NEWS

Rafael Nadal Retirement : টেনিছক বিদায় জনালে নাডালে, নৱেম্বৰত শেষবাৰৰ বাবে দেখা যাব টেনিছ কোৰ্টত

টেনিছ কেৰিয়াৰৰ পৰা অৱসৰ ঘোষণা কৰিলে ৰাফেল নাডালে। নৱেম্বৰত অনুষ্ঠিতব্য ডেভিছ কাপৰ ফাইনেলৰ পাছত আৰু কোৰ্টত দেখা নাযাব কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডালক। ২২বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন নাডালে নৱেম্বৰ মাহত মালাগাত অনুষ্ঠিত হ’বলগীয়া ডেভিছ কাপৰ ফাইনেলত স্পেইনৰ হৈ অন্তিমখন মেচত অংশগ্ৰহণ কৰিব। বৃহস্পতিবাৰে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নাডালে নিজৰ অৱসৰৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। অৱসৰৰ প্ৰসংগ উল্লেখ কৰি নাডালে কয়, ‘জীৱনত সকলো কথাৰে আৰম্ভণি আৰু অন্ত থাকে। মই ভাবো যে মোৰ এই দীঘলীয়া আৰু পূৰ্বতকৈ বহু বেছি সফল টেনিছ কেৰিয়াৰৰ সামৰণি পেলাবলৈ এয়াই উপযুক্ত সময়৷’ তেওঁ লগতে কয়, ‘অৱশ্যে মই উৎসাহিত এইবাবেই যে মোৰ শেষৰ প্ৰতিযোগিতাখন ডেভিছ কাপৰ ফাইনেল হ’ব৷ য’ত মই মোৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিম।’ ৰাফেল নাডালে অলপতে সমাপ্ত হোৱা পেৰিছ অলিম্পিকৰ পাছৰে পৰা কোনোধৰণৰ পেছাদাৰী টেনিছত অংশগ্ৰহণ কৰা নাই৷ পেৰিছত একক শাখাৰ দ্বিতীয় ৰাউণ্ডত পুৰণি প্ৰতিদ্বন্দ্বী ন’ভাক জুক’ভিচৰ হাতত পৰাস্ত হৈছিল ৰাফেল নাডাল৷ কিন্তু কাৰ্লেছ আলকাৰাজৰ সৈতে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল নাডালে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Rafael Nadal Retirement : টেনিছক বিদায় জনালে নাডালে, নৱেম্বৰত শেষবাৰৰ বাবে দেখা যাব টেনিছ কোৰ্টত Rafael Nadal Retirement : টেনিছক বিদায় জনালে নাডালে, নৱেম্বৰত শেষবাৰৰ বাবে দেখা যাব টেনিছ কোৰ্টত টেনিছ কেৰিয়াৰৰ পৰা অৱসৰ ঘোষণা কৰিলে ৰাফেল নাডালে। নৱেম্বৰত অনুষ্ঠিতব্য ডেভিছ কাপৰ ফাইনেলৰ পাছত আৰু কোৰ্টত দেখা নাযাব কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডালক। ২২বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন নাডালে নৱেম্বৰ মাহত মালাগাত অনুষ্ঠিত হ’বলগীয়া ডেভিছ কাপৰ ফাইনেলত স্পেইনৰ হৈ অন্তিমখন মেচত অংশগ্ৰহণ কৰিব। বৃহস্পতিবাৰে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নাডালে নিজৰ অৱসৰৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। অৱসৰৰ প্ৰসংগ উল্লেখ কৰি নাডালে কয়, ‘জীৱনত সকলো কথাৰে আৰম্ভণি আৰু অন্ত থাকে। মই ভাবো যে মোৰ এই দীঘলীয়া আৰু পূৰ্বতকৈ বহু বেছি সফল টেনিছ কেৰিয়াৰৰ সামৰণি পেলাবলৈ এয়াই উপযুক্ত সময়৷’ তেওঁ লগতে কয়, ‘অৱশ্যে মই উৎসাহিত এইবাবেই যে মোৰ শেষৰ প্ৰতিযোগিতাখন ডেভিছ কাপৰ ফাইনেল হ’ব৷ য’ত মই মোৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিম।’ অধিক পঢ়ক … 1-MIN READ Assam Last Updated : October 10, 2024, 5:57 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta সম্পৰ্কীয় বাতৰি টেনিছ কেৰিয়াৰৰ পৰা অৱসৰ ঘোষণা কৰিলে ৰাফেল নাডালে। নৱেম্বৰত অনুষ্ঠিতব্য ডেভিছ কাপৰ ফাইনেলৰ পাছত আৰু কোৰ্টত দেখা নাযাব কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডালক। ২২বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন নাডালে নৱেম্বৰ মাহত মালাগাত অনুষ্ঠিত হ’বলগীয়া ডেভিছ কাপৰ ফাইনেলত স্পেইনৰ হৈ অন্তিমখন মেচত অংশগ্ৰহণ কৰিব। বৃহস্পতিবাৰে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নাডালে নিজৰ অৱসৰৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। অৱসৰৰ প্ৰসংগ উল্লেখ কৰি নাডালে কয়, ‘জীৱনত সকলো কথাৰে আৰম্ভণি আৰু অন্ত থাকে। মই ভাবো যে মোৰ এই দীঘলীয়া আৰু পূৰ্বতকৈ বহু বেছি সফল টেনিছ কেৰিয়াৰৰ সামৰণি পেলাবলৈ এয়াই উপযুক্ত সময়৷’ তেওঁ লগতে কয়, ‘অৱশ্যে মই উৎসাহিত এইবাবেই যে মোৰ শেষৰ প্ৰতিযোগিতাখন ডেভিছ কাপৰ ফাইনেল হ’ব৷ য’ত মই মোৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিম।’ বিজ্ঞাপন ৰাফেল নাডালে অলপতে সমাপ্ত হোৱা পেৰিছ অলিম্পিকৰ পাছৰে পৰা কোনোধৰণৰ পেছাদাৰী টেনিছত অংশগ্ৰহণ কৰা নাই৷ পেৰিছত একক শাখাৰ দ্বিতীয় ৰাউণ্ডত পুৰণি প্ৰতিদ্বন্দ্বী ন’ভাক জুক’ভিচৰ হাতত পৰাস্ত হৈছিল ৰাফেল নাডাল৷ কিন্তু কাৰ্লেছ আলকাৰাজৰ সৈতে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল নাডালে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: rafael nadal , Tennis First Published : October 10, 2024, 5:57 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.