NEWS

ৰাভা হাছঙক লৈ হঠাৎ বিজেপিৰ তৎপৰতা বৃদ্ধি

ৰাভা হাছঙৰ ৰাজধানী স্বৰূপ দুধনৈত হঠাৎ বিজেপিৰ তৎপৰতা বৃদ্ধি৷ সমাগত পৰিষদীয় নিৰ্বাচন আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিলৈ আদৰণি বহিষ্কৃত প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাক৷ বুধবাৰে হঠাৎ দুধনৈত দীপক ৰাভাক সাক্ষাৎ কৰে ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই৷ তাৰ পিছ দিনাখনেই অৰ্থাৎ বৃহস্পতিবাৰে বাজপেয়ী ভবনত বিজেপিত পুনৰ এবাৰ যোগদান কৰে প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে৷ শেহতীয়াকৈ বিভিন্ন মহলত চৰ্চা চলিছিল দীপক কুমাৰ ৰাভাই কংগ্ৰেছত যোগ দিব। কিন্তু সকলোবোৰ নস্যাৎ কৰি একপ্ৰকাৰ দুধনৈৰ ৰাজনীতিত সকলোকে আচৰিত কৰি বিজেপিত যোগ দিয়াৰ পিছতে এতিয়া দুটাকৈ বিষয়ে পুনৰ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে৷ ২০২১ চনত দলৰ হৈ টিকট লাভ নকৰাত নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াই ১৬ হেজাৰতকৈ অধিক ভোট লাভ কৰিছিল৷ যিখিনি ভোটে বিজেপি প্ৰাৰ্থীগৰাকীক হৰুওৱাত অথবা কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক জিকোৱাত যথেষ্ট সহায়ক হৈছিল৷ সেই সময়তে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বা দলীয় নীতি-নিয়ম নমনাৰ অভিযোগ তুলি বিজেপিৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰিছিল দীপক ৰাভাক। তাৰ পিছতে দীপক ৰাভাক বিজেপিলৈ ঘূৰাই অনাৰ মূল কাৰণ হিচাবে যদি চোৱা যায় তেন্তে হয়টো আগন্তুক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে! এই মূহূৰ্ত লৈকে ৰাভা হাছং যৌথ সংগ্ৰামৰ সৈতে মিত্ৰতাত থকা বিজেপিয়ে নতুন ৰণ কৌশল প্ৰস্তুত কৰিছে নেকি! নে বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত পৰাজয় বৰণ কৰা দুধনৈৰ আসনখন পুনৰ বিজেপিলৈ ঘূৰাই অনাৰ বাবে এই তৎপৰতা? যি সময়ত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জনাজাত টংকেশ্বৰ ৰাভা আৰু দীপক ৰাভাৰ মাজৰ সম্পৰ্ক সুমধুৰ নহয়! তেনেক্ষেত্ৰত কি কাৰণ থাকিব পাৰে হঠাৎ ৰাজ্যিক সভাপতিগৰাকীয়ে দুধনৈত আহি দীপক ৰাভাক সাক্ষাৎ কৰি এদিনতে বিজেপিত যোগদান কৰোৱাৰ উদ্দেশ্য? None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.