৱাকৈ সুকলমে ঘৰলৈ চপাই অনা মানসেৰে ধূপ দীপ নৈবেদ্যৰে আগবঢ়ায়। অধিক পঢ়ক … 1-MIN READ local18 Golaghat,Golaghat,Assam Last Updated : October 16, 2024, 7:06 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Poran Deka সম্পৰ্কীয় বাতৰি কাতিৰ কঙালে উৰুঙা কৰিব নোৱাৰে, আইৰ হেঁপাহৰ জুহাল। সমাগত অসমীয়া বাপতি সাহোন কাতি বিহু। সজাঁল ধৰা ধাননিৰ শ্ৰীবৃদ্ধি কামনাৰে, সেউজীয়া পথাৰখনত কোনো অপায় অমংগল নোহোৱাকৈ সুকলমে ঘৰলৈ চপাই অনা মানসেৰে ধূপ দীপ নৈবেদ্যৰে আগবঢ়ায়। ঘৰে ঘৰে নাম-কীৰ্তনেৰে মুখৰিত হয় সমগ্ৰ চৌপাশ। চহা গ্ৰাম্য জীৱনত দেখা যায় কাতি বিহুৰ আচল মাদকতা। কাতি বিহু উপলক্ষে কৃষিজীৱি ৰাইজৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা। চহা কৃষকে ৰ’দ বৰষুণ কাটি কৰি ঘাম পেলায় চহ কৰা ধাননি পথাৰ খনলৈ গৈ সন্তুষ্টিৰ হাঁহি মৰা দেখা যায়। বিজ্ঞাপন অসমৰ বিভিন্ন প্ৰান্তৰ কাতি বিহুৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি দেখা গৈছে তাৰো ব্যতিক্ৰম নহয় গোলাঘাটৰ এখন কৃষিজীৱি গাঁও। ৰাইদঙীয়া গাঁৱৰ কিছু দৃশ্য। যান্ত্ৰিকতাৰ পৃথিৱীৰ কোৱাল সোঁতত লুপ্ত পোৱা কিছু দৃশ্যাংশ। কিন্তু পৰিৱেশ যান্ত্ৰিকতাৰ হ’লেও মনবোৰে পৰিচয় দিয়ে কিদৰে শিপাৰ সৈতে জড়িত এইসকল লোক। এই গাঁৱৰ কেইবাগৰাকী মহিলা লগ হৈ কাতি বিহু আদৰাৰ এক ব্যস্ততা দেখা পোৱা গৈছে।গাওঁ চুবুৰীৰ কেইবাগৰাকীও মহিলা লগ হৈ হেঁপাহৰ কঙালীক আদৰাৰ মানসেৰে ঢেঁকীত খুন্দি গৈছে পিঠাগুড়ি। তাৰ সমান্তৰালকৈ আনগৰাকীয়েও জুহালত পুৰি গৈছে বিভিন্ন ধৰণৰ পিঠা। মুঠৰ ওপৰত বিভিন্ন সুবিধা অসুবিধাৰ মাজেৰে পৰম্পৰা ৰক্ষা কৰি অসমীয়া সমাজ জীৱনৰ আয়ুস ৰেখা বাপতিসাহোন বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Golaghat , Kati Bihu , local18 First Published : October 16, 2024, 7:06 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.