NEWS

Bihar News: ফেঁটী সাপতকৈও বিষাক্ত ৰাছেল ভাইপাৰে কৰিলে দংশন, জীৱিত সাপ ডিঙিত মেৰিয়াই পালেগৈ হাস্পতাল, তাৰ পিছত...

এছিয়াৰ আটাইতকৈ বিষাক্ত সাপ ৰাছেল ভাইপাৰ। ৰাছেল ভাইপাৰ ফেটী সাপতকৈও বিষাক্ত এই ৰাছেল ভাইপাৰ। ৰাছেল ভাইপাৰে দংশন কৰিলে এজনক। কিন্তু তাৰ পিছত যি ঘটনা সংঘটিত হ’ল সেই ঘটনা কথা জানিলে চকু কপালত উঠিব আপোনাৰ। এজন লোকক বিষাক্ত ৰাছেল ভাইপাৰে দংশন কৰিছিল, কিন্তু ৰাছেল ভাইপাৰ দংশনৰ পিছতে সাপদালৰ মুখত হেঁচা মাৰি ধৰি চিকিৎসালয়ত উপস্থিত হ’ল সাপে দংশন কৰা লোকজন। লোকজন চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে সমগ্ৰ চিকিৎসালয়তে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। কিয়নো কিবা কাৰণত যদি সাপদাল লোকজনৰ হাতৰ পৰা ওলাই যায়, যিকোনো পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। আৰু পঢ়ক: ‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে’’, গোলাঘাটত কাতি বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি মঙলবাৰে নিশা ৰাছেল ভাইপাৰে দংশ কৰিছিল প্ৰকাশ মণ্ডল নামৰ এজন লোক। আৰু সাপৰ দংশনৰ পিছতে বিষ-যন্ত্ৰণাত ভুগি, লুঙী-গেঞ্জী পৰিধান কৰিয়েই উপস্থিত হ’ল চিকিৎসালয়ত। আনকি চিকিৎসালয়ত উপস্থিত থকা চিকিৎসকো লোকজনৰ ওচৰলৈ অহা নাছিল। আৰু পঢ়ক: ‘মোৰ মনৰ গভীৰতাত সদায় আছিল…’ নতুন খবৰ দিলে অভিনেত্ৰী-কণ্ঠশিল্পী দীপলিনা ডেকাই লোকজনৰ হাতত সাপ দেখা পাই চকু কপালত উঠিছিল চিকিৎসকৰ। বহুসময় ধৰি চিকিৎসালখনৰ জৰুৰীকালীন ৱাৰ্ডত চটফটাই আছিল। কিন্তু চিকিৎসাৰ বাবে লোকজনৰ কাষ চাপিব পৰা নাছিল চিকিৎসক। আনকি বহুতে ভয়ত কম্পমান হৈ আছিল, কেনেবাকৈ সাপদাল হাতৰ পৰা ওলাই গ’লে সৃষ্টি হ’ব অভাৱনীয় পৰিস্থিতি। আৰু পঢ়ক: আৰ জি কৰ কাণ্ডৰ তদন্তত চাঞ্চল্যকৰ মোৰ! স্বাস্থ্য বিভাগলৈ পত্ৰ CBIৰ! চিঠিত উল্লেখ্য দুটা বিশেষ নাম! এফালে সাপদালৰ মুখত ধৰি আছিল দংশনৰ বলি হোৱা প্ৰকাশ, আনফালে লাহে-লাহে স্বাস্থ্যৰ অৱস্থাও অৱনতি হৈছিল প্ৰকাশৰ। বিবুদ্ধিত পৰিছিল চিকিৎসক। বহুসময়ৰ পিছত লোকজনে সাপদালৰ মুখত হেঁচা মাৰি ধৰিয়েই লাহে লাহে মাটিত বহিলে। অৱশেষত লোকজনৰ চিকিৎসা আৰম্ভ হ’ল। নিশা প্ৰায় ১২ বজাত লোকজনৰ চিকিৎসা আৰম্ভ হয়। চাওক ভিডিঅ’- বিহাৰৰ ভাগলপুৰত সংঘটিত হৈছে এই ঘটনা। ভাগলপুৰত ধাৰাবাহিকভাৱে ৰাছেল ভাইপাৰৰ উপস্থিতি ধৰা পৰিছে। ৰাছেল ভাইপাৰৰ বাবে ভাগলপুৰৰ গংগাৰ পাৰত শংকিত হৈ পৰিছে। ৰাছেল ভাইপাৰৰ দংশনৰ পিছতো হাতত জীৱিত সাপদাল লৈ মায়াগঞ্জ হাস্পতালত উপস্থিত হৈছিল প্ৰকাশ মণ্ডল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.