NEWS

Dibrugarh News: ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমৰ তিনিগৰাকীকৈ খেলুৱৈ, মৰাণৰ তিনি টাইকোৱাণ্ডো খেলুৱৈয়ে কঢ়িয়াই আনিলে গৌৰৱ

ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগীতাত মৰাণৰ কণমানি খেলুৱৈয়ে লাভ কৰিলে সোণৰ পদক টাইকোৱাণ্ডো খেলৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত জুয়ে পোৰা সোণ হৈ উজ্জ্বলিল অসমৰ তিনিগৰাকীকৈ খেলুৱৈয়ে। ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত মৰাণৰ কণমানি খেলুৱৈয়ে লাভ কৰিলে সোণৰ পদক। দৈনিক অনুশীলন, একাগ্ৰতা, কঠোৰ পৰিশ্ৰমৰ বলত ডিব্ৰুগড় জিলাৰ মৰাণৰ নিচেই ফুলকুমলীয়া বয়সৰ তিনিগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে। সৰুৰে পৰা খেলৰ প্ৰতি থকা আগ্ৰহৰ বাবেই আজি কণ কণ খেলুৱৈ কেইগৰাকীয়ে টাইকোৱাণ্ডো খেলৰ জৰিয়তে অসমৰ লগতে ডিব্ৰুগড় জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰতিভাধৰ খেলুৱৈ কেইগৰাকীয়েউত্তৰপ্ৰদেশৰ কাণপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় চাব্ জুনিয়ৰ আৰু কেডেট টাইকোৱাণ্ডো প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক লাভ কৰি অসমৰ লগতে মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকীকৈ কণমানি খেলুৱৈয়ে৷ মৰাণৰ বাটাৰফ্লাই ৩ বি টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থী অনিন্দিত চাংমাইয়ে প্ৰতিযোগিতাৰ ১৮ কেজি শাখাত সোণৰ পদক আৰু অংঘুৰাজ চুতীয়াই ২১ কেজি শাখাত সোণৰ পদক লাভ কৰে৷ আনহাতে ৰুলী টুডুৱে ব্ৰঞ্জৰ পদক লাভ কৰে ২২ কেজি শাখাত৷ প্ৰতিযোগীকেইগৰাকী মৰাণহাট ৰেল’ৱে ষ্টেচনত উপস্থিত হোৱাৰ পাছতে অভিভাৱক আৰু শুভাকাংশীসকলে উষ্ম আদৰণি জনায়৷ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসম দলে ৮টা সোণৰ, ৬টা ৰূপৰ আৰু ১০টা ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিযোগিতাখনৰ তৃতীয় শ্ৰেষ্ঠদলৰ সন্মান লাভ কৰে৷ এই প্ৰতিযোগিতাত দেশৰ ২৩খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল। অসমৰ হৈ ৫৫গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাখনত অসমৰ ৭জন খেলুৱৈয়ে সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৰূপৰ পদক ৬জনে আৰু ব্ৰঞ্জৰ পদক ১০জনে লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰতে মৰাণৰ ৪জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুজনে সোণৰ পদক, এজনে ব্ৰঞ্জৰ লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত পদক লাভ কৰাসকলে পৰৱৰ্তী সময়ত ইণ্ডিয়ান চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব\“৷ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.