NEWS

ডায়েবেটিছ নিয়ন্ত্ৰণত কৰিবলৈ কৰক এইকেইটা আসন!

আজিকালি প্ৰায় লোকে ডায়েবেটিছ ৰোগত ভোগা দেখা যায়। যদিহে আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত তেতিয়া হ’লে যোগাভ্যাস কৰিব পাৰে। যোগাভ্যাসে দ্বাৰা বহু পৰিমাণে ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পাৰিব? পিছে ডায়েবেটিছ ৰোগীয়ে কি কি আসন অভ্যাস কৰিব পাৰে? এই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় যোগ বিশেষজ্ঞ অনিল হাজৰিকাই। তেওঁ ডায়েবেটিচ নিয়ন্ত্ৰণৰ বাবে কেইবাটাও আসনৰ কথা উল্লেখ কৰে। প্ৰথম আসনটো হৈছে ভুজঙ্গাসন। ভুজঙ্গাসনটো অভ্যাস কৰিবলৈ প্ৰথমতে আপুনি পেট পেলাই শুব লাগিব। ভৰি পতা পেলাই দিব লাগে, দুয়োখন হাত বুকুৰ দুয়োকাষত ৰাখিব লাগে, হাতৰ কিলাকুটি মেথত স্পৰ্শ হ’ব লাগিব। লগতে থুতুৰী মাটিত লাগি থাকিব লাগিব। তাৰ পাছত উশাহ লৈ লৈ বুকুখন ওপৰলৈ উঠাই দিব। ৫ৰ পৰা ১০ ছেকেণ্ড উশাহ বন্ধ ৰাখি তাৰ পাছত উশাহ এৰি এৰি বুকুখন আকৌ তললৈ নমাব‌ লাগে। এই আসনটো দৈনিক ১০ বাৰকৈ অভ্যাস কৰিব লাগে। দ্বিতীয়তে শলভাস। এই আসনটো কৰিবলৈ হাত দুখন ভৰিৰ তলত ৰাখিব লাগে। থুতুৰী মেতত স্পৰ্শ হৈ থাকিব,ভৰি পতাটো পেলাই ৰাখিব লাগে। লাহেকৈ উশাহ লৈ দুয়োখন ভৰি ওপৰলৈ উঠাব লাগে। তাৰ পাছত স্বাভাৱিক উশাহ-নিশাহত ৫ৰ পৰা ১০ ছেকেণ্ড সময় এই মুদ্ৰাত থাকিব লাগে। তাৰ পাছত উশাহ এৰি এৰি ভৰি দুখন নমাই দিব লাগে। এনেকৈ এই আসনটো দৈনিক ৬ বাৰকৈ অভ্যাস কৰিব লাগে। তৃতীয়তে জানু শিৰশাসন। প্ৰথমতে দণ্ডাসনত বহিব লাগে। তাৰ পাছত সোঁ ভৰিৰ পতাটো নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বাওঁ ভৰিত লগাব। বাওঁ ভৰিৰ পতাটো গাৰ ফালে টানি ৰাখিব। তাৰ পাছত উশাহ লৈ হাত দুখন ওপৰলৈ উঠাব। উশাহ এৰি এৰি লাহেকৈ তললৈ আহিব। হাত দুখনে বাওঁ ভৰিৰ পতাটো ধৰিব। আৰু চেষ্টা কৰিব যাতে কপালখন আঁঠুত লগাব পাৰে। স্বাভাৱিক উশাহ-নিশাহত ৫ৰ পৰা ১০ ছেকেণ্ড এই আসনত থাকিব লাগে। তাৰ পাছত পুনৰ উশাহ লৈ লৈ ওপৰলৈ উঠি আহিব লাগে। তাৰ পাছত একে ধৰণে বিপৰীত দিশতো কৰিব লাগে। সোঁ ভৰি আৰু বাওঁ ভৰি মিলি এই আসনটো এবাৰ হয়। আৰু এনেদৰে দৈনিক ৬ বাৰকৈ অভ্যাস কৰিব লাগে। এই আসন সমূহ কৰি আপুনি আপোনাৰ মধুমেহ অৰ্থাৎ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.