NEWS

আৱাহন থিয়েটাৰৰ 'মই হেনো প্ৰেমতে পৰিছোঁ' শীৰ্ষক ভিডিঅ' গীত মুকলি

আৱাহন থিয়েটাৰৰ 'মই হেনো প্ৰেমতে পৰিছোঁ' শীৰ্ষক ভিডিঅ' গীত মুকলি। ২০২৪-২৫ নাট্য বৰ্ষৰ বাবে সাজু হৈছে ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ নাট্য দল আৱাহন থিয়েটাৰ। শুকুৰবাৰে গুৱাহাটী ৰাজগড়ত অৱস্থিত মা ষ্টুডিঅ’ত আৱাহন থিয়েটাৰৰ ‘মই হেনো প্ৰেমতে পৰিছোঁ’ শীৰ্ষক ভিডিঅ’ গীতটি মুকলি কৰা হয়।‌ গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু নিলাভ নিতাই। গীতটিৰ সংগীত পৰিচালনা কৰিছে অজয় ফুকনে। আৱাহন থিয়েটাৰৰ ‘মেডাম মেনকা’ নামৰ নাটকখনৰ মূল গীত ৰূপত দেখা যাব এই গীতটো। আৱাহন থিয়েটাৰৰ ‘মইনা কুশলে আছনে’ নাটকখনৰ প্ৰম’ ভিডিঅ’ মুকলি কৰাৰ পাছতে শুকুৰবাৰে ‘মেডাম মেনকা’ নামৰ নাটকখনৰ মূল ভিডিঅ’ গীতটি মুকলি কৰে আৱাহন থিয়েটাৰ নাট্য গোষ্ঠীয়ে। অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, নাট্যকাৰ অভিজিত ভট্টাচার্য, অভিনেতা জেফ্ৰী বক্সী, নৃত্য পৰিচালক উদয় শংকৰ, সংগীত পৰিচালক অজয় ফুকনৰ লগতে কেইবাগৰাকী শিল্পী কলা-কুশলীসকল। ইপিনে বিগত বৰ্ষত অৰ্দ্ধাংগিনী নাটকখনে যিদৰে ৰাইজৰ সমাদৰ লাভ কৰিছিল ঠিক সেইদৰে এইবেলি ‘মইনা কুশলে আছনে’ নাটকখন ৰাইজে আকোঁৱালি ল’ব বুলি আশাবাদী আৱাহন থিয়েটাৰৰ কলা-কুশলীসকল। উল্লেখ্যযোগ্য যে ১৯৮০ চনত নাট্যনগৰী পাঠশালাত জন্ম হৈছিল ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ নাট্য দল আৱাহন থিয়েটাৰৰ। জন্মৰে পৰা মঞ্চনাটৰ জড়িয়তে দৰ্শকৰ মন মুহিবলৈ চেষ্টা কৰি আহিছে আৱাহন থিয়েটাৰে। প্ৰযোজক কৃষ্ণ ৰয়ৰ নেতৃত্বত ভ্ৰাম্যমাণৰ পীঠস্থান পাঠশালাত জন্ম লাভ কৰিয়েই ৰাজ্যৰ ভিন্ন প্ৰান্তত আৱাহন থিয়েটাৰে গঢ়ি তুলিলে এক সুকীয়া পৰিচয়। ১৯৮০ চনৰ পৰা ২০২৪-২৫ বৰ্ষত ৪৫ টা বৰ্ষ অতিক্ৰম কৰিব আৱাহন থিয়েটাৰে। সকলোৰে জ্ঞাত যে ২০১৯ চনত জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে দায়িত্ব লয় আৱাহন নাট্যদলৰ। ক’ভিড মহামাৰীৰ বাবে প্ৰথমতেই যেন কিছু বিপদত পৰিছিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। কিন্তু ২০২৩-২৪ নাট্যবৰ্ষত ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় আৱাহন নাট্য দলে। ২০২৪-২৫ নাট্যবৰ্ষতো আৱাহন থিয়েটাৰে দৰ্শকৰ বাবে লৈ আহিব তিনিখন নাটক। এইবাৰো আৱাহনৰ পৰিয়ালে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.