NEWS

Durga Puja: নৱৰাত্ৰিৰ সপ্তমী তিথিত দেৱীক কালৰাত্ৰিৰ ৰূপত পূজা অৰ্চনা কৰা হয়, আজিৰ দিনটোত কৰক এই কাম, দূৰ হ’ব গ্ৰহদোষ

কালৰাত্ৰি দেৱীক মা কালি আৰু চামুণ্ডাৰ সংহাৰী ৰূপৰ অন্যতম হিচাপে অভিহিত কৰা হয় । প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত দুৰ্গা পূজাৰ প্ৰচলন আছে বুলি বহুতো তথ্য আছে। বহুপৌৰাণিক ৰীতি নীতি, পৰম্পৰা, কাহিনী অথবা শাস্ত্ৰীয় ব্যাখ্যা জড়িত হৈ আছে এই দুৰ্গোৎসৱৰ লগত। তেজপুৰৰ বিশিষ্ট পুৰোহিত প্ৰীতম দেৱ শৰ্মাই দুৰ্গা পূজাৰ প্ৰচলন অথবা নীতি নিয়ম সমূহৰ বিষয়ে এইদৰে কয়। এই নৱৰাত্ৰিৰ ৯ দিনৰ অন্যতম গুৰুত্বপূৰ্ণ দিন হ’ল মহাসপ্তমী। মহাসপ্তমীৰ দিনাই দেৱী দুৰ্গাক আহ্বান কৰি নৱপত্ৰিকা স্থাপনেৰে পূজাৰ আৰম্ভণি কৰা হয়। মহাসপ্তমী পূজাৰ দিনটোৰ পৰাই এই নৱপত্ৰিকা আৰু যুৰীয়া বেলত দেৱী দুৰ্গাৰ উপাসনা কৰা হয়। নৱপত্ৰিকা ৯বিধ সামগ্ৰীৰে অতি সুন্দৰভাৱে সজোৱা হয়। ৯ বিধ সামগ্ৰী হ’ল কলগছ, ধান, ডালিম, বেল, হালধি, অশোক গছ, জয়ন্তী ফুলৰ গছ, বগা অপৰাজিতা আৰু কচু। এইকেইবিধ সামগ্ৰীৰে নৱপত্ৰিকাক কইনাৰ ৰূপত দীঘল উৰণিৰে ঢাকি পূজা কৰা হয়। আৰু পঢ়ক: ১০০গৰাকী ধনাঢ্য ভাৰতীয়, প্ৰতিগৰাকী ৯০ লাখত কোটিকৈও অধিক সম্পত্তিৰগৰাকী, চাওক কোন ভাৰতীয় ওচৰত কিমান টকাৰ সম্পত্তি আছে? নৱৰাত্ৰিৰ সপ্তমী তিথিত দেৱীক কালৰাত্ৰিৰ ৰূপত পূজা অৰ্চনা কৰা হয়। এই দেৱীৰ উল্লেখ প্ৰাচীন সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত প্ৰথম বাৰৰ বাবে পোৱা হৈছিল। কালৰাত্ৰি দেৱীক মা কালি অথবা মা চামুণ্ডাৰ সংহাৰী ৰূপ সমূহৰ অন্যতম হিচাপে অভিহিত কৰা হয়। দেৱী কালৰাত্ৰিৰ উল্লেখ মহাভাৰতটো পোৱা যায়। দেৱী দুৰ্গাৰ সপ্তম শক্তি দেৱী কালৰাত্ৰি হ’ল দৃষ্টিৰ দেৱী। তেওঁৰ শৰীৰৰ বৰ্ণ ডাঠ আন্ধাৰৰ দৰে ক’লা। তেওঁৰ ডিঙিত থাকে এডাল বজ্ৰপাতৰ হাৰ। তৃণয়নি দেৱী কালৰাত্ৰিৰ চকু দুটা বিশ্ব ব্ৰহ্মাণ্ডৰ দৰে ঘূৰণীয়া। হস্তে ত্ৰিশূল ধাৰণ কৰা দেৱী কালৰাত্ৰিৰ বাহন হ’ল গৰ্দভ অথবা গাধ।দেৱী দুৰ্গাৰ এই ৰূপক মংগলৰ দেৱী বুলিও জনা হয়সেইবাবে তেওঁৰ আন এটা নাম সুভাঙ্কৰিনি। দেৱী কালৰাত্ৰিৰ উপাসনা কৰিলে ভক্তৰ মঙ্গল হোৱাৰ লগতে গ্ৰহৰ বাধা দূৰ হয়। তাৰ উপৰিও সকলোকে শত্ৰু, পানী, জীৱ জন্তু, অগ্নি অথবা ৰাতিৰ ভয়ৰ পৰা মুক্ত কৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.