NEWS

Mahalaya : কাইলৈ মহালয়া! কিদৰে ঘৰত শান্তি-সমৃদ্ধি বজাই ৰাখিব? মহালয়াৰ দিনটোত গোপনে কৰক এই কাম

ঘৰৰ শান্তি সমৃদ্ধিৰ বাবে মহালয়াৰ দিনটোত গোপনে কৰক এই কাম। চাওঁতে চাওঁতে শাৰদী ৰাণী শৰৎ ঋতুৰ আগমন ঘটিল। শৰৎ ঋতু বুলি ক’লেই সকলোৰে মনত অহা এটা কথা হ’ল পূজা-পূজা লগা এক পৰিৱেশ। বিশেষকৈ দুৰ্গা পূজাই সকলোকে উৎসৱমুখৰ এক পৰিৱেশৰ মাজলৈ লৈ যায়। দুৰ্গা পূজাত দুৰ্গা মাৰ আশীৰ্বাদ বিচাৰি ভক্ত সকলে ভিৰ কৰে পূজাস্থলী। ২ অক্টোবৰ তাৰিখে দূৰ্গা পূজাৰ মহালয়া। মহালয়া হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ দিন, বিশেষকৈ দুর্গা পূজাৰ বাবে এটি গুৰুত্বপূর্ণ সূচনা। মহালয়া সাধাৰণতে আহিন মাহৰ কৃষ্ণ পক্ষৰ শেষ দিনত উদযাপিত হয়। মহালয়া মানেই অমাৱস্যাৰ দিনত অনুষ্ঠিত হোৱা এক বিশেষ কাৰ্য, যাক পিতৃপক্ষৰ অন্ত আৰু দেবীপক্ষৰ আৰম্ভণি বুলি ধৰা হয়। আপোনাৰ ঘৰতখনত যদি দৈনিক শান্তি-শৃংখলা অটুত নাথাকি বেমেজালি, খামখেয়ালি হৈ থাকে, তেতিয়া আপুনি মহালয়া দিনটোত কৰিব পাৰে এনেধৰণৰ কিছুমান কাম। ঘৰৰ শান্তি শৃংখলা দূৰ কৰিবলৈ জ্যোতিষী অপূৰ্ব জোনাক দত্তই আগবঢ়াইছে কিছু বিশেষ উপায়। জ্যোতিষী অপূৰ্ব জোনাক দত্তই ব্যক্ত কৰা অনুসৰি, অহা ২ অক্টোবৰত ধৰালৈ আগমণ ঘটিব দেৱী মা দূৰ্গা। এই পবিত্ৰ দিনটো অৰ্থাৎ মহালয়াৰ দিনটোত আপুনি আপোনাৰ ঘৰৰ শান্তি শৃংখলা বৃদ্ধি কৰিবলৈ, ঘৰৰ কাজিয়া পেচাল দূৰ কৰিবলৈ ঘৰৰ পৰিয়ালৰ অন্য সদস্য সকলে নজনাকৈ কৰিব লাগিব বিশেষ এটা কাৰ্য। আপুনি আপোনাৰ ঘৰৰ তুলসী গছ জোপাৰ শিপাৰ একোটা অংশ আনিব সযতনে। ইয়াৰ পিছত এটা কাঁহৰ বাতি লওক। কাঁহৰ বাতিটোত নিৰ্মল বিশুদ্ধ পানী দিয়ক আৰু সংগ্ৰহ কৰি থোৱা তুলসী গছজোপাৰ শিপা অংশ তিয়াই ৰাখক। তুলসীৰ শিপা ডাল পানীত মাজতে বুঢ়া আঙুলিৰে হেচা দি ধৰি লওক। শিপাডাল ধৰি ৰখাৰ সময়তে নিজৰ মনতে দেৱী মাৰ আশীষ বিচাৰি মনৰ কথাখিনি ব্যক্ত কৰক। ঘৰত হৈ থকা অশান্তি সমূহ দূৰ কৰিবলৈ দেৱী মা-দূৰ্গাক প্ৰাৰ্থনা কৰক। আপোনাৰ ঘৰৰ অশুভ শক্তি বিনাশ হওক, ঘৰলৈ শান্তি বৃদ্ধি হওক। এনেকৈ মনতে ভাবি বা স্মৰণ কৰি ঘৰৰ চাৰিওকাষে সেই কাঁহৰ বাতিত থকা পানীখিনি চটিয়াবলৈ যত্ন কৰক। বাতিটোত ৰৈ যোৱা পানীখিনি শেষত তুলসী গছজোপাত ঢালি দিয়ক। এই কাৰ্য আপুনি দিনটোৰ ভাগতে কৰিব।আন্ধাৰ হোৱাৰ পূৰ্বে অৰ্থাৎ বেলি মাৰ যোৱাৰ পূৰ্বে কৰক এই কাম। আপুনি এই কাৰ্য গোপনীয় ভাৱেই ৰাখিব। আপুনি লক্ষ্য কৰিব,লাহে লাহে আপোনাৰ ঘৰৰ শান্তি উভতি আহিছে। পৰিয়ালৰ সদস্য সকলৰ মাজত আন্তৰিকতাই ঠাই পাব। মহালয়া দিনটো আপোনাৰ বাবে যিহেতু শুভ দিন, গতিকে এই কাৰ্য কৰক আৰু পৰিয়ালৰ শান্তি বৃদ্ধি কৰক। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.