NEWS

ICC Womens T20 World Cup 2024: আশংকা সত্য হ’ল! বাংলাদেশত অনুষ্ঠিত নহয় এইবাৰৰ মহিলা টি-২০ বিশ্বকাপ! মহিলা টি-২০ বিশ্বকাপৰ স্থানক লৈ ডাঙৰ সিদ্ধান্ত ল’লে ICCএ!

অৱশেষত ক্ৰিকেট অনুৰাগীয়ে চিন্তিত হৈ থকা কথাটো সত্য হ’ল। বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ পিছতে আগন্তুক ICC মহিলা টি-২০ বিশ্বকাপৰ স্থানক লৈ চিন্তা-চৰ্চা কৰি আছিল ICCএ। বাংলাদেশত অনুষ্ঠিত হোৱাৰ কথা আছিল এইবাৰৰ মহিলা টি-২০ বিশ্বকাপ। টি-২০ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ পূৰ্বে বাংলাদেশত হোৱা অশান্তজৰ্জৰ পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছিল ICCকো। টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ দুটা মাহ পূৰ্বে অৱশেষত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ICCএ। বাংলাদেশৰ পৰা মহিলা টি-২০ বিশ্বকাপ স্থানান্তৰ কৰাৰ সিদ্ধান্ত ল’লে ICCএ। ১০টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপ ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। ২০ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল এইবাৰৰ মহিলা টি-২০ বিশ্বকাপৰ ফাইনেল। মূলত বাংলাদেশৰ ঢাকা আৰু চিলেটত অনুষ্ঠিত হোৱাৰ কথা আছিল এইবাৰৰ মহিলা টি-২০ বিশ্বকাপৰ মেচ। বাংলাদেশৰ পৰিৱৰ্তে সংযুক্ত আৰৱ আমিৰশ্বাহী চমুকৈ UAEত অনুষ্ঠিত হ’ব এইবাৰৰ মহিলা টি-২০ বিশ্বকাপ। আৰু পঢ়ক: লাহে লাহে মুখা খোল খাইছে প্ৰৱঞ্চক দীপাংকৰ আৰু প্ৰেয়সীৰ, কেৱল অসমতে নহয়, দেশৰ বাহিৰতো আছিল বিনিয়োগ, টকা বিচাৰি হাহাকাৰ গ্ৰাহকৰ ICCৰ মুখ্য কাৰ্যবাহী জিঅফ এলাৰ্ডাইছে এক বিবৃতিত কয় যে, ‘‘বাংলাদেশত এইবাৰৰ মহিলাৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত নহয়। ICCৰ এই সিদ্ধান্তত কোনো আপত্তি দৰ্শোৱা নাই বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে। আমি আশা কৰিছো যে অতি শীঘ্ৰে বাংলাদেশত ICCৰ ইভেণ্ট আয়োজন হ’ব। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ। ইমান কম সময়ৰ ভিতৰতে টুণাৰ্মেণ্টখন অনুষ্ঠিত কৰাৰ দায়িত্ব লোৱাৰ বাবে তেওঁলোকক ধন্যবাদ।” উল্লেখ্য যে ২০১৪ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হৈছিল বাংলাদেশত। ২০১৪ চনৰ টি-২০ বিশ্বকাপ ফাইনেল ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছিল। ২০১৪ চনত ভাৰতক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল শ্ৰীলংকাই। আৰু পঢ়ক: কোটি কোটি টকা লুটি পলায়ন কৰা মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক আটক, বাতিল কৰা হৈছে দীপাংকৰৰ ভিছা বাংলাদেশৰ পৰিৱৰ্তে ভাৰতত এইবাৰৰ মহিলা টি-২০ বিশ্বকাপ আয়োজন কৰা হ’ব বুলি প্ৰথম অৱস্থাত জল্পনা-কল্পনা আৰম্ভ হৈছিল। কিন্তু ভাৰতে মহিলা টি-২০ বিশ্বকাপৰ আয়োজনৰ সিদ্ধান্ত অস্বীকাৰ কৰিছিল। আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে জৰুৰীভাৱে অন্য এক পৰিকল্পনা প্ৰস্তুত কৰিব লগা হয়। আৰু পঢ়ক: ভুৱা ডিএছপি, ভুৱা চিবিআই বিষয়াৰ পিছত এইবাৰ ওলাল ভুৱা SSB জোৱান, ৰাইজৰ প্ৰশ্নবানত পোহৰলৈ আহিল প্ৰকৃত ঘটনা The ninth edition of ICC Women’s #T20WorldCup to be held in October 2024 has been relocated to a new venue. Details 👇 পৰৱৰ্তী সময়ত UAEক এইবাৰৰ মহিলা টি-২০ বিশ্বকাপৰ স্থান হিচাপে চূড়ান্ত কৰা হ’ল। পূৰ্বে ক’ৰণাৰ সময়ত ২০২০ৰ সম্পূৰ্ণ IPL আৰু ২০২১ৰ IPLৰ কেইবাখনো মেচত UAEত অনুষ্ঠিত হৈছিল। ২০২০ চনত ভাৰত অনুষ্ঠিত হ’ব লগা টি-২০ বিশ্বকাপো UAEত অনুষ্ঠিত হৈছিল। উল্লেখ্য যে ২০২০ৰ টি-২০ বিশ্বকাপৰ মেচসমূহ ২০২১ চনত অনুষ্ঠিত হৈছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.