NEWS

Kati Bihu: কাইলৈ কাতি বিহু, কাতি বিহুত কৰক এইকেইটা কাম, আঁতৰিব জীৱনৰ বহু সমস্যা!

কাতি বিহুত কৰক এইকেইটা বিশেষ নিয়ম আঁতৰিব জীৱনৰ বহু সমস্যা। কাতি বিহুৰ সময়ত বিশেষ কেইটামান নিয়মে আপোনাৰ জীৱনত থকা বহু বাধা আঁতৰাব পাৰে। এই সম্পৰ্কে পৰামৰ্শ আগবঢ়াই জ্যোতিষী ড০ কৰবী বেজবৰুৱাই। তেওঁ উল্লেখ কৰা অনুসৰি,অসমীয়া সমাজত শস্য পথাৰৰ মাজত আকাশবন্তি জ্বলোৱা হয়। আৰু মা লক্ষ্মীক পূজা কৰা হয় ধাননি পথাৰত। সেইদিনাৰ পৰা প্ৰত্যেকৰে ঘৰে ঘৰে তুলসী পূজা কৰা হয়। সনাতনী ধৰ্মত তুলসী পূজাৰ এক বিশেষ মাহাত্ম্য আছে। গোটেই কাতি মাহত যদি আমি তুলসী পূজা কৰো তেতিয়া কোৱা হয় যে আমাৰ ঘৰত ধন আৰু সমৃদ্ধি সদায় ব্ৰতী থাকে। ১/ যিহেতু কাতি বিহু দিনা আমি নতুনকৈ এটা তুলসী পুলি ৰোপন কৰো। যদি সম্ভৱ হয় তুলসী পুলিটো এনেভাবে ৰোপন কৰক তাত এটা স্বাস্তিক আঁকি ধূপ, ঘিউ চাকি, ধূনাৰ আৰতি কৰিব। যদি সম্ভৱ হয় তুলসী গছডাল ১১ বাৰ প্ৰদক্ষিণ কৰিব পাৰে। এইদৰে প্ৰদক্ষিণ কৰিলে শুভ বুলি গণ্য কৰা হয়। ২/ গোটেই কাতি মাহটো চাকি জ্বলাব পাৰে। ৰাতিপুৱা জ্বলালে বেছি ভাল। যদি পুৱা সময় নিমিলে তেতিয়া সন্ধিয়াও আপুনি তুলসীৰ তলত চাকি জ্বলাব পাৰে। নতুবা পুৱা আৰু গধূলি দুগচি চাকি জ্বলাব পাৰে। তাৰ পাছত তিনিবাৰ এই মন্ত্ৰ ফাঁকি মাতিব। ‘নমঃ তুলসী কল্যাণী নমো বিষ্ণুপ্রিয়ে শুভে। নমো মোক্ষপ্রদে দেবী নমঃ সম্পৎপ্রদায়িকে’। ৩/ গোটেই কাতি মাহটো এইখিনি নিয়ম কৰাৰ পাছত প্ৰত্যেক বৃহস্পতিবাৰে একেৰাহে অলপ কেঁচা গাখীৰ তুলসী তলত ঢালি ‘নমঃ তুলসী কল্যাণী নমো বিষ্ণুপ্রিয়ে শুভে। নমো মোক্ষপ্রদে দেবী নমঃ সম্পৎপ্রদায়িকে’ এই মন্ত্ৰ ফাঁকি গাব পাৰে। যদি আৰ্থিক সমস্যা আছে, অশান্তি আছে তেতিয়া হ’লে এই মন্ত্ৰ ফাঁকি এইদৰে ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনৰ আৰ্থিক সমস্যা লাহে লাহে নাইকিয়া হ’ব। ৪/ যিকোনো কাম যদি আপোনাৰ সোনকালে হৈ নুঠে তেতিয়া হ’লে কৰিব পাৰে অন্য এটা নিয়ম। মা তুলসীক প্ৰণাম কৰি তুলসী গছৰ শিপা আনি গংগা জলেৰে ধুই হালধীয়া কাপোৰ এখনত থ’ব। ধূপ, চাকি জ্বলাব, ধূনাৰ আৰতি কৰিব। তাৰ পাছত তুলসী শিপাখিনিক ক’ব যে মই আপোনাক মোৰ লগত ৰাখিব বিচাৰিছোঁ আপুনি মোৰ জীৱনত থকা সমস্যাবোৰ আঁতৰাই দিয়ক। তেনেকৈ হালধীয়া কাপোৰত তুলসীৰ শিপা বান্ধি লগত লৈ ফুৰিব পাৰে। এই কামখিনি কেৱল বৃহস্পতিবাৰেহে কৰিব। এইখিনি নিয়ম কৰিলে এদিনতে আপোনাৰ বাধা বিলাক আঁতৰি যাব তেনে নহয়। লাহে লাহে আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু লাহে লাহে সমস্যাবোৰো আঁতৰিব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.