NEWS

মুম্বাইত মৃতদেহ উদ্ধাৰ হোৱা অভিনেত্ৰী মালবিকা দাসৰ ঘৰ অসমৰ ক'ত?

বলীউডৰ অভিনেত্ৰী কাজলৰ ৱেব ছিৰিজ ‘দ্য ট্ৰায়েল’ ফেম অভিনেত্ৰী অসমৰ নুৰ মালবিকা দাসৰ মৃত্যু হয়। অভিনেত্ৰীগৰাকীৰ মৃতদেহ মুম্বাইৰ লোখণ্ডৱালাস্থিত বাসগৃহত উদ্ধাৰ হয়। যোৱা ৬ জুনত প্ৰাক্তন এয়াৰ হোষ্টেজ তথা অভিনেত্ৰীগৰাকীৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয়। প্ৰতিবেদন অনুসৰি, অভিনেত্ৰীগৰাকীয়ে চূড়ান্ত সিদ্ধান্ত বাচি লৈছিল, কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতহে স্পষ্ট হ’ব মৃত্যুৰ প্ৰকৃত কাৰণ। উল্লেখযোগ্য যে, মুম্বাইত মৃত্যু হোৱা অসমৰ অভিনেত্ৰী নুৰ মালবিকা দাসৰ ঘৰ কৰিমগঞ্জত। আচল ঘৰ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লক্ষীবজাৰৰ নাৰিকুলি গাঁৱত বুলি জানিব পৰা গৈছে। পিতৃ-মাতৃ পৰিয়ালসহ কৰিমগঞ্জ চহৰৰ লক্ষীবাজাৰ ৰোডত ভাৰাতীয়া হিচাপে থাকি পঢ়া-শুনা সম্পন্ন কৰিছিল মালবিকাই। মালবিকাই কৰিমগঞ্জ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি অভিনেত্ৰী হোৱাৰ সপোন বুকুত বান্ধি ২৩ বছৰ বয়সতে মায়ানগৰী মুম্বাইৰ অভিনয়জগতত ভৰি দিছিল। সৰুৰে পৰাই মালবিকাৰ নায়িকা হোৱাৰ সপোন আছিল বুলি পাৰিবাৰিক সূত্ৰই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, নুৰ মালবিকা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কেইবাখনো ৱেব ছিৰিজ, টিভি ছিৰিয়েল আৰু বলীউডৰ ছবিত অভিনয় কৰিছিল। নিজৰ সৌন্দৰ্য আৰু অভিনয়ৰ জৰিয়তে দৰ্শকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছিল নুৰে। মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নুৰে প্ৰাপ্তবয়স্ক আৰু ব’ল্ড ছিৰিজেৰে নিজৰ পৰিচয় বনাইছিল। উল্লু এপৰ কেইবাখনো ৱেব ছিৰিজত দেখা গৈছে অভিনেত্ৰীগৰাকীক। অসমৰ বাসিন্দা নুৰ মালবিকা দাসে উল্লু এপৰ কেইবাখনো ছবি আৰু ছিৰিজত নিজৰ অভিনয়ৰ লগতে ব’ল্ডনেছৰ বাবে জনপ্ৰিয় হৈছিল। ‘বাকমেন’, ‘তীখী চাটনি’, ‘জঘন্যা উপায়’, ‘চৰমসুখ’, ‘দেখী অনদেখী’, ‘বেকৰোড হলচল’ আদিত অভিনয় কৰিছিল মালবিকাই। নুৰ মালবিকাৰ বহু জনপ্ৰিয় ছিৰিজ আছে, যিবোৰ যুৱচামৰ মাজত জনপ্ৰিয়। নিজৰ কেৰিয়াৰত নুৰে বলীউদৰ অভিনেত্ৰী কাজলৰ চৰ্চিত ছিৰিজ ‘দ্য ট্ৰায়েল’ত কাম কৰিছে। এই ছিৰিজত কাজলৰ উপৰি প্ৰখ্যাত বেংগলী আৰু হিন্দী অভিনেতা যীশু সেনগুপ্তায়ো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই ছিৰিজ অ’টিটি প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰত উপলব্ধ। নুৰ মালবিকা দাস সামাজিক মাধ্যমত খুবেই সক্ৰিয় আছিল। কিন্তু তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে কোনো তথ্য পোহৰলৈ অহা নাছিল। সামাজিক মাধ্যমতো অভিনেত্ৰীগৰাকীৰ পৰিয়াল আৰু সংগী সম্পৰ্কত কোনো কথা শ্বেয়াৰ কৰা নাছিল। অৰ্থাৎ এয়া স্পষ্ট যে তেওঁ ব্যক্তিগত জীৱন গোপনে ৰাখিছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.