NEWS

মুম্বাইত উদ্ধাৰ অসমৰ অভিনেত্ৰীৰ মৃতদেহ

বলীউদ অভিনেত্ৰী কাজলৰ ৱেব ছিৰিজ ‘দ্য ট্ৰায়েল’ ফেম অভিনেত্ৰী নুৰ মালৱিকা দাসৰ মৃত্যু। অভিনেত্ৰীগৰাকীৰ মৃতদেহ মুম্বাইৰ লোখণ্ডৱালাস্থিত তেওঁৰ বাসগৃহত উদ্ধাৰ হয়। ৬ জুনত প্ৰাক্তন এয়াৰ হোষ্টেজ তথা অভিনেত্ৰীগৰাকীৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰিপ’ৰ্ট অনুসৰি, অভিনেত্ৰীগৰাকীয়ে চূড়ান্ত সিদ্ধান্ত বাচি লৈছিল, কিন্তু মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট পোহৰলৈ অহাৰ পিছতহে স্পষ্ট হ’ব মৃত্যুৰ প্ৰকৃত কাৰণ। নুৰ মালৱিকা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কেইবাখনো ৱেব ছিৰিজ, টিভি ছিৰিয়েল আৰু বলীউদৰ ছবিত অভিনয় কৰিছে। নিজৰ সৌন্দৰ্য আৰু অভিনয়ৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছিল নুৰে। মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নুৰে প্ৰাপ্তবয়স্ক আৰু ব’ল্ড ছিৰিজেৰে নিজৰ পৰিচয় বনাইচিল। উল্লু এপৰ কেইবাখনো ৱেব ছিৰিজত দেখা গৈছে অভিনেত্ৰীগৰাকীক। অসমৰ বাসিন্দা নুৰ মালবিকা দাসে উল্লু এপৰ কেইবাখনো ছবি আৰু ছিৰিজত নিজৰ অভিনয়ৰ লগতে ব’ল্ডনেছৰ বাবে জনপ্ৰিয় হৈছিল। ‘বাকমেন’, ‘তীখী চাটনি’, ‘জঘন্যা উপায়’, ‘চৰমসুখ’, ‘দেখী অনদেখী’, ‘বেকৰোড হলচল’ আদিত অভিনয় কৰিছিল মালবিকাই। নুৰ মালবিকাৰ বহু জনপ্ৰিয় ছিৰিজ আছে, যিবোৰ যুৱচামৰ মাজত জনপ্ৰিয়। নিজৰ কেৰিয়াৰত নুৰে বলীউদৰ অভিনেত্ৰী কাজলৰ চৰ্চিত ছিৰিজ ‘দ্য ট্ৰায়েল’ত কাম কৰিছে। এই ছিৰিজত কাজলৰ উপৰি প্ৰখ্যাত বেংগলী আৰু হিন্দী অভিনেতা যীশু সেনগুপ্তায়ো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই ছিৰিজ অ’টিটি প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰত উপলব্ধ। নুৰ মালৱিকা দাস ছচিয়েল মিডিয়াত খুব এক্টিভ আছিল। কিন্তু তেওঁৰ ব্যক্তিগতজীৱনৰ বিষয়ে কোনো তথ্য পোহৰলৈ অহা নাচিল। ছচিয়েল মিডিয়াতো অভিনেত্ৰীগৰাকীৰ পৰিয়াল আৰু সংগী সম্পৰ্কত কোনো কথা শ্বেয়াৰ কৰা নাছিল। অৰ্থাৎ এয়া স্পষ্ট যে তেওঁ ব্যক্তিগত জীৱন গোপনে ৰাখিছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.