NEWS

বৰ্ষাবিঘ্নিত কানপুৰত টেষ্টত ভাৰতৰ ইটোৰ পিছত সিটো অভিলেখ, কি কি অভিলেখ গঢ়িলে টীম ইণ্ডিয়াই

ভাৰত-বাংলাদেশৰ মাজত কানপুৰত অনুষ্ঠিত হৈ থকা বৰ্ষাবিঘ্নিত দ্বিতীয় টেষ্টত ইটোৰ পিছত সিটো ৰেক’ৰ্ড গঢ়িলে টীম ইণ্ডিয়াই। বাংলাদেশৰ বিৰুদ্ধে কানপুৰত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত দ্ৰুততম ১০০ ৰান সংগ্ৰহ কৰি ভাৰতে নিজৰে অভিলেখ ভংগ কৰে। মাত্ৰ ১০.১ অভাৰত ভাৰতে ১০০ ৰাণ সংগ্ৰহ কৰি অভিলেখ কৰে। বৰষুণৰ বিধি-পথালিৰ মাজতে অনুষ্ঠিত হোৱা কাণপুৰ টেষ্টত টেষ্ট ক্ৰিকেটৰ ইতিহাসতে দ্ৰুততম অৰ্ধশতক আৰু শতক স্ক’ৰ কৰা দল হিচাপে পৰিগণিত হ’ল ভাৰত। টেষ্টখনৰ চতুৰ্থ দিনটোত ভাৰতীয় ক্ৰিকেট দলটোৱে বেটিং কৰিবলৈ অহাৰ পিছত ৩ অভাৰ নৌহওঁতেই দলীয় স্ক’ৰ হয় ৫০ ৰাণ। তাৰ পাছত ১০.১ অভাৰত দলীয় স্ক’ৰ হয়গৈ ১০০। অৱশ্যে পূৰ্বেও টেষ্ট ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা দলৰ ৰেকৰ্ড আছিল ভাৰতৰ নামতেই। বিগত বৰ্ষত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা এখন টেষ্টত ১২.২ অভাৰতে ১০০ ৰাণ কৰি এই অভিলেখ গঢ়িছিল। চতুৰ্থ দিনটোত বেটিং কৰিবলৈ আহিয়েই ভাৰতীয় বেটছমেন সকলে T-20ৰ দৰে বেটিং কৰিবলৈ ধৰে। কাৰণ শৃংখলা হেৰুৱাৰ ভয় নাই যদিও খেলখনৰ ফলাফল ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। টেষ্ট শৃংখলাটোত বাংলাদেশত ২-০ ব্যৱধানত পৰাস্ত কৰিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে এটা সবল খোজ হ’ব ভাৰতৰ বাবে। যাৰ বাবে বৰষুণৰ বাবে কানপুৰ টেষ্ট আঢ়ৈটা দিন বৰষুণৰ বাবে ব্যাহত হোৱাৰ পিছতো খৰকটীয়াকৈ খেলিবলৈ আৰম্ভ কৰে ভাৰতীয় বেটছমেনসকলে। অপেনিং কৰিবলৈ আহিয়েই হিটমেন ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে T-20ৰ দৰে আৰম্ভণি কৰে ভাৰতীয় ইনিংছৰ। প্ৰথমটো অভাৰতে আহে ১২ ৰাণ। T-20ৰ দৰে ছিক্স-ফ’ৰৰ বৰষুণৰ হ’বলৈ ধৰে। আনহাতে দ্বিতীয়টো অভাৰত ৰোহিত শৰ্মাৰ দুটাকৈ ছিক্সৰ সহায়ত ভাৰতে সংগ্ৰহ কৰে ১৭ ৰাণ। তৃতীয় অভাৰত ভাৰতে সংগ্ৰহ কৰে ২২ ৰাণ। দুয়োৰে বিস্ফোৰক বেটিঙৰ সহয়াত মাত্ৰ ৩ অভাৰতে ভাৰতৰ স্ক’ৰ হয়গৈ ৫১ ৰাণ। খৰটকীয়াকৈ ৰাণ সংগ্ৰহ কৰিবলৈ গৈ ১১টা বলতে ২৩ ৰাণ কৰি আউট হয় ৰোহিত শৰ্মা। জয়ছোৱাল ৫১ বলত ৭২ ৰাণ কৰি আউট হয়। জয়ছোৱালৰ ইনিংছটোত আছিল ১২টা ফ’ৰ আৰু ২টা ছিক্স। শুভমন গীলে ৩৬টা বলত কৰে ৩৯ ৰান। কিং কোহলীয়ে ৪টা ফ’ৰ আৰু এটা ছিক্সৰ সহযোগত ৩৫টা বলত ৪৭ ৰাণ কৰি আউট হয়। মাত্ৰ ৩ ৰাণৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত হয় বিৰাট কোহলি। ইয়াৰ পিছতে ক্ৰিজলৈ অহা কে এল ৰাহুলৰ বেটৰ পৰা আহে ৬৮ ৰাণৰ এটা বিধ্বংসী ইনিংছ। মাত্ৰ ৪৩টা বলতে ৭টা ফ’ৰ আৰু ২টা ছিক্সৰ সহযোগত ৬৮ ৰাণ সংগ্ৰহ কৰে কে এল ৰাহুলে। অৱশেষত ভাৰতে ২৮৫ ৰাণ কৰি ৯টা উইকেট হেৰুৱাৰ সময়তে ইনিংছ ঘোষণা কৰে। সেইসময়ত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ৫২ ৰাণৰ অগ্ৰগতি লৈছিল। প্ৰত্যুত্তৰ দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহিয়েই মুখ-থেকেচা বাংলাদেশৰ। ১১ অভাৰত ২৬ ৰাণৰ দলীয় স্কৰত ২ দুটা উইকেট হেৰুৱাইছে বাংলাদেশে। মঙলবাৰে শেষৰ দিনটোত অধিৰ ৰোমাঞ্চকৰ হ’ব মেচখন। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.