NEWS

ম’বাইল ফোন বা কম্পিউটাৰত অহা সকলো লিংকত ক্লিক কৰে নেকি? তেন্তে সাৱধান!

হঠাৎ আপোনাৰ এণ্ড্ৰইড ম’বাইল ফোনত এটা ভিডিঅ’বা লিংক আহিলে আপুনিও ক্লিক কৰি চাবলৈ আৰম্ভ কৰে। আপুনি জানেনে? যে সেইটো ক্লিক কৰি আপুনি হেকাৰক আপোনাৰ ফোনৰ তথ্যসমূহ পাবলৈ অনুমতি দি দিলে। লগে লগে হেকাৰে আপোনাৰ মোবাইল ফোনটো নিজৰ দখললৈ লৈ যায়। আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি ইমেইল পাছৱৰ্ড, সকলোবোৰ গম পাই যায়। মেইলৱায়াৰ বুলি কোৱা বস্তুটো বিশেষকৈ হেকাৰে ব্যৱহাৰ কৰে ই এনে এটা চফটৱেৰ যিটোৱে যিকোনো অপাৰেটিং চিষ্টেমত প্ৰৱেশ কৰিলেই তাত থকা সকলো বস্তুৱেই নিজৰ দখললৈ লৈ যায়। চাইবাৰ অপৰাধীয়ে অন্য নেটৱৰ্কৰ বিৰুদ্ধে সেৱা অস্বীকাৰ আৰম্ভ কৰে। আৰু এনেদৰে একাধিক কম্পিউটাৰ নাইবা ফোন নিজৰ নিয়ন্ত্ৰণত কৰি লয়। কেইবাবিধো মেইলৱায়াৰ আছে। যেনে ৰেনছমৱায়াৰ, স্কেয়াৰৱায়াৰ, স্পাইৱায়াৰ, ট্ৰ’জান, এডৱায়াৰ ইত্যাদি। চাইবাৰ বিশেষজ্ঞসকলে কয়, “শেহতীয়াকৈ চাইবাৰ প্ৰৱঞ্চকে বিভিন্ন এপ্লিকেচনৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰলোভন দিয়ে। বিভিন্ন পাইৰেটেড চফটৱেৰ দেখুৱাই। নজনাকৈয়ে বহুতে ম’বাইল বা কম্পিউটাৰত এইবোৰ ইনষ্টল কৰি আছে। ফলত হেকাৰে সহজে ম’বাইল ফোন বা কম্পিউটাৰ দখল কৰিবলৈ লৈছে। বহু সময়ত বিজ্ঞাপন আহে ‘আপোনাৰ ম’বাইল বা কম্পিউটাৰ লেহেমীয়া নেকি? তাৰ বাবে এইটো ক্লিক কৰক।’ এনেবোৰ মেচেজ আহিলে তৎক্ষণাৎ আওকাণ কৰক। এনেকোৱা সময়ত ফোনটো পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ কি কৰিব? ইউটিউবৰ কিছুমান ভিডিঅ’ত নিৰ্দিষ্ট লিংক দি সমাধানৰ কথা কয় যদিও সেই মতে লিংকত ক্লিক কৰিলে হেকাৰে ম’বাইল ফোন বা কম্পিউটাৰটো নিজৰ দখললৈ লৈ যোৱাৰ সম্ভাৱনা হে বেছি। চাইবাৰ বিশেষজ্ঞসকলে বাৰে বাৰে এই কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰি আহিছে। এইদৰে হেকাৰে কম্পিউটাৰ বা ম’বাইল ফোনত গৈ হাৰ্ড ডিস্কৰ সকলো বস্তু নিজৰ দখললৈ লৈ যায়। বহু সময়ত তাত থকা গোপন বস্তুবোৰেৰে বহু লোকক ব্লেকমেইলিং কৰি টকাও লোৱা দেখা যায়। এই মেইলৱায়াৰৰ পৰা বহুলোক সৰ্বশ্বান্ত হৈ পৰে। গতিকে প্ৰশ্ন হয় যে সেই অনলাইন লিংক অথবা কুইজ আৰু পুৰস্কাৰ পোৱা লিংকবোৰত আপুনি ক্লিক বা ইনষ্টলব কৰিব নে নাই। বিশেষজ্ঞ সকলে জনাইছে যে আমি এনেধৰণৰ লিংকত ক্লিক কৰিব নালাগে। কাৰণ এনে কৰিলেই আপোনাৰ সমষ্ট তথ্য হেকাৰৰ হাতলৈ গুচি যাব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.