NEWS

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ডিব্ৰুগড়ৰ মহিলা খেলুৱৈ, সোণৰ পদকেৰে ৰাজ্যলৈ কঢ়িয়ালে গৌৰৱ

নেপালত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল ডিব্ৰুগড়ৰ মহিলা খেলুৱৈ। সোণৰ পদকেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে ডিব্ৰুগড়ৰ ভাৰোত্তোলক ৰীতা শইকীয়াই। ক্ৰীড়া ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে। বিগত কেইবা বছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলে। ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ খেলুৱৈসকল। ইয়াৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত সোণৰ পদকেৰে উজলিল ডিব্ৰুগড়ৰ খেলুৱৈ। শেহতীয়াকৈ নেপালত অনুষ্ঠিত ভাৰোত্তোলন প্ৰতিযোগিতাত এই সফলতা অৰ্জন কৰে ডিব্ৰুগড়ৰ বাণীপুৰৰ ৰীতা শইকীয়াই। যোৱা ৩১ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈ নেপালত অনুষ্ঠিত ভাৰোত্তোলন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি ৰাজ্যৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ বাণীপুৰৰ নিবাসী ৰীতা শইকীয়াই। ডিব্ৰুগড়ৰ বাণীপুৰৰ নৱ শইকীয়াৰ পত্নী ৰীতা শইকীয়াই উক্ত ভাৰোত্তোলন প্ৰতিযোগিতাত ৬৩ কেজি শাখাত সোণৰ পদক অৰ্জন কৰি ৰাজ্যৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰতিভাৱান মহিলা খেলুৱৈগৰাকীয়ে। ইয়াৰ পূৰ্বে এই গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে বহুকেইটা পদক লাভ কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু পঢ়ক : চুমি-তাৰ্কিকৰ জে’ল যাত্ৰা, বিলাসী জীৱন কটোৱা চুমি-তাৰ্কিকে এতিয়া খাব লাগিব জে’লৰ ভাত নেপালত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি ডিব্ৰুগড়ৰ স্বগৃহত উপস্থিত হোৱাৰ পিছতে ৰীতা শইকীয়াৰ শুভাকাংক্ষীসকলে উষ্ম আদৰণী জনোৱাৰ লগতে শুভেচ্ছাৰে উপচাই পেলাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময়ত ৰীতা শইকীয়াই কয়, যথেষ্ট কষ্ট কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছো। যোৱা এটা মাহে দিল্লীত থাকি এই প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো। নেপালত অনুষ্ঠিত এই প্ৰতিযোগিতাত শ্ৰীলংকা, ভূটান, পাকিস্তান আদি দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। অসমৰ হৈ ৭জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল যদিও মহিলা প্ৰতিযোগী হিচাপে একমাত্ৰ ময়ে আছিলো। নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ লগতে নিচাযুক্ত দ্ৰব্যৰ পৰা নিজক আঁতৰাই ৰখাৰ বাবে ক্ৰীড়া ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ নতুন প্ৰজন্মক আহ্বান জনায় প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.