NEWS

Shikhar Dhawan : অৱসৰৰ ৪৮ ঘণ্টাৰ পিছতে পুনৰ ক্ৰিকেটলৈ ঘূৰি অহাৰ ঘোষণা শিখৰ ধাৱানৰ! এইবাৰ কোনখন প্ৰতিযোগিতাত খেলিব ধাৱানে?

শনিবাৰে পুৱা ভিডিঅ’ বাৰ্তাযোগে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল শিখৰ ধাৱানে। কিন্তু অৱসৰৰ ৪৮ ঘণ্টা পিছত পুনৰ ক্ৰিকেটলৈ উভতি অহাৰ কথা ঘোষণা কৰে শিখৰ ধাৱানে। কিন্তু কি প্ৰতিযোগিতাত অংশ ল’ব শিখৰ ধাৱানে? শিখৰ ধাৱানে কয় যে তেওঁ IPL বা আন কোনো ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত অংশ নলয়। তেওঁ এইবাৰ লিজেণ্ডছ লীগ ক্ৰিকেট খেলিব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ক্ৰিকেটাৰসকলে এই প্ৰতিযোগিতাত অংশ লোৱা দেখা যায়। শচীন তেণ্ডুলকাৰ, গৌতম গম্ভীৰৰ পৰা আৰম্ভ কৰি ইৰফান পাঠান, ৰবীন উথাপ্পা এই প্ৰতিযোগিতাত অংশ লৈছে। আৰু পঢ়ক: পুনৰ উত্তাল বাংলাদেশ, শিক্ষাৰ্থী আৰু আনছাৰ সদস্যৰ মাজত সংঘাত, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা শনিবাৰে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ধাৱনে। অৱসৰ গ্ৰহণ কৰি ধাৱানে ভিডিঅ’ বাৰ্তা যোগে এই যাত্ৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে পৰিয়ালৰ লগতে শৈশৱৰ প্ৰশিক্ষক, ভাৰতীয় দল আৰু বিচিচিআইক ধন্যবাদ জ্ঞাপন কৰিছিল। উল্লেখ্য যে ২০২২ চনৰ ১০ ডিচেম্বৰতে ভাৰতীয় দলৰ হৈ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল শিখৰ ধাৱানে। ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম এগৰাকী সফল অপেনিং বেটছমেন শিখৰ ধাৱান। ২০১০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ফৰ্মেটৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল ধাৱানৰ। আৰু পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে বেংগালুৰুৰ নামঘৰতো উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পৰৱৰ্তী সময়ত ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় অভিষেক আৰু ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটিছিল শিখৰ ধাৱানৰ। টেষ্ট অভিষেকত ১৮৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল। ক্ৰমান্বেয় ভাৰতীয় দলৰ তিনিওটা ফৰ্মেটতে নিৰ্ভৰযোগ্য সদস্য হৈ পৰিছিল। ২০১৩ৰ পৰা ২০১৯ চনলৈ শিখৰ ধাৱান-ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ত্ৰিমূৰ্তি আছিল ভাৰতীয় দলৰ সফলতাৰ অন্যতম স্তম্ভ। কিন্তু শেহতীয়াকৈ বিগত কিছু বছৰত ভাৰতীয় দলত উপেক্ষিত হৈ ৰৈছিল তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱান। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শিখৰ ধাৱানে জাতীয় দলক মুঠ ২৬৯খন মেচত প্ৰতিনিধিত্ব কৰিছে। এই দীঘলীয়া কেৰিয়াৰত তেওঁ ১০,৮৬৭ ৰান সংগ্ৰহ কৰে। ধাৱানে টেষ্টত ৩৪খন মেচত ৪০.৬১ গড়ে ২৩১৫ ৰান সংগ্ৰহ কৰে। একেদৰে ১৬৭খন এদিনীয়া মেচত ৪৪.১১ গড়ে ৬৭৯৩ ৰান আৰু ৬৮ খন টি-২০ মেচত ১৭৫৯ ৰান সংগ্ৰহ কৰে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ২৪টা শতক আৰু ৫৫টা অৰ্ধশতক অৰ্জন কৰিছে ধাৱানে। একেদৰে, এদিনীয়াত তেওঁৰ নামত আছে ১৭টা শতক আৰু ৩৯টা অৰ্ধশতক। আনহাতে টেষ্টত ৭টা শতক আৰু ৫টা অৰ্ধশতক, টি-২০ত ১১টা অৰ্ধশতক অৰ্জন কৰিছে ধাৱানে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.