NEWS

সাহিত্য-সংস্কৃতিৰ সাধনাত ব্ৰতী আঁহতগুৰিৰ এগৰাকী দৃষ্টিহীন শিল্পী

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান মৰিগাঁও জিলাৰ আঁহতগুৰিৰ সিধাবাৰীৰ এগৰাকী দৃষ্টিহীন শিল্পী-সাহিত্যিক, তেওঁৰ নাম শিৱ হাজৰিকা। সৰুৰে পৰা নাটক কৰি ভালপোৱা শিৱ হাজৰিকা এতিয়াও ৰাইজৰ মাজত জিলিকি আছে। ১৯৭৯ চনত যেতিয়া বিদেশী বহিস্কাৰ আন্দোলন হৈছিল, তেতিয়া আঁহতগুৰি ছাত্ৰ সন্থাৰ স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক হিচাপে তাত তেওঁ অংশগ্ৰহণ কৰিছিল। সেই আন্দোলন সাফল্যমণ্ডিত কৰিবৰ বাবে মৰিগাঁৱলৈ পদযাত্ৰা কৰোতেই তেওঁ সোঁ-চকুত আঘাত পাইছিল। তাৰপাছত তেওঁক গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰাইছিল যদিও কিছু ভুল চিকিৎসাৰ সন্মুখীন হৈ চকুৰে নেদেখা হৈ পৰিছিল। উল্লেখযোগ্য যে, শিৱ হাজৰিকাই তাৰপিছত এটা চকুৰে নেদেখে যদিও নাটক, সাহিত্য-সংস্কৃতি আদিৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছিল। আনহাতে, ১৯৯১ চনত আহত শিৱ হাজৰিকাই সেই এটা চকুৰে আঁহতগুৰিৰ দুৰ্গা পূজা মন্দিৰত ‘শিৱ শক্তি’ নামৰ এখন নাটক নিজেই পৰিচালনা কৰি এটা চৰিত্ৰতো অভিনয় কৰিছিল। সেই নাটক চলি থকাৰ মাজতে এটা মহিলা চৰিত্ৰই শিৱ হাজৰিকাৰ ভৰিত চাবুক মাৰিব ধৰোতেই বাওঁফালৰ চকুত আহি আঘাত লাগে, লগে লগে চকুৰে তেজ ওলাবলৈ ধৰে। তাৰপিছত হাজৰিকাই তেজ মচি মচিয়েই নাটকখনৰ অভিনয় অব্যাহত ৰাখিছিল। শিৱ হাজৰিকাক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল যদিও বাওঁ চকুৰেও নেদেখা হৈ পৰিছিল। অৱশেষত শিৱ হাজৰিকাই সম্পূৰ্ণৰূপে এই পৃথিৱীৰ পৰা দুয়ো নয়ন হেৰুৱাই পোহৰৰ বাটৰ পৰা এন্ধাৰৰ বাটলৈ গতি কৰিছিল। Local18-ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয়, “মই কেতিয়াও হতাশ নহওঁ, মই নাটক, অভিনয়, সাহিত্য সকলো কাম কৰি আছোঁ আৰু জীয়াই থকালৈকে কৰি যাম এই দৃষ্টিহীন নয়নেৰে।” শৈশৱৰ পৰা তেওঁ বৰ্তমানলৈকে ৯৯ খন একাংকিকা নাট, একাংকিকা আৰ্হি নাটক, ভ্ৰাম্যমাণ, আদিতো অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে। দৃষ্টিহীন শিল্পী শিৱ হাজৰিকা ১২টা বছৰ আঁহতগুৰি শাখা সাহিত্য সভাৰ এক সক্ৰিয় সদস্য আছিল আৰু ২০১৫ চনৰ পৰা ২০১৭ চনলৈকে তেওঁ শাখাৰ সভাপতিৰ দায়িত্বও গ্ৰহণ কৰিছিল। অসমৰ বিভিন্ন প্ৰান্তত নাট্যজগতত তেওঁৰ কলা অব্যাহত ৰাখি বহু সন্মান লাভ কৰি অসম সাহিত্য সভাৰ ‘শতবৰ্ষীয় সংগঠক বঁটা’ও লাভ কৰিছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.