NEWS

পোহৰলৈ আহিল সোণাক্ষী সিনহাৰ বিয়াৰ তাৰিখ

এইবাৰ বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে বলীউদৰ অভিনেত্ৰী সোণাক্ষী সিনহা। আগন্তুক ২৩ জুনত দীৰ্ঘদিনীয়া প্ৰেমিক জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব শত্ৰুঘ্ন সিনহাৰ কন্যা। এই খবৰ প্ৰকাশ পাইছে সৰ্বভাৰতীয় সংবাদ মাধ্যমত। সোণাক্ষী জাহিৰৰ বিয়াৰ অনুষ্ঠান অনুষ্ঠিত হ’ব মুম্বাইৰ এখন পঞ্চতাৰকা হোটেলত। তেওঁলোকৰ প্ৰেমক লৈ খুব এটা চৰ্চা নহ’লেও সোণাক্ষী আৰু জাহিৰৰ পোষ্টত তাৰ স্পষ্ট ইংগিত দেখা গৈছিল। চলিত মাহতে সোণাক্ষীৰ জন্মদিনত জাহিৰে এখন ফটো পোষ্ট কৰি লিখিছিল, ‘Happy Birthday Sonzzz.’ জানিব পৰা মতে, ঘনিষ্ঠ বন্ধুবৰ্গ, পৰিয়াল-আত্মীৰ উপৰি সোণাক্ষীৰ বিয়াত আমন্ত্ৰিত অতিথিৰ তালিকাত আচে ‘হীৰামাণ্ডি’ৰ সকলো কলা-কুশলী। এখন সংবাদ পত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে বিয়াৰ নিমন্ত্ৰণী পত্ৰ। তাৰ প্ৰচ্ছদত লিখা হৈছে ‘গুঞ্জন এইবাৰ সত্য’। আমন্ত্ৰিত অতিথিসকলক ফৰ্মেল পোছাক পিন্ধিবলৈ আহ্বান জনোৱা হৈছে নিমন্ত্ৰণী পত্ৰত। জানিব পৰা মতে, জাহিৰৰ সৈতে সোণাক্ষীৰ চিনাকি হৈছিল ছলমান খানৰ জৰিয়তে। তেওঁলোকৰ বন্ধুত্ব ক্ৰমশঋ প্ৰেমলৈ পৰিৱৰ্তন হয়। সতৰাম ৰামানী পৰিচালিত ছবি ‘ডাবল এক্স এল’ত তেওঁলোকে একেলগে অভিনয়ো কৰিছে। বলীউদত জাহিৰৰ আত্মপ্ৰকাশ ছলমান খান প্ৰযোজিত ‘নোটবুক’ ছবিৰ জৰিয়তে। তেওঁৰ বিপৰীতে নায়িকা আছিল কিংবদন্তি নায়িকা নূতনৰ নাতিনী প্ৰানূতন বহেল। সোণাক্ষীৰ পূৰ্বেও আন যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল জাহিৰ ইকবালৰ। অভিনেত্ৰী দীক্ষা শেঠৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল তেওঁৰ। ক্ষণস্থায়ী এই প্ৰেমৰ পিছত জাহিৰে ‘কুছ কুছ হোতা হ্যে’ খ্যা ছানা ছইদৰ সৈতে কিছুদিন প্ৰেম কৰিছে। তেওঁলোকৰ ফটো ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। পিছত সেই প্ৰেমতো ভাঙোন ধৰিছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.