NEWS

Solar Eclipse 2024 : মহালয়াৰ দিনাই হ’ব সূৰ্যগ্ৰহণ, সূৰ্যগ্ৰহণৰ সময়ত কৰক এইকেইটা কাম, দূৰ হ’ব সূৰ্যদোষৰ লগতে ঘৰুৱা অশান্তি!

সূৰ্য যাৰ দুৰ্বল, পিতৃৰ লগত মতবিৰোধ, তেন্তে সূৰ্য গ্ৰহণ দিনা গ্ৰহণ কৰক এই উপায়। ২০২৪ বৰ্ষত মহালয়াৰ দিনটোতে হ’ব বিৰল সূৰ্যগ্ৰহণ। ভাৰতীয় সময়, অনুসৰি ২ অক্টোবৰৰ নিশা ৯ বাজি ১৩ মিনিটৰ পৰা আৰম্ভ হৈ মাজৰাতি ৩ বাজি ১৭ মিনিটত সমাপ্ত হ’ব এই সূৰ্যগ্ৰহণ। জ্যোতিষী মতে, দুৰ্লভ হ’ব বছৰটোৰ এই দ্বিতীয়টো সূৰ্যগ্ৰহণ। যিসকল জাতক-জাতিকাৰ সূৰ্য দুৰ্বল, পিতৃৰ লগত মতবিৰোধ হৈ থাকে, তেন্তে বিৰল সূৰ্য গ্ৰহণৰ দিনটোত গ্ৰহণ কৰক কেতবোৰ উপায়। জ্যোতিষী অপূৰ্ব জোনাক দত্তই ব্যক্ত কৰা অনুসৰি, বছৰৰ শেষৰ সূৰ্যগ্ৰহণটো দেখা যাব ২ অক্টোবৰ বুধবাৰে। জ্যোতিৰ্বিদসকলে জনাইছে যে সূৰ্যগ্ৰহণৰ দিনা তুলনামূলকভাৱে চন্দ্ৰটোক সৰু দেখা যাব। ইয়াৰ ফলস্বৰূপে সূৰ্যৰ পোহৰ ঢাক খাই যাব আৰু ৰিং অফ ফায়াৰৰ সৃষ্টি হ’ব। বিৰল এই বলয়গ্ৰাস সূৰ্যগ্ৰহণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা দেখা যাব। বিশেষকৈ দক্ষিণ চিলি আৰু দক্ষিণ আৰ্জেণ্টিনাৰ পৰা ইয়াক দেখা যাব। ভাৰতৰ পৰা ইয়াক দেখিবলৈ পোৱা নাযাব। সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী যেতিয়া একেডাল সৰল ৰেখাত অৱস্থান কৰে তেতিয়াই সূৰ্যগ্ৰহণে দেখা দিয়ে। নিজ কক্ষপথত গতি কৰোতে চন্দ্ৰ যেতিয়া সূৰ্য আৰু পৃথিৱীৰ ঠিক মাজতে পৰে তেতিয়া সূৰ্যৰ পোহৰ বাধাপ্ৰাপ্ত হৈ পৃথিৱীত নপৰেহি আৰু ইয়াকেই সূৰ্যগ্ৰহণ বোলে। এই বিৰল মহাজাগতিক দিনটোত, যিসকল জাতক-জাতিকাৰ পিতৃৰ সৈতে বিভিন্ন কাৰণত মত বিৰোধ আছে, যিসকল জাতক-জাতিকাৰ পিতৃৰ লগত কথা নিমিলে, সূৰ্য দুৰ্বল বা গ্ৰহণৰ দোষ আছে সেইসকল জাতক-জাতিকাৰ প্ৰতিকাৰো আছে। যাৰ জন্ম কুণ্ডলী শনি, ৰাহু, কেতুৰ লগত আছে সেইসকলে কৰক কিছুমান কাম। নিশা ৯.৩০ মিনিটৰ পিছত সূৰ্যগ্ৰহণৰ পিছত এটা তামৰ পাত্ৰ ল’ব। পাত্ৰটোত তুলসী পাত ৰাখিব। ইয়াৰ পিছতে বিশুদ্ধ পানী ৰাখিব। সম্ভৱ হ’লে গংগাজল ল’ব তাম পাত্ৰটোত। এই কাৰ্য কৰাৰ পিছত কেশৰ দিব। এই তিনিটা বস্তু সংমিশ্ৰণ কৰাৰ পিছত এই মন্ত্ৰ উচ্চাৰণ কৰক। “ঔম: ঘ্ৰিণী সূৰ্যায় নমঃ” মন্ত্ৰষাৰ ১০৮ বাৰ জপ কৰিব। জপ কৰাৰ পিছত সূৰ্য উদয় হোৱা দিশত তাম পাত্ৰৰ পানীখিনি ঘৰৰ পূব ফালে ঢালিব। মন কৰিব যাতে ভৰিত পানী নপৰে। ইয়াৰ পিছত প্ৰাৰ্থনা কৰিব, পিতৃৰ সৈতে হোৱা মতবিৰোধ দূৰ হওক। জন্ম কুণ্ডলীত যি গ্ৰহণ দোষ আছে সেয়া নাশ হ’ব লাগে। এই কাম কৰি চাওক বিশেষ দিনটোত। এয়া কৰিলে এই সমস্যা দূৰ হ’ব বুলি বিশ্বাস কৰা হয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.