NEWS

নিশা কেইবজাত সামৰিব লাগিব বিহুৰ অনুষ্ঠান?

‘বিহুটি‌‌ নামেৰে তিনিটি আখৰে কোনে লিখি গ’ল শিলত,‌ ঘূণেও নধৰে মামৰেও নধৰে থাকিল অসমীয়াৰ মাজত। চাওঁতে চাওঁতে অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটি পদূলি মুখত। ৰাজ্যজুৰি চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি। ৰাজ্যৰ ঠায়ে-ঠায়ে চলিছে বিহুৰ কৰ্মশালা, বিহু সন্মিলন উদযাপনৰ প্ৰস্তুতি, বিহু হুঁচৰি সমূহৰ আখৰা সমান্তৰালকৈ ঘৰে ঘৰে জা-জলপানৰ প্ৰস্তুতি লগতে তাঁতশালত শিপিনীসকলো ব্যস্ত হৈ পৰিছে হেঁপাহৰ বিহুৱানখন বৈ উলিওৱাত। মুঠতে ৰঙালী‌ বুলি ক’লেই প্ৰতিজন‌ অসমীয়াৰে গা সাতখন-আঠখন লাগে। ইপিনে প্ৰতি বছৰৰ দৰে এইবেলিও গুৱাহাটী মহানগৰীৰ বিহু সমিতিসমূহে উদযাপন কৰিব বিহু সন্মিলনীৰ। এইবেলি বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিয়ে বিহু সমিতিসমূহক লৈ লৈছে পাঁচটা সিদ্ধান্ত। গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ সম্পাদক অজয় তালুকদাৰে উল্লেখ কৰা অনুসৰি পাঁচটা সিদ্ধান্ত এনেধৰণৰ। আৰু পঢ়ক: IPLৰ উন্মাদনাৰ মাজতে দুখৰ খবৰ! শেষ নিশ্বাস ত্যাগ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ ১. ৰাতি ১২ বজাৰ ভিতৰত গুৱাহাটীৰ ৫২খন বিহু সমিতিয়ে অনুষ্ঠান সামৰিব লাগিব। বিশেষ কাৰণত অনুষ্ঠান আৰম্ভ হোৱাত পলম হ’লে নিশা ১ বজালৈ অনুষ্ঠান চলাব পাৰিব। ২.বিহুত সকলোৱে মাৰ্জিত অর্থাৎ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব লাগিব। শিল্পীসকলক পৰম্পৰাগত সাজ-পোছাক পিন্ধি অনুষ্ঠান পৰিৱেশন কৰাৰ আহ্বান। ৩. এইবাৰ ‘বিহু সংগঠক বঁটা’ দুগৰাকী বিহু সংগঠকক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মৰণোত্তৰভাৱে নুনমাটি বিহু সম্মিলনীৰ প্ৰয়াত গোপাল দাস আৰু গণেশগুৰি বিহু সন্মিলনীৰ উপদেষ্টা যতীন দাসলৈ ‘বিহু সংগঠক বঁটা’ প্রদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৪. বিহু সমিতিসমূহক চৰকাৰে দিয়া ১.৫ লাখ টকাৰ মাননী বিহুৰ আগতে দিয়াৰ আহ্বান। ৫. বিহু মঞ্চত জনজাতীয় নৃত্য-গীত, লোকনৃত্য, লোকসংগীতক প্রাধান্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.