NEWS

Virat Kohli: ডাঙৰ খবৰ! কোহলিৰ জীৱনত নতুন ইনিংছ! ক্ৰিকেট এৰি এইবাৰ 'অন্য' পেছাত বিৰাট?

ডেৰ দশকৰো বেছি সময় ধৰি হাতত বেট লৈ ২২ গজত ৰাজত্ব কৰি আছে বিৰাট কোহলিয়ে। কেইবাটাও উল্লেখযোগ্য অভিলেখ গঢ়ি ক্ৰিকেটৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈ পৰিছে বিৰাট খেলুৱৈ। ইতিমধ্যে টী-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বিৰাট কোহলিয়ে। তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ একেবাৰে অন্তিম সময়ত উপনীত হৈছে বিৰাট কোহলি। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত অভিনয় জগতত ভৰি দিব নেকি বিৰাট কোহলিয়ে? এই লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা। ক্ৰিকেটৰ লগতে খেলপথাৰত কেইবাবাৰো ভাইৰেল হৈ পৰিছে বিৰাট কোহলিৰ নৃত্য। খেলপথাৰৰ বাহিৰতো কোহলিৰ ডান্স ষ্টেপে একাধিক পাৰ্টিত অনুৰাগীৰ হৃদয় জয় কৰিছে। ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ সময়তো কোহলিৰ অভিনয় দক্ষতাকো বহুবাৰ প্ৰশংসা কৰা হৈছে। কোৱা বাহুল্য যে কোহলি ডাঙৰ পৰ্দাত আহিলে হয়তো অনুৰাগীৰ অভাৱ নহ’ব। কিন্তু সঁচাকৈয়ে বিৰাট কোহলি চিনেমাত আহিব লাগেনে? এই বিষয়ে কাষ্টিং ডাইৰেক্টৰ মুকেশ ছাব্ৰাই এটা প’ডকাষ্টত দিছে উত্তৰ। মুকেশ ছাবৰাই ভাবে, “বিৰাট এজন খুব ভাল মানুহ। ধেমেলীয়া মানুহ। অভিনয়ৰ দক্ষতাও ভাল। নৃত্যৰ দক্ষতাও যথেষ্ট আছে। ইয়াৰ উপৰিও, এজন পিতৃ আৰু স্বামী হিচাপে, তেওঁ সকলোৰে পৰা সমীহ আদায় কৰিছে। তেওঁ দেশক গৌৰৱান্বিত কৰিবলৈ বহুতো কাম কৰিছে। কোহলিয়ে দেখুৱাইছে কেনেকৈ সফলতাৰ সৈতে মিলি চলিব লাগে। কিন্তু তেওঁ য’ত আছে তাত থকাই উচিত। চিনেমালৈ নোযোৱাই ভাল।” প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বেও কেইবাগৰাকীও ভাৰতীয় ক্ৰিকেটাৰক অভিনয় জগতত প্ৰৱেশ কৰা দেখা গৈছে। সেই তালিকাত অজয় ​​জাদেজা, সলিল অংকোলা আৰু বহুতো নাম সন্নিবিষ্ট হৈছে। ক্ৰিকেটৰ পৰা বিদায় লৈ কেৰিয়াৰৰ দ্বিতীয় ইনিংছত কি বাছি লয় কোহলিয়ে সেয়া সময়তহে লক্ষণীয় হ’ব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.