NEWS

Navratri 2024 : নৱৰাত্ৰিৰ আজি দ্বিতীয় দিনা হ’ব মা ব্ৰহ্মচাৰিণীৰ পূজা, জানি লওক উপাসনাৰ বিধি

শাৰদীয় নৱৰাত্ৰিৰ আৰম্ভণি বৃহস্পতিবাৰৰ পৰা হৈছে আৰু নৱৰাত্ৰিৰ দ্বিতীয় দিন। আজি দ্বিতীয় দিনটো মা ব্ৰহ্মচাৰিণীৰ প্ৰতি সমৰ্পিত। জানো আহক নৱদুৰ্গাৰ দ্বিতীয় ৰূপ মা ব্ৰহ্মচাৰিণীৰ মান্যতা কি, উপাসনা বিধি আৰু উপাসনাৰ পৰা কি লাভ হয়। নৱৰাত্ৰিৰ দ্বিতীয় দিনা মাৰ ব্ৰহ্মচাৰিণী ৰূপৰ উপাসনা কৰা হয়। ইয়াক জ্ঞান, তপস্যা আৰু বৈৰাগ্যৰ দেৱী হিচাপে মনা হয়। কঠোৰ সাধানা কৰাৰ ফলত আৰু ব্ৰহ্মত লীন হৈ থকা বাবে ইয়াক ব্ৰহ্মচাৰিণী কোৱা হয়। বিদ্যাৰ্থীসকলৰ বাবে আৰু তপস্যীসকলৰ বাবে ইয়াৰ পূজা খুব শুভ আৰু ফলদায়ক হয়। যিসকলৰ চন্দ্ৰ দুৰ্বল তেওঁলোকৰ বাবেও ব্ৰহ্মচাৰিণীৰ উপাসনা অনুকূল হয়। মা ব্ৰহ্মচাৰিণীৰ উপাসনাৰ সময়ত হালধীয়া বা বগা বস্ত্ৰ ধাৰণ কৰক। লগতে মাক বগা সামগ্ৰী অৰ্পণ কৰক, যেনে মিশ্ৰী, চেনি বা পঞ্চামৃত। জ্ঞান আৰু বৈৰাগ্যৰ যিকোনো মন্ত্ৰ মাৰ সন্মুখত জপ কৰিব পাৰে। লগতে জুলীয়া আহাৰ আৰু ফলাহাৰ ওপৰত গুৰুত্ব দিয়ক। মা ব্ৰহ্মচাৰিণীৰ পূজাৰ লাভ ১. নৱৰাত্ৰিৰ দ্বিতীয় দিনা বগা বস্ত্ৰ বস্ত্ৰ ধাৰণ কৰি পূজা কৰা উচিত বা মহিলাসকলে হালধীয়া বস্ত্ৰ পৰিধান কৰিব পাৰে। ২. এই দিনটো মাৰ মন্ত্ৰৰ সৈতে চন্দ্ৰমাৰ মন্ত্ৰ জপ কৰিব পাৰে। ৩. মাক ৰূপৰ সামগ্ৰী অৰ্পণ কৰিব পাৰে আৰু পিছত ইয়াক নিজৰ ওচৰত সুৰক্ষিতভাৱে ৰাখিব পাৰে। ৪. এই দিনটোত শিক্ষা আৰু জ্ঞানৰ বাবে বিদ্যাৰ্থীসকলে মা সৰস্বতীৰ উপাসনাও কৰা উচিত, তাৰ ফল শুভ হয়। মা ব্ৰহ্মচাৰিণীৰ ভোগ নৱৰাত্ৰিৰ দ্বিতীয় দিনা মাক চেনিৰ ভোগ অৰ্পণ কৰক আৰু ভোগ অৰ্পণৰ পিছত ঘৰৰ সকলো সদস্যৰ মাজত বিতৰণ কৰক। পৌৰাণিক কাহিনী অনুসৰি, দেৱী পাৰ্বতীয়ে দক্ষ প্ৰজাপতিৰ ঘৰত ব্ৰহ্মচাৰিণীৰ ৰূপত জন্ম লৈছিল। দেৱী পাৰ্বতীৰ এই ৰূপ সন্তৰ দৰে আছিল। এবাৰ তেওঁ ভগৱান শিৱক প্ৰসন্ন কৰাৰ বাবে ঘোৰ তপস্যা কৰাৰ পণ ল’লে। হাজাৰ বছৰলৈ চলিল এই তপস্যা। ভীষণ গৰম, প্ৰচণ্ড ঠাণ্ডা আৰু ধুমুহা-বৰষুণেও তেওঁৰ তপস্যাৰ সংকল্প ভংগ কৰিব নোৱাৰিলে। কোৱা হয় যে দেৱী ব্ৰহ্মচাৰিণী কেৱল ফল, ফুল আৰু বিল্বপত্ৰ খাই হাজাৰ বছৰলৈ জীৱিত আছিল। যেতিয়া ভগৱান শিৱই নামািনলে তেতিয়া এই সমগ্ৰীসমূহো ত্যাগ কৰে আৰু ভোজন নকৰাকৈ নিজৰ তপস্যা অব্যাহত ৰাখিলে। এবাৰ দেৱী ব্ৰহ্মচাৰিণীৰ এই তপস্যাত প্ৰসন্ন হৈ ব্ৰহ্মাই বৰদান দি কৈছিল যে তেওঁৰ দৰে কঠোৰ তপ আজিলৈ কোনো কৰা নাই। তোমাৰ এই অলৌকিক কৰ্ম চাৰিওফালে প্ৰশংসিত হৈছে। তোমাৰ মনোকামনা নিশ্চিতভাৱে পূৰণ হ’ব। ভগৱান শিৱক তুমি স্বামী হিচাপে নিশ্চয় পাবা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.