NEWS

Navaratri 2024: কেতিয়াৰ পৰা আৰম্ভ হয় শাৰদীয় নৱৰাত্ৰিৰ উদযাপন? শ্ৰীৰামে কিয় ৰাখিছিল নৱৰাত্ৰিৰ ৯টা ব্ৰত?

When was the First Navratri Vrat Observed দেশজুৰি আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ। ৰাজ্যৰো বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰত প্ৰতিপদ তিথিৰে পৰা আৰম্ভ হৈছে মা দুৰ্গাৰ পূজা অৰ্চনা। ৯ দিনীয়া এই নৱৰাত্ৰিৰ উৎসৱ মা দুৰ্গাৰ প্ৰতি উৎসৰ্গিত। নৱৰাত্ৰিত ন দিন ব্ৰত পালন কৰি দেৱীৰ নটা ৰূপক পূজা কৰি মাতৃ দুৰ্গাই সন্তুষ্ট হৈ সাধকক আশীৰ্বাদ প্ৰদান কৰে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ নটা ৰূপক পূজা অৰ্চনা কৰে। দেৱী দুৰ্গাক সন্তুষ্ট কৰাৰ বাবেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ বাহিৰেও ৯ দিন ব্ৰত পালন কৰা হয়। কিন্তু নৱৰাত্ৰিৰ উদযাপন কেতিয়া কেনেকৈ আৰম্ভ হ’ল জানেনে? কোনে প্ৰথমে নৱৰাত্ৰি ব্ৰত পালন কৰিছিল জানেনে? শাস্ত্ৰ অনুযায়ী ৰাৱণক পৰাস্ত কৰিবলৈ ভগৱান ৰামেও ন দিন উপবাস ৰাখিছিল।ৰাৱণ বধ কৰাৰ আগতে ভগৱান শ্ৰীৰামে অশ্বিনী প্ৰতিপদৰ পৰা নৱমীলৈকে ঋষ্যমূক পৰ্বতত দেৱী দুৰ্গাক পূজা কৰিছিল আৰু ইয়াৰ পিছত দশমীৰ দিনা কিষ্কিন্ধাৰ পৰা লংকালৈ গৈ ৰাৱণক বধ কৰিছিল।ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শ্ৰীৰামে আধ্যাত্মিক শক্তি লাভ কৰাৰ লগতে শত্ৰুক পৰাজয় আৰু ইচ্ছা পূৰণৰ বাবে ৯ দিন উপবাসে মাদুৰ্গাৰ পৰা আশীৰ্বাদ লাভ কৰিছিল। ধৰ্ম শাস্ত্ৰ অনুযায়ী শাৰদীয় নৱৰাত্ৰি ভগৱান ৰামে আৰম্ভ কৰিছিল আৰু ভগৱান ৰামে ৯ দিন একো নোখোৱাকৈ মা দুৰ্গাক পূজা অৰ্চনা কৰিছিল। নৱৰাত্ৰিৰ এই ৯টা দিনত দেৱী দুৰ্গাৰ শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৰূপৰ পূজা কৰা হয়। মাতৃ ভক্তসকলে মাতৃ দেৱীক সন্তুষ্ট কৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ বিচাৰি ৯ দিন ধৰি কঠোৰ উপবাস পালন কৰে। এই ব্ৰতত পানী, ফল-মূল, মিঠাই আৰু এটা সময়ত নিৰামিষ খাদ্য সেৱন কৰি এই ব্ৰত পালন কৰে ভক্তই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.