NEWS

Lakshmi Puja : আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, আজিৰ দিনটোত দেৱীলৈ বগা প্ৰসাদ আগবঢ়ালে কি লাভ হ’ব আপোনাৰ?

লক্ষ্মী পূজাৰ দিনা বগা প্ৰসাদ আগবঢ়ালে কি হয়? লক্ষ্মী দেৱীক কি কি নামেৰে জানে হিন্দু ধৰ্মৰ লোকসকলৰ দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহতে অনুষ্ঠিত কৰা হয় লক্ষ্মী পুজা। হিন্দু ধৰ্মাৱলম্বী লোকে পালন কৰা উৎসৱ সমূহৰ ভিতৰত অন্যতম পূজা হৈছে লক্ষ্মী পূজা। লক্ষ্মী দেৱী হিন্দু সকলৰ ত্ৰিদেৱীৰ অন্যতম। ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী হৈছে লক্ষ্মী দেৱী। লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱীক পূজা-অৰ্চনা কৰিলে লক্ষ্মী মাই নিজে তেওঁলোকৰ ঘৰত আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে আৰু ঘৰখন ফুল আৰু পোহৰৰে আলোকিত কৰি ৰাখে। লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে ঘৰখন ধন-সোণেৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয়। আহিন মাহৰ দুৰ্গা পূজাৰ ঠিক পাছতে পূৰ্ণিমা তিথিত লক্ষ্মী পূজা আয়োজন কৰি আহিছে হিন্দু ধৰ্মৰ লোকসকলে। লক্ষ্মী পূজাক কজাগৰী লক্ষ্মী পূজা বুলিও কোৱা হয়। লক্ষ্মী পূজাৰ দিনা ঘৰত বা মন্দিৰত লক্ষ্মী চৰিত আৰু পাঁচালী পাঠ কৰিলে লক্ষ্মী দেৱী সন্তুষ্ট হয়। ঠাইবিশেষে লক্ষ্মী পূজাৰ নীতি-নিয়ম বেলেগ বেলেগকৈ কৰি পূজা কৰা পৰিলক্ষিত হয়। লক্ষ্মী দেৱীক বিভিন্ন নামেৰে পূজা-অৰ্চনা কৰা হয়। আৰু মা লক্ষ্মীৰ বিভিন্ন নামসমূহ হৈছে: বিষ্ণুপ্ৰিয়া, নন্দিকা, মনুশ্ৰী, চক্ৰিকা, কমলিকা, ঐশ্বৰ্যা, পদ্মা, কমলা, পদ্মাপ্ৰিয়া, পদ্মমুখী, পদ্মসুন্দৰী, ইন্দিৰা, কল্যাণী, নন্দিনী, বৈষ্ণৱী, ভাৰ্গৱী, শ্ৰীদেৱী, চঞ্চলা, মাধৱী, সুজাতা, প্ৰাচী, হৰিপ্ৰিয়া, মধু, পৰমা, মালতী, বিদ্যা, বসুদা, বেদাৱতী ইত্যাদি। লক্ষ্মী পূজাৰ দিনা মহিলাই চাউলৰ গুৰিৰে আল্পনা আঁকে আৰু লক্ষ্মী থাপনাৰ সন্মুখত এটা জলঘট বহোৱা হয় আৰু তাৰ ওপৰত ধানৰ শীহ আৰু আমৰ ডালি আঁৰি দিয়া হয়। লক্ষ্মী পূজাত শুধ বগা প্ৰসাদ আগবঢ়াব পাৰিলে লক্ষ্মী দেৱীয়ে ভাল পায়। যেনে: নাৰিকল, চিৰা, চেনী, পায়স আদি আগবঢ়ালে ভাল। লক্ষ্মী দেৱীৰ চাৰি হাতৰ দুখন হাতত পদুম ফুল থাকে। আনহাতে বাঁও হাতত এটা কলচী থাকে আৰু সোঁ হাতত বৰদা মুদ্ৰা ৰক্ত থাকে। লৌকিক ৰীতি-নীতিৰে হোৱা লক্ষ্মী পূজাক লখিমী সবাহ বুলিও কোৱা হয়। লক্ষ্মী পূজাৰ দিনা কিছু কিছু লোকে আল্পনাৰে লক্ষ্মীৰ ভৰি সদৃশ ছবিও অংকন কৰে। এনেদৰে ভৰি অংকন কৰিলে লক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰে বুলি বিশ্বাস কৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.