NEWS

Navaratri: যদি আপুনি নৱৰাত্ৰিৰ ব্ৰত ৰাখিব পৰা নাই তেতিয়া হ'লে কি কি কাম কৰিব? কি পৰামৰ্শ দিলে জ্যোতিষীয়ে?

যদি আপুনি নৱৰাত্ৰিৰ ব্ৰত ৰাখিব পৰা নাই তেতিয়া হ'লে কি কি কাম কৰিব? যদি আপুনি নৱৰাত্ৰিৰ ৯টা দিন ব্ৰত ৰাখিব পৰা নাই তেতিয়া হ’লে ৯টা দিন আপুনি কি কি কাম কৰিব? এই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে জ্যোতিষী ড০ পৰশমণি শৰ্মাই। তেওঁ উল্লেখ কৰা অনুসৰি, প্ৰতিদিনে আপুনি এগচি ঘিউ চাকি মাৰ চৰণত দিব পাৰে। নৱৰাত্ৰিৰ এইকেইটা দিনত কুমাৰী ছোৱালীক কিবা দিব পাৰে। নৱৰাত্ৰিৰ এইকেইটা দিনত ডাৰি, চুলি, নখ নাকাটিব। পৰাপক্ষত কাপোৰ নিচিলাব। নৱৰাত্ৰিৰ ৯টা দিন ব্ৰহ্মচাৰ্য অৰ্থাৎ শাৰীৰিক সম্পৰ্ক নকৰিব। নৱৰাত্ৰিৰ দিনকেইটাত পৰাপক্ষত দিনত শুব নালাগে। যদি ব্ৰত ৰাখিছে তেতিয়া হ’লে দিনত একেবাৰে শুব নালাগে। দুৰ্গা মাৰ চালিছা, দুৰ্গা মন্ত্ৰ আদি পাঠ কৰিব পাৰে। নৱৰাত্ৰিৰ ৯টা দিনত মাক যিমান পাৰে ৰক্ত জবা, ৰঙা বস্ত্ৰ যদি দিয়ে তেতিয়া আপোনাৰ কাৰণে ভাল। ঘৰলৈ এইকেইটা দিনত ৰঙা সামগ্ৰী আনিব পাৰে। ৰঙা পৰ্দা, ৰঙা লিপষ্টিক আদি এনেধৰণৰ ৰঙা বস্তু আনিব পাৰে। নৱৰাত্ৰিৰ সময়খিনিত আম গছ ৰোৱা হয়। এই আম গছ যদি ভৱিষ্যতে পঞ্চপল্লৱ হিচাপে ব্যৱহাৰ কৰে তেতিয়া হ’লে আপোনাৰ কাৰণে বহুত বেছি ভাল হয়।এইকেইদিন ঘৰত কাজিয়া-পেচাল নকৰিব। পাৰিলে ব্ৰত ৰাখিব লাগে। যদি ব্ৰত ৰাখিব পৰা নাই তেতিয়া হ’লে নিজক শুদ্ধ কৰিবলৈ ইতিবাচক কথা চিন্তা কৰিব পাৰে, ধনাত্মক কথা ভাবিব পাৰে। কোনোধৰণৰ নেতিবাচক কথা এইকেইটা দিনত নাভাবিব। ইতিবাচক কিতাপ পঢ়িব পাৰে, ইতিবাচক ভিডিঅ’‌ চাব পাৰে। এইকেইটা দিনত দুখীয়া মানুহক যদি সহায় কৰে, মিঠাই বা ভাল ভাল বস্তু বিতৰণ কৰিব পাৰে তেতিয়া আপোনাৰ কাৰণে ভাল। এইকেইটা দিনত শিৱ মন্দিৰ দৰ্শন কৰিলেও ভাল। এইকেইটা দিনত মাৰ গুণানুকীৰ্তন, শিৱ বাবাৰ গুণানুকীৰ্তন কৰিব লাগে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.