NEWS

Riyan Parag : আকৌ চমক দিব ৰিয়ান পৰাগে! ৰিয়ানৰ সন্মুখত আন এক সোণালী সুযোগ! বাংলাদেশৰ বিৰুদ্ধে T-20 শৃংখলাত পাব পাৰে স্থান

ঘৰুৱা ক্ৰিকেটত বেটে-বলে জিলিকি উঠা ৰিয়ান পৰাগৰ সন্মুখত আন এক সুৰ্বণ সুযোগ। ভাৰতীয় জাতীয় দলৰ জাৰ্ছী পিন্ধিবলৈ আকৌ এবাৰ সাজু হৈছে অসম সন্তান ৰিয়ান। বিগত বৰ্ষৰ ঘৰুৱা ক্ৰিকেটৰ টুৰ্নামেণ্টসমূহকে ধৰি IPLত ৰিয়ানে দাঙি ধৰা চমকপ্ৰদ প্ৰদৰ্শনৰ পিছতে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত হিচাপে ৰিয়ানৰ নাম উচ্চাৰিত হৈছে। ইতিমধ্যে জিম্বাৱ’ৱেৰ বিৰুদ্ধে T-20ত অভিষেক ঘটোৱাৰ পিছত শ্ৰীংলকা ভ্ৰমণত এদিনীয়াতো খেলিঠিল ৰিয়ানে। বেটে-বলে উজলি উঠিছিল ৰিয়ান। তাৰ পিছতে BCCIৰ দ্বাৰা অনুষ্ঠিত ঘৰুৱা টুৰ্ণামেণ্ট দুলীপ ট্ৰফীত ইণ্ডিয়া এ দলত স্থান লাভ কৰিছিল ৰিয়ানে। দেওবাৰে দুলীপ ট্ৰফীত চেম্পিয়ন খিতাপ অৰ্জন কৰে ৰিয়ান পৰাগ থকা ইণ্ডিয়া-এ দলে। ৰিয়ানৰ বেটৰ পৰা আহে ৭৩ ৰাণৰ এটা অতি গুৰুত্বপূৰ্ণ ইনিংছ। এতিয়া পুনৰ ৰিয়ানক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে সাজু হ’বলৈ ইংগিত দিছে BCCI-এ। আগন্তুক বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা T-20 শৃংখলাত টীম ইণ্ডিয়াৰ মূল একাদশত ৰিয়ানে স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। দুলীপ ট্ৰফীৰ খিতাপ দখলৰ কৰাৰ পিছতে চেন্নাইৰ পৰা পোনে পোনে হায়দৰাবাদলৈ উৰা মাৰে ৰিয়ান পৰাগ। ৰিয়ানৰ লক্ষ্য স্থিৰ। যিকোনো প্ৰকাৰে বাংলাদেশৰ বিৰুদ্ধে T-20 শৃংখলাত স্থান লাভ কৰিব লাগে। যাৰ বাবে আগন্তত ১০ দিন ৰিয়ানে NCAৰ HPCতে কঠোৰ অনুশীলন চলাব। অভিজ্ঞ ক্ৰিকেটাৰৰ তত্বাৱধানত নিজকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে অধিক সাজু কৰিব বিচাৰিছে ৰিয়ানে। কিয়নো ইতিমধ্যে জিম্বাৱ’ৱে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে খেলা শৃংখলাত ৰিয়ানে অলৰাউণ্ড প্ৰদৰ্শনেৰে নিজৰ চমক বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। সেয়া ধাৰা অনাগত দিনতো অব্যাহত ৰখাৰ চেষ্টা চলাব ৰিয়ানে। ৰিয়ান পৰাগক লৈ আশাবাদী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ৰাজেশ বৰা। ৰাজেশ বৰাই সন্মুখত কয় যে বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় T-20 শৃংখলাত অলৰাউণ্ড প্ৰদৰ্শন কৰিব ৰিয়ানে। ৰিয়ানক লৈ আশাবাদী ৰিয়ানৰ পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱা। উল্লেখ্যযে অহা ৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ T-20 শৃংখলা। ৬ অক্টোবৰত গোৱালিয়াৰ, ৯ অক্টোবৰত দিল্লী আৰু ১২ অক্টোবৰত হায়দৰাবাদত অনুষ্ঠিত হ’ব T-20 শৃংখলাৰ মেচ তিনিখন। সকলোৰে চকু থাকিব ৰিয়ানৰ ওপৰত। অসমবাসীৰ আশা ভাৰতীয় জাতীয় দলত স্থান নিগাজি কৰক ৰিয়ান পৰাগে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.