NEWS

Dhemaji News: বানে ধোৱা ধেমাজিত নাই কাতি বিহুৰ প্ৰস্তুতি, এইকেইখন গাঁৱে কেইবাবছৰো ধৰি পালন কৰা নাই কাতি বিহু

এইবাৰ বানে ধোৱা ধেমাজিৰ বহুকেইখন গাঁৱত নাই কাতি বিহুৰ প্ৰস্তুতি। কাতি বিহু বুলিবলৈ ধেমাজিৰ চিচিবৰগাঁৱৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিলখ পঞ্চায়তৰ লুগুটি, খৰাগড় গাঁৱৰ পথাৰত নাই ধান খেতি। বিগত কেইবাবছৰো ধৰি কাতি বিহু পালন কৰা নাই এইকেইখন গাঁৱৰ ৰাইজে। অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা নৈ কামিয়াই নিলখ পঞ্চায়তৰ লগতে দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত বছৰি চলাই আহিছে বানৰ তাণ্ডৱলীলা। প্ৰলয়ংকৰী বানত বহু বিঘা ধাননি বালিয়ে পুতি পেলোৱাত কৃষকসকলে কৰিব পৰা নাই ধান খেতি। যাৰ ফলত বিগত কেইবাটাও বছৰ ধৰি হেঁপাহৰ সোণগুটি বুটলিবলৈ পোৱা নাই এই গাঁওখনৰ কৃষকসকলে। কাইলৈ কাতি বিহু। কিন্তু নিজৰ পথাৰ বুলিবলৈ বালিময় মাটিকেইডৰাৰ বাহিৰে একোৱেই নাই এইসকল কৃষকৰ। শ শ বিঘা ভূমিৰ ওপৰেৰে কামিয়া নৈ যেনি-তেনি বৈ গৈছে বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে গাঁওকেইখনৰ আবাসীসকল৷ সেয়ে কাতি বিহুৰ প্ৰাকক্ষণত লুগুটি গাঁৱৰ কৃষকে চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়, যাতে আগন্তুক দিনসমূহত তেওঁলোকে পথাৰৰ মাটিকেইডৰাত ধান খেতি কৰিব পাৰে৷ এতিয়া লুগুটি গাঁৱক কৃষকসকলে আনৰ পৰা লোৱা আধি খেতিতে কাতি বিহু বুলি এগছি বন্তি দিব বুলি সদৰী কৰিছে। অসমৰ বাতৰি / খবৰ / অসম / Dhemaji News: বানে ধোৱা ধেমাজিত নাই কাতি বিহুৰ প্ৰস্তুতি, এইকেইখন গাঁৱে কেইবাবছৰো ধৰি পালন কৰা নাই কাতি বিহু Dhemaji News: বানে ধোৱা ধেমাজিত নাই কাতি বিহুৰ প্ৰস্তুতি, এইকেইখন গাঁৱে কেইবাবছৰো ধৰি পালন কৰা নাই কাতি বিহু বিগত কেইবাবছৰো ধৰি কাতি বিহু উদ্‌যাপন কৰা নাই এইকেইখন গাঁৱৰ ৰাইজে। অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা নৈ কামিয়াই নিলখ পঞ্চায়তৰ লগতে দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত বছৰি চলাই আহিছে বানৰ তাণ্ডৱলীলা। অধিক পঢ়ক … 1-MIN READ Assam Dhemaji,Assam Last Updated : October 16, 2024, 11:29 am IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Written By : Aditi Hazarika সম্পৰ্কীয় বাতৰি এইবাৰ বানে ধোৱা ধেমাজিৰ বহুকেইখন গাঁৱত নাই কাতি বিহুৰ প্ৰস্তুতি। কাতি বিহু বুলিবলৈ ধেমাজিৰ চিচিবৰগাঁৱৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিলখ পঞ্চায়তৰ লুগুটি, খৰাগড় গাঁৱৰ পথাৰত নাই ধান খেতি। বিগত কেইবাবছৰো ধৰি কাতি বিহু পালন কৰা নাই এইকেইখন গাঁৱৰ ৰাইজে। অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা নৈ কামিয়াই নিলখ পঞ্চায়তৰ লগতে দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত বছৰি চলাই আহিছে বানৰ তাণ্ডৱলীলা। বিজ্ঞাপন প্ৰলয়ংকৰী বানত বহু বিঘা ধাননি বালিয়ে পুতি পেলোৱাত কৃষকসকলে কৰিব পৰা নাই ধান খেতি। যাৰ ফলত বিগত কেইবাটাও বছৰ ধৰি হেঁপাহৰ সোণগুটি বুটলিবলৈ পোৱা নাই এই গাঁওখনৰ কৃষকসকলে। কাইলৈ কাতি বিহু। কিন্তু নিজৰ পথাৰ বুলিবলৈ বালিময় মাটিকেইডৰাৰ বাহিৰে একোৱেই নাই এইসকল কৃষকৰ। শ শ বিঘা ভূমিৰ ওপৰেৰে কামিয়া নৈ যেনি-তেনি বৈ গৈছে বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে গাঁওকেইখনৰ আবাসীসকল৷ সেয়ে কাতি বিহুৰ প্ৰাকক্ষণত লুগুটি গাঁৱৰ কৃষকে চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়, যাতে আগন্তুক দিনসমূহত তেওঁলোকে পথাৰৰ মাটিকেইডৰাত ধান খেতি কৰিব পাৰে৷ এতিয়া লুগুটি গাঁৱক কৃষকসকলে আনৰ পৰা লোৱা আধি খেতিতে কাতি বিহু বুলি এগছি বন্তি দিব বুলি সদৰী কৰিছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Dhemaji First Published : October 16, 2024, 11:29 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.