NEWS

পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ!

মনোৰঞ্জন জগতত আকৌ বেয়া খবৰ। ২০২৪ চনৰ আৰম্ভণিৰ পৰা ইটোৰ পিছত সিটো বেয়া খবৰ আহি আছে মনোৰঞ্জন জগতলৈ। এগৰাকীৰ পৰা আন এগৰাকী সাংস্কৃতিক জগতৰ লগত জড়িত লোক চিৰ বিদায় লৈ আছে। এইবাৰ অকাল মৃত্যুৰ আকোৱালি ল’লে আন এগৰাকী অভিনেত্ৰীয়ে। অজান দেশলৈ জনপ্ৰিয় অভিনেত্ৰী পবিত্ৰা জয়ৰাম।অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে মনোৰঞ্জন জগতত শোকৰ ছাঁ পেলাইছে। আৰু পঢ়ক: ‘‘তুমি মোক এৰি বেলেগ ছোৱালী চাবা, সেয়া মই ভাবিব নোৱাৰো…’’ চিকিৎসক সুজিতাৰ অন্তিম চিঠিখনত কি কি লিখি গৈছে? অনুৰাগীয়ে মানি ল’ব পৰা নাই অভিনেত্ৰী পবিত্ৰাৰ হঠাৎ বিদায় লোৱাৰ কথাটো। কানাড়া অভিনেত্ৰীগৰাকীয়ে তেলেগু ভাষাত ‘ত্ৰিনায়নী’ ধাৰাবাহিকৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল। ধাৰাবাহিকখনত তিলোত্তমাৰ চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰাই। ১২ মে’ত এক মাৰাত্মক পথ দুৰ্ঘটনাত পবিত্ৰা জয়ৰামৰ মৃত্যু হয়। আৰু পঢ়ক: মাতৃ দিৱসৰ বিপৰীত ছবি! পাষাণ পুত্ৰই জীৱন্ত জ্বলাই দি প্ৰাণ ল’লে জন্মদাত্ৰীৰ তেলেংগানাৰ মাহবুবনগৰ জিলাৰ ভূটপুৰৰ শ্বেৰিপল্লীত সংঘটিত হয় এই দুৰ্ঘটনাটো। পবিত্ৰা জয়ৰামৰ গাড়ীখন ডিভাইডাৰ আৰু বাছৰ সৈতে সংঘৰ্ষত পতিত হয়। দুৰ্ঘটনাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই পবিত্ৰা। দুৰ্ঘটনাটোত পবিত্ৰাৰ পৰিয়ালৰ লোক আৰু চালকজন গুৰুতৰভাৱে আহত হয়। পবিত্ৰা জয়ৰামৰ মৃত্যুৰ খবৰে সমগ্ৰ মনোৰঞ্জন জগতত শোকৰ ছাঁ পৰিছে। আৰু পঢ়ক: মুৰ্গী মাংস খাওঁতে হাড় চোবাই খায় নেকি? তেন্তে সাৱধান! স্বাস্থ্যৰ প্ৰতি আহিব পাৰে ভয়ংকৰ ভাবুকি! কানাড়া টেলিভিছনৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল পবিত্ৰা জয়ৰামে। ‘জোকালী’, ‘ৰবট পাৰিৱৰ’, ‘গালিপাতা’ আৰু ‘ৰাধাৰমন’ আদি ধাৰাবাহিকত অভিনয় কৰিছিল। ‘নিন্নে পেল্লাদাথা’ ধাৰাবাহিকৰে তেলেগু টেলিভিছনত অভিষেক ঘটিছিল যদিও ‘ত্ৰিনায়নী’ত অভিনয় কৰা অভিনয়ে তেলেগু টিভি উদ্যোগত খ্যাতি লাভ কৰিছিল। নেতিবাচক চৰিত্ৰ তিলোট্টামা হিচাপে তেওঁৰ অভিনয়ক বহুল প্ৰশংসা কৰা হৈছিল। পবিত্ৰা জয়ৰামৰ মৃত্যুৰ খবৰে কানাড়া আৰু তেলেগু টিভি উদ্যোগক স্তম্ভিত কৰি তুলিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.