NEWS

দাঁতৰ ক্ষেত্ৰত এই ভুল কেতিয়াও নকৰিব, কেনেদৰে ল'ব দাঁতৰ যতন?

দাঁতৰ ক্ষেত্ৰত এইটো ভুলে আনিব পাৰে ভয়ংকৰ বিপদ। কি ক'লে দন্ত চিকিৎসকে? আজিকালি সাধাৰণতে প্ৰায় লোকৰে এটা প্ৰধান সমস্যা হৈ পৰিছে দাঁতৰ সমস্যা। দাঁতৰ বিভিন্ন সমস্যাত ভুগা দেখা যায় লোকসকলক। বহুতে দাঁতৰ বিষৰ সমস্যাত ভুগে, দাঁতৰ পৰা তেজ ওলোৱা, পুঁজ ওলোৱা, দাঁতৰ আলু ফুলা আদি বিভিন্ন সমস্যাত ভুগা দেখা যায়। কিন্তু এইসমূহ সমস্যা সন্মুখীন হোৱাৰ আগতীয়াকৈ কেনেকৈ আমি দাঁতৰ যতন ল’ব লাগে বহুতেই হয়তো ভালদৰে নাজানে। নাইবা আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত দাঁতৰ বাবে হয়তো কমেই গুৰুত্ব আৰোপ কৰে। কিন্তু কিছু ভুলৰ বাবে আপুনি ভৱিষ্যতে ভয়ংকৰ বিপদৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সেইবাবে দাঁতৰ যতন লোৱাটো খুবেই জৰুৰী। দাঁতৰ আমি কেনেদৰে যতন লোৱা উচিত সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইদন্ত চিকিৎসক ডাঃ সুমেধা শৰ্মাই। তেওঁ উল্লেখ কৰা অনুসৰি, প্ৰথম কথা প্ৰতিজন ব্যক্তিয়ে ৰাতিপুৱা আৰু ৰাতি শুৱাৰ আগত ব্ৰাছ কৰিব লাগে। অৰ্থাৎ প্ৰতিদিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰাটো খুবেই জৰুৰী। যদিহে আপোনাৰ দাঁতত হালধীয়া দাগ নাইবা ক’লা দাগ পৰে তেতিয়া হ’লে দন্ত চিকিৎসকৰ ওচৰত দাঁত পৰিস্কাৰ কৰোৱাব পাৰে। সাধাৰণতে বছৰত দুবাৰকৈ দাঁত পৰিস্কাৰ কৰোৱাব লাগে। নহ’লে বছৰত এবাৰ হ’লেও চিকিৎসকৰ ওচৰত পৰিস্কাৰ কৰোৱাটো জৰুৰী। দাঁতৰ বিষ হ’লে অৱহেলা কৰিব নালাগে। লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে। দাঁত বিষ অৱহেলা কৰিলে ভৱিষ্যতে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।‌ যিকোনো দাঁতৰ সমস্যাৰ বাবে আপুনি দন্ত চিকিৎসকক দেখুওৱাটো খুবেই জৰুৰী। চিকিৎসকৰ পৰামৰ্শ মতেহে আপুনি আপোনাৰ দাঁতখিনি সুস্থ কৰি ৰাখিব পাৰিব।‌ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.