NEWS

আজমল আধুনিক আৱাসিক বিদ্যালয়ৰ ১১৭গৰাকী শিক্ষাৰ্থী ভাৰতীয় অলিম্পিয়াডত স্থান লাভ

ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত এটাৰ পিছত এটাকৈ নতুন অভিলেখ সৃষ্টি কৰি গৈছে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত শৈক্ষিক প্ৰতিষ্ঠানসমূহে। সদ্য ঘোষিত Indian Olympiad Qualifier in Mathematics-2024ৰ গণিত শিক্ষক সন্থা ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগৰ অধীনত ৰাষ্ট্ৰীয় উচ্চগণিত পৰিষদৰ হৈ হোমি ভাভা চেণ্টাৰ ফৰ চাইন্স এডুকেশ্বন মুম্বাইৰ সহযোগত উচ্চগণিতৰ ওপৰত এক পৰীক্ষা অনুষ্ঠিত হৈছিল। উক্ত পৰীক্ষাৰ ফলাফলত আজমল ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত আজমল আধুনিক আৱাসিক বিদ্যালয়ৰ শিক্ষাৰ্থী অৱতীৰ্ণ হৈ ১১৭গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। গণিতত ভাৰতীয় অলিম্পিয়াড কোৱালিফায়াৰক জনপ্ৰিয়ভাৱে পি আৰ এম অ’ বুলি জনা যায়। য’ত অসম আৰু অৰুণাচল প্ৰদেশৰ সমগ্ৰ অঞ্চলৰ সাঙুৰি লোৱা হয়। এই দুই ৰাজ্যৰ অষ্টম,নৱম,দশম আৰু একাদশ শ্ৰেণীৰ অধীনৰ মুঠ ২৩১ জন শিক্ষাৰ্থীয়ে গণিত অলিম্পিয়াড কৃতকাৰ্য হৈছে। তাৰে ভিতৰত ১১৭ জন শিক্ষাৰ্থী আজমল আধুনিক আৱাসিক বিদ্যালয়ৰ। এনে অভূতপূৰ্ব সফলতাই আজমল ফাউণ্ডেচনৰ লগতে আজমল ছুপাৰ ৪০ উৎফুল্লিত হৈ পৰে। উল্লেখযোগ্য যে Indian Olympiad Qualifier in Mathematicsৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশৰ প্ৰাক-বিশ্ববিদ্যালয়শিক্ষাৰ্থীসকলৰ মাজত গাণিতিক প্ৰতিভা চিনাক্ত আৰু প্ৰতিপালন কৰা, যাৰ ফলত আন্তৰ্জাতিক গাণিতিক অলিম্পিয়াড (আইএমঅ’)ত ভাৰতীয় শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে। বিদ্যালয়খনৰ অধ্যক্ষ আৰিফ আহমেদে সকলো সফলতা লাভ কৰা শিক্ষাৰ্থীলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে শিক্ষক তথা সমন্বয়ক মীৰ মুকুল আলীক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু বিধায়ক তথা আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমল প্ৰমূখ্যে সঞ্চালক ড° খচৰুল ইছলাম, ড° এম আৰ এইচ আজাদ আৰু আজমল চুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে বিদ্যালয় খনৰ অধ্যক্ষ আৰিফ আহমেদৰ লগতে হোজাইলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়ত্ৰী,অভিভাৱকক সকলক শুভেচ্ছা জ্ঞাপন কৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.