NEWS

India vs Bangladesh: টছত পৰাজিত হৈ প্ৰথম বেটিং টীম ইণ্ডিয়াৰ, আজি কোন কোন আছে ভাৰতৰ একাদশত?

দীৰ্ঘ ৬ মাহৰ অন্তত পুনৰ টেষ্ট ক্ৰিকেটলৈ উভতিছে টীম ইণ্ডিয়া। আজিৰ পৰা চেন্নাইত আৰম্ভ হ’ল ভাৰত বনাম বাংলাদেশৰ ২ খন খেলৰ প্ৰথমখন টেষ্ট শৃংখলা। এফালে পাকিস্তানক পৰাস্ত কৰি ভাৰতৰ মাটিত প্ৰথমখন টেষ্টত জয়ী হ’বলৈ উত্ৰাৱল হৈ পৰিছে বেংগল টাইগাৰছ। আনহাতে, টীম ইণ্ডিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। ফলত ক্ৰিকেট অনুৰাগীসকলে তুমুল যুঁজখন চাবলৈ অপেক্ষা কৰি আছে। চেন্নাইত হোৱা টছত ভাগ্যই লগ নিদিলে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক। বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে টছত জয়লাভ কৰি খেলপথাৰ আৰ্দ্ৰ আৰু আকাশ ডাৱৰীয়া হোৱাৰ বাবে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ৰোহিত শৰ্মাই কয় যে যদি তেওঁ যদি টছত জয়ী হয’লহেতেন তেতিয়াও তেওঁ বলিং বাছি ল’লেহেতেন। অৱশ্যে টছত পৰাস্ত হোৱাৰ পাছতো আত্মবিশ্বাসী টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা। ভাৰতীয় ক্ৰিকেট দলে প্ৰথম ইনিংছত ডাঙৰ স্ক’ৰ গঢ়ি বিপক্ষৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে। প্ৰথমতে ভবা হৈছিল যে টিম ইণ্ডিয়া ২ জন পেচাৰ আৰু ৩ জন স্পিনাৰ লৈ আহিব। কিন্তু যিহেতু খেলপথাৰত পেচাৰসকলৰ বাবে কিছু সুবিধা আছে, গতিকে ভাৰতীয় দলটোৱে ৩ জন পেচাৰে খেলিব গৈ আছে। বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলত সুযোগ পালে বংগৰ পেচাৰ আকাশ দীপে। ইয়াৰ উপৰিও দলটোৰ আন দুজন পেচাৰ হৈছে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ। স্পিনাৰ দুগৰাকী হৈছে ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজা। বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ভাৰতৰ একাদশৰ আভাস দিয়া হ’ল- ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গীল, বিৰাট কোহলি, কে এল ৰাহুল, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, আকাশ দীপ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ। ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে বাংলাদেশ একাদশ এনেধৰণৰঃ ছাদমান ইছলাম, জাকিৰ হাছান, নাজমুল হুছেইন শান্তো (অধিনায়ক), মমিনুল হক, মুছফিকুৰ ৰহিম, লিটন দাস, চাকিব আল হাছান, মেহদি হাছান মিৰাজ, তাস্কিন আহমেদ, নাহিদ ৰানা , হাছান মাহমুদ। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.