NEWS

Navaratri 2024: নৱৰাত্ৰিৰ ৯টা দিনত দেৱী দুৰ্গাৰ ৯টা ৰূপক কিয় পূজা কৰা হয়? কোনদিনা কেনেকৈ পূজা কৰিলে সুফল পাব আপুনি?

নৱৰাত্ৰিৰ ৯টা দিনত ৯ গৰাকী মাক পূজা কৰা হয়। কোনদিনা কেনেকৈ পূজা কৰিলে সুফল পাব? নৱৰাত্ৰিৰ ৯ দিনত কেনেকৈ পূজা অৰ্চনা আগবঢ়ালে ভাল ফল লাভ কৰিব সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে জ্যোতিষী ড০ পৰশমণি শৰ্মাই। তেওঁ উল্লেখ কৰা অনুসৰি, নৱৰাত্ৰিৰ ৯টা দিনত ৯গৰাকী মাক পূজা কৰা হয়।প্ৰত্যেক দিনে এগৰাকী মাৰ ৰূপত দুৰ্গাক পূজা কৰা হয়। ১) প্ৰথম দিনটোত মা শৈল্যপুত্ৰীক পূজা কৰা হয়। মাক কুমাৰী ৰূপত পূজা কৰা হয়। নিজৰ লগতে ঘৰৰ সকলোৰে সৰ্বদোষ নিৰাময়ৰ কাৰণে মা শৈল্যপুত্ৰীক পূজা কৰা হয়। হালধীয়া বস্ত্ৰ পৰিধান কৰি জবা ফুলৰ মালা যদি মাক দিয়ে লগতে ঘিৰে বনোৱা যিকোনো বস্তু বা ঘিউৰ চাকি দিয়ে মা প্ৰসন্ন হয়। ২) দ্বিতীয় দিনা মাক ব্ৰহ্মচাৰিণী ৰূপত পূজা কৰা হয়। ব্ৰহ্মচাৰিণী মানে স্ত্ৰী ৰূপত গুৰু। মাক গুৰু ৰূপত পূজা কৰা হয়। দীৰ্ঘায়ুপ্ৰাপ্তীৰ কাৰণে বা জ্ঞান অৰ্জনৰ কাৰণে মা ব্ৰহ্মচাৰিণীক পূজা কৰা হয়। যদি বগা মিঠাই ব্ৰহ্মচাৰিণীক দিয়া হয় লগতে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰি ইন্দ্ৰমালতী ফুলৰ মালা বা ইন্দ্ৰমালতী ফুল মাক দিয়ে তেতিয়া হ’লে মা প্ৰসন্ন হয়। ৩)তৃতীয় দিনা চন্দ্ৰধন্দ্ৰা দেৱীৰ ৰূপত মা দুৰ্গাক পূজা কৰা হয়। চন্দ্ৰধন্দ্ৰা আছিল চাৰিখন হাতযুক্ত এনেকুৱা এগৰাকী দেৱী যি ঘণ্টা বজায় গোটেই বিশ্বক আচৰিত কৰি তুলিছিল। সকলোধৰণৰ দুখ-দুৰ্গতি নাশ কৰিবৰ বাবে চন্দ্ৰধন্দ্ৰা দেৱীক পূজা কৰা হয়। সেইদিনা মটিয়া(Brown) বা ধূসৰ(Gray) ৰঙৰ কাপোৰ পৰিধান কৰি পদুম ফুল যদি মাক অৰ্পন কৰে লগতে গাখীৰে তৈয়াৰ কৰা যিকোনো সামগ্ৰী দিয়ে তেতিয়া হ’লে মা প্ৰসন্ন হয়। ৪) চতুৰ্থ দিনা মাক স্মন্দ্ৰা ৰূপত পূজা কৰা হয়। মানসিক শান্তি, উদ্যম, প্ৰেৰণা আদি বৃদ্ধিৰ বাবে স্মন্দ্ৰা দেৱীক পূজা কৰা হয়। দেৱী স্মন্দ্ৰাৰ হাঁহিত বিশ্ব ব্ৰহ্মাণ্ড কঁপি যায় বুলি উল্লেখ আছে। মালপোৱা ভোগ স্মন্দ্ৰা দেৱীক দিব পাৰে। কমলা ৰঙৰ কাপোৰ পৰিধান কৰি চামেলি ফুলৰ মালা বা চামেলি ফুলৰ তেলৰ চাকি লগালে মা প্ৰসন্ন হয়। ৫) পঞ্চমী দিনা স্কন্দমাতাৰ ৰূপত মা দুৰ্গাক পূজা কৰা হয়। স্কন্দমাতাই ভক্তসকলক নিজৰ সন্তানৰ দৰে পালন কৰে। শাৰীৰিক কষ্ট দূৰ কৰিবৰ বাবে মাক পূজা কৰা হয়। কলৰ ভোগ মাক দিব পাৰে। বগা ৰঙৰ কাপোৰ পৰিধান কৰি মাক গোলাপ ফুল বা মালা দিলে মা প্ৰসন্ন হয়। ৬) ষষ্ঠী দিনা কাত্ৰায়িনী ৰূপত মাক পূজা কৰা হয়। শ্ৰীকৃষ্ণক পাবৰ বাবে গোপীসকলে কাতয়িনী দেৱীকে পূজা কৰিছিল। কাত্ৰায়িনী দেৱীক পূজা কৰোঁতে ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰি পূজা কৰিলে ভাল। আৰু নাৰ্জি ফুলৰ মালা দিব পাৰিলে ভাল। মৌ আৰু মিঠাপান কাত্ৰায়িনী দেৱীৰ প্ৰিয়। গতিকে মৌ আৰু মিঠাপান মাক দিব পাৰে। ৭) সপ্তমী দিনা মাক কালৰাত্ৰি ৰূপত পূজা কৰা হয়। ব্লেক মেজিক দূৰ কৰিবৰ বাবে কালৰো কাল কালৰাত্ৰি দেৱীক পূজা কৰিব পাৰে। ১০৮ টা গুলনেমুৰ মালা দিব পাৰে, মিঠৈ দিব পাৰে, নীলা অপৰাজিতা ফুল মাক দিব পাৰে লগতে নীলা ৰঙৰ কাপোৰ পৰিধান কৰি যদি মাৰ ওচৰত যায় তেতিয়া হ’লে ভাল ফল পোৱা যায়। ৮) অষ্টমী দিনা মাক মহা গৌৰী ৰূপত পূজা কৰা হয়। মহা গৌৰী হৈছে সমাজৰ সকলো অশান্তি দূৰ কৰা দেৱী। যিসকলে সন্তানহীনতাত ভুগি আছে তেওঁলোকে সেইদিনা মাক পূজা কৰিলে ভাল। গুলপীয়া ৰঙৰ কাপোৰ পৰিধান কৰি নাৰিকলৰ ভোগ দিব পাৰে, তগৰ ফুল বা মালা দিব পাৰে। মাক দিয়া নাৰিকল ঘৰত আনি খাব নালাগে। অষ্টমীত নাৰিকল খোৱা বাধা আছে।৯) নৱমী দিনাখন মাক সিদ্ধিদাত্ৰী ৰূপত পূজা কৰা হয়। নৱৰাত্ৰিৰ ৯টা দিন ব্ৰত ৰাখি যি মাক পূজা কৰা হয় সেইখিনি সাৰ্থকতাৰ বাবে মাক সিদ্ধিদাত্ৰী ৰূপত পূজা কৰা হয়। বেঙুনীয়া ৰঙৰ কাপোৰ পৰিধান কৰি চম্পা ফুলৰ মালা দিব পাৰে, দুটা ডালিম মাৰ চৰণত দিব পাৰে তেতিয়াও আপোনাৰ কাৰণে ভাল।যদিহে এইখিনি আপুনি একো কৰিব পৰা নাই তেতিয়া হ’লে ৰঙা কাপোৰ পৰিধান কৰি মাৰ চৰণত ৰঙা ফুল দিব পাৰে আৰু যিকোনো বগা মিঠাই মাক দিব পাৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.