NEWS

Durga Puja 2024: দুৰ্গা পূজাৰ সপ্তমীৰ দিনা ১০৮ গছি বন্তি জ্বলালে কি হয়? বেলৰ তলত কিয় পানী ঢালিব লাগে?

দুৰ্গা পূজাৰ সপ্তমী দিনা ১০৮ গছি বন্তি জ্বলালে কি হয়। বেলৰ তলত কিয় পানী ঢালিব শৰত কালৰ ৰাতি অতি বিতোপন এই শৰত কালতেই ধৰালৈ নামি আহে দুর্গতিনাশিনী মা দুৰ্গা। দুৰ্গা পূজাৰ ষষ্ঠ দিনটোত কাত্যায়নী ৰূপত দুৰ্গা মাক পূজা কৰা হয়। সন্ধিয়া মৌ প্ৰসাদ বঢ়াব লাগে এই দিনটোত ৰঙা ৰং শুভ কাৰক হিচাপে ধৰা হৈছে। সপ্তমী দিনটোত কালৰাত্ৰি মাক পূজা কৰা হয় আৰু কালৰাত্ৰি দিনটোত নীলা ৰঙ ধাৰণ কৰিলে ভাল আৰু “ওম হিং সিং কালৰাত্ৰি দুৰ্গা নমঃ” বুলি মন্ত্ৰ মাতিব লাগে। দুৰ্গা পূজাৰ ষষ্ঠী নিশা সকলোৱে ঘৰত এগছি বন্তি জ্বলাই আৰু বেলৰ তলত যদি পানী ঢালি সকলোৱে যদি এগছি চাকি জ্বলাই তেতিয়াহলে সকলোৰে মনৰ পৰা আঁসোৱাহবোৰ দূৰ হ’ব আৰু তেওঁৰ জীৱনত ভাল দিন আহি পৰিব। সপ্তমী তিথিত চকু দান দিয়া হয় আৰু এইবেলি অষ্টমী আৰু নবমী তিথি একেলগে পৰিছে আৰু এই অষ্টমী দিনাই সন্ধি পূজা কৰা হব এইবেলি সন্ধি পূজা ৰাতিপুৱাই পৰিছে। সন্ধি পূজা দিনা ১০৮ গছি বন্তি জ্বলালে সকলো ৰাশিৰ লোকৰ মনোবাঞ্ছা পূৰণ হয়। এই বন্তিগছিয়ে যেনেদৰে নিৰপেক্ষভাৱে সদায় পোহৰ দিয়ে ঠিক তেনেদৰে সকলো মানুহৰ বাবে বন্তি গছিয়ে আন্ধাৰ গুচাই পোহৰৰ সন্ধান আনিব বুলি বিশ্বাস কৰা হয়। অষ্টমী আৰু নবমীৰ পিছত দেৱী বিসৰ্জন হ’ব। এইবেলি দেৱী ঘোঁৰাত গমন কৰিব গতিকে এইবেলি সকলো মানুহে বাহন চলালে অতি সাৱধানে চলোৱাটো ভাল। এই সময়ত বহুতো দুৰ্ঘটনাৰ যোগ হয় কাৰণ বহুতো ৰিষ্ট দেখা যায় গতিকে সকলোৱে মা দুৰ্গাক ভালদৰে নিয়মবোৰ মানি পূজা কৰিব লাগে। মা দুৰ্গাই যাতে সকলোকে বিপদৰ পৰা মুক্তি কৰি দিয়ে যিকোনো বিপদৰ পৰা যাতে মুক্ত কৰি দিয়ে আশীৰ্বাদ দিয়ে সেইবাবে মা দুৰ্গাক প্ৰতিদিনে পূজা অৰ্চনা কৰিব লাগে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.