NEWS

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ‘চেলেঞ্জ’

শিৱাণু বৰা আৰু ৰমেন বৰা পৰিচালিত তথ্যচিত্ৰ ‘চেলেঞ্জ’ আগন্তুক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ( MIFF ) ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু এন এফ ডি চিৰ দ্বাৰা আয়োজিত ১৮ সংখ্যক এই মহোৎসৱ এইবাৰ অনুষ্ঠিত হ’ব অহা ১৫ জুনৰ পৰা ২১ জুনলৈ। কামৰূপা ক্ৰিয়েছনচৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখনৰ প্ৰযোজনা ভৰত কলিতাৰ। উল্লেখযোগ্য যে ‘চেলেঞ্জ’ শেহতীয়াকৈ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ( KIFF ) শ্ৰেষ্ঠ তথ্যচিত্ৰৰ ‘গ’ল্ডেন ৰয়েল বেংগল টাইগাৰ’ এৱাৰ্ড লাভ কৰিছিল। তদুপৰি হাৰিয়ানাত অনুষ্ঠিত চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱতো জুৰীৰ বিশেষ সন্মান লাভ কৰিছিল এই তথ্যচিত্ৰখনে। ৩৬ মিনিট দৈৰ্ঘৰ ‘চেলেঞ্জ’ত এগৰাকী বিশেষভাবে সক্ষম কন্যা সন্তানৰ জীৱন সংগ্ৰাম তথা এনে সন্তানসকলক গঢ় দিওঁতে অভিভাৱকসকলৰ যি কষ্টকৰ সংগ্ৰাম জড়িত হৈ থাকে তাকেই প্ৰতিফলিত কৰা হৈছে। ‘চেলেঞ্জ’ৰ ধাৰাভাষ্যকাৰ হিচাপে আছে জীতেন্দ্ৰ ৰামপ্ৰকাশ আৰু পবিত্ৰ মাৰ্ঘেৰিটা। চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই। ডি আই ৰতন শীল শৰ্মাৰ। চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ । সম্পাদনা ৰমেন বৰাৰ । ছাউণ্ড ডিজাইন অমৃত প্ৰীতম আৰু দেৱজিত চাংমাইৰ। উল্লেখযোগ্য যে এইবাৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ ( চুটি ছবি আৰু তথ্যচিত্ৰ ) নিৰ্বাচনৰ বাবে ভাৰতকে ধৰি মুঠ ৩৮ খন দেশৰ পৰা মুঠ ১০১৮ খন তথ্যচিত্ৰ আৰু চুটি ছবিয়ে আবেদন কৰিছিল। ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাৰ বাবে প্ৰেৰণ কৰা তথ্যচিত্ৰৰ সংখ্যা আছিল ৮৬ খন। আনহাতে, মহোৎসৱৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাৰ বাবে প্ৰেৰণ কৰা তথ্যচিত্ৰৰ সংখ্যা আছিল ৩০৫ খন । উল্লেখযোগ্য যে এই ৩০৫ খন তথ্যচিত্ৰৰ মাজৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে ‘চেলেঞ্জ’। ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাৰ বাবে মুঠ ৩০ খন তথ্যচিত্ৰ নিৰ্বাচিত হৈছে। অহা ১৮ জুনৰ দুপৰীয়া ২ বজাত মহোৎসৱত প্ৰদৰ্শিত হ’ব ‘চেলেঞ্জ’ । None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.