NEWS

মানৱ শৰীৰত গাহৰিৰ কিডনীৰ সফল সংৰোপন, ঘৰলৈ যাবলৈ সাজু ৰোগী

চিকিৎসা বিজ্ঞানত আলোৰনৰ সৃষ্টি কৰি প্ৰথমবাৰৰ কাৰণে গাহৰিৰ Genetically Modified বৃক্ক সংৰোপণ হ’ল মানৱ দেহত। মাৰ্চ মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাচাচুচেট (Massachusets) জেনেৰেল হাস্পতালত সফলভাৱে মানৱ দেহত চিকিৎসকে সংস্থাপন কৰিলে গাহৰিৰ কিডনী। উল্লেখযোগ্য যে এই চিকিৎসালয়খনতে ১৯৫৪চনত প্ৰথমতো Kidney Transplant কৰা হৈছিল। ৬২ বছৰীয়া ৰিক শ্লেমেন নামৰ ৰোগীজন কিডনীৰ ৰোগত ভূগি আছিল। যোৱা ১১ বছৰে সেই চিকিৎসালয়খনতে কিডনীৰ চিকিৎসা চলাই আছিল শ্লেমেনে । ২০১৮চনতে ৰোগীগৰাকীৰ শৰীৰত মানৱ বৃক্ক সংৰোপণ কৰা হৈছিল; কিন্তু ৫ বছৰৰ পিছত সংৰোপিত বৃক্কত জটিলতা বৃদ্ধি পালে। ২০২৩চনৰ পৰা ৰোগীগৰাকীয়ে Dialysis আৰম্ভ কৰিবলগীয়া হ’ল । ইয়াৰ পিছত ডাক্তৰৰ পৰামৰ্শত ৰোগীগৰাকীয়ে গাহৰীৰ বৃক্ক গ্ৰহণ কৰিবলৈ সন্মত হ’ল। আৰু পঢ়ক: IIT গুৱাহাটীত ISIS! ISISৰ লগত জড়িতৰ সন্দেহত IIT গুৱাহাটীৰ আৰু এজন ছাত্ৰক আটক STFৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰে ড৹ টটচাও কাৱাইয়ে (Dr Tatsuo Kawai)। তেওঁক সহযোগ কৰে ১৫জনীয়া এটা চিকিৎসকৰ দলে। অস্ত্ৰোপচাৰৰ পিচত শল্য চিকিৎসক গৰাকীয়ে গাহৰিৰ কিডনীটোক উদ্দেশ্যি কয় – এনে সুন্দৰ কিডনী তেওঁ আগতে দেখা নাই। গাহৰীৰ কিডনীটো ৰোগীৰ দেহত সংৰোপণ কৰি ৰক্ত পৰিবাহী নলীত সংযোগ কৰাৰ মাত্ৰকে কাম কৰিবলৈ আৰম্ভ কৰে। গাহৰিৰ বৃক্কটো মানৱ বৃক্কৰ সম্পুৰ্ণ সমান আছিল বুলিও মন্তব্য কৰে চিকিৎসক গৰাকীয়ে। মানৱ অংগৰ অভাৱ মাৰ্কিন যুক্তৰাষ্টত এটা ডাঙৰ সমস্যা। মাৰ্কিন যুক্তৰাষ্টত প্ৰতিদিনে অংগৰ অভাৱত ১৭জন লোকৰ মৃত্যু হয়। ২০২৩চনত আমেৰিকাত ২৭,০০০ৰোগীৰ শৰীৰত বৃক্ক সংৰোপণ কৰা হৈছিল। ইয়াৰ বিপৰীতে ৮৯০০০লোক অপেক্ষাৰত। সফল Xenotransplantsৰ যোগেদি এই সমস্যাৰ সমধান কৰিব পাৰি। গাহৰিৰ অংগ মানৱ শৰীৰত সংৰোপণৰ এইয়া তৃতীয় প্ৰয়াস। ইয়াৰ পূৰ্বে এজন brain dead ৰোগীৰ শৰীৰত গাহৰিৰ বৃক্ক লগোৱা হৈছিল। উল্লেখযোগ্য যে ১৯৯৭চনৰ ১ জানুৱাৰীত অসমৰ ড৹ ধনীৰাম বৰুৱাই এজন Multiple Organ Failed ৰোগীৰ শৰীৰত গাহৰিৰ হৃদপিণ্ড, বৃক্ক আৰু হওঁফাও সংৰোপণ কৰিছিল । আইন বৰ্হিভুতভাৱে এই কাম কৰাৰ বাবে তেওঁৰ জে’ল হৈছিল । None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.